সুখেও দুখৰ বন্যা আনে! ৫টা বিষয়ত লেটাৰসহ ৮৮ শতাংশ নম্বৰ লাভ! অথচ এই খবৰ লাভ কৰা পূৰ্বেই ৰমেনে বিদায় জনালে পৃথিৱীক

সুখেও দুখৰ বন্যা আনে! ৫টা বিষয়ত লেটাৰসহ ৮৮ শতাংশ নম্বৰ লাভ! অথচ এই খবৰ লাভ কৰা পূৰ্বেই ৰমেনে বিদায় জনালে পৃথিৱীক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

সুখো দুখ হৈ আহে! এই সুখে আনন্দৰ সলনি বোৱাইছে চকুলো৷ এই সুখ কাৰ সৈতে ভগাই ল’ব? হায়াৰ ছেকেণ্ডাৰীত পুত্ৰৰ সফলতাৰ খবৰ লাভ কৰি ভাঙি পৰিছে এজন পিতৃ৷ পুত্ৰই ৫টা বিষয়ত লেটাৰসহ ৮৮ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিয়ে পাছ কৰিছে৷ কিন্তু এই সুখবৰত আনন্দিত হ’বলৈ এই পৃথিৱীত নাই ৰমেন বিশ্বাস৷

৪দিন পূৰ্বে এই পৃথিৱীক অকালতে বিদায় দিলে ৰমেন বিশ্বাসে৷ বিগত চাৰিদিন পূৰ্বে নগাঁৱৰ পানীখাইতীত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে কৃতি ছাত্ৰজনে৷ কঠিয়াতলীৰ নিৱাসী নাৰায়ণ চৰকাৰ আৰু অনুপমা চৰকাৰৰ পুত্ৰ আছিল ৰমেন৷ ৰমেনে বিজ্ঞান শাখাত ৫টা বিষয়ত লেটাৰ মাৰ্কসহ ৮৮ শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ এই গৌৰৱেৰে গৌৰৱাম্বিত হ’বলৈ ৰমেন এই পৃথিৱীত নাই৷

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *