কেৱল টকা লাগে! টকাৰ লোভত স্বামীয়েই কৰিলে এনে কাম

কেৱল টকা লাগে! টকাৰ লোভত স্বামীয়েই কৰিলে এনে কাম

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

কেৱল টকা লাগে! টকাৰ লোভত স্বামীয়েই ভাইৰেল কৰিলে পত্নীৰ ফটো

টকাৰ লোভত স্বামীয়ে কৰিলে নকৰিবলগীয়া কাম। পত্নীৰ সন্মানৰ বাবে শপত লোৱা স্বামীয়েই পত্নীৰ সন্মান উজাৰিলে সামাজিক মাধ্যমত।

পত্নীৰ গোপন সময়ৰ ফটো সামাজিক মাধ্যমত দি টকা উপাৰ্জনৰ অসৎ পন্থা অৱলম্বন ৰিকু আলী নামৰ যুৱকৰ। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পত্নীয়ে।

ইতিমধ্যে সামাজিক মাধ্যম ফেচবুক আৰু ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে পত্নীগৰাকীৰ ফটো। টকাৰ বিনিময়ত স্বামীয়েই পত্নীৰ ফটো অন্য যুৱকলৈ প্ৰেৰণৰ ভয়ংকৰ অভিযোগ তুলিছে ভুক্তভোগী পত্নীয়ে।

তাৰোপৰি স্বামীৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰো অভিযোগ উত্থাপন । টকাৰ বাবেই বিয়া পাতি পৰৱৰ্তী সময়ত ভয়ংকৰ প্ৰৱঞ্চনা বুলি প্ৰকাশ কৰে পত্নীয়ে। ইতিমধ্যে আৰক্ষীৰ ওচৰত ঘটনা সন্দৰ্ভত গোচৰ তৰিছে পত্নীগৰাকীয়ে।

আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি অভিযুক্ত যুৱকজন শিৱসাগৰৰ ৰিকু আলী খান। মহানগৰীৰে এগৰাকী যুৱতীক বিয়া পাতিছিল ৰিকুৱে।

বিয়াৰ পিছৰে পৰা বৰ্তমানলৈ স্বামীয়ে পত্নীৰ পৰা প্ৰায় ১৫ লাখ টকা আত্মসাৎ কৰাৰো অভিযোগ। অভিযুক্ত ৰিকু আলীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল ভুক্তভোগী পত্নীৰ।

লগতে ইয়াকো অভিযোগ উত্থাপন কৰে যে, অন্য বহু যুৱতী, মহিলাৰে সৈতে ৰিকু আলী খানৰ সম্পৰ্ক। পাছে বৰ্তমানে পলাতক অভিযুক্ত ৰিকু আলী খান।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *