ৰাম ৰাজত্বৰ সময়ত কেনে আছিল কৰ ব্যৱস্থা? কেনেকৈ বাজেট পেছ কৰা হৈছিল? জানক কি কয় ৰামায়ণে?

ৰাম ৰাজত্বৰ সময়ত কেনে আছিল কৰ ব্যৱস্থা? কেনেকৈ বাজেট পেছ কৰা হৈছিল? জানক কি কয় ৰামায়ণে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ১ফেব্ৰুৱাৰী ২০২৪-২০২৫ লোকসভা নিৰ্বাচনৰ পূৰ্বে দ্বিতীয় মোদী চৰকাৰৰ শেষ বাজেট পেছ কৰা হৈছে। এয়া অন্তবৰ্তীকালীন বাজেট। লোকসভা নিৰ্বাচনৰ পাছত নতুন চৰকাৰ ক্ষমতাত আহি জুলাই মাহত আকৌ পুৰ্ণাংগ বাজেট পেছ কৰিব। বাজেটক লৈ আমাৰ দেশৰ মানুহৰ আগ্ৰহ পূৰ্বৰে পৰাই আছে। কি কি সামগ্ৰীৰ দাম কমিব আৰু কি কি সামগ্ৰীৰ দাম বাঢ়িব সেই দিশত নজৰ ৰাখে দেশৰ প্ৰতিগৰাকী লোকেই। বাজেট আৰু কৰ ব্যৱস্থা আমাৰ দেশৰ কেইবা হাজাৰ বছৰ পুৰণি। তুলসীদাসৰ দোহাভালিৰ পৰা জনা যায় যে ত্ৰেতাযুগত ৰামায়ণৰ আমোলাত বাজেট আৰু কৰ ব্যৱস্থা প্ৰচলিত আছিল। জানি থওক দোহাভালিত বাজেট আৰু কৰ ব্যৱস্থাক লৈ কি কৈ গৈছে তুলসীদাসে?

ৰাম ৰাজত্বৰ কৰ ব্যৱস্থা
তুলসীদাসে কৰ ব্যৱস্থাৰ সৈতে সূৰ্যৰ তুলনা কৰিছিল। সূৰ্যই যেনেকৈ পৃথিৱীৰ জলাধাৰৰ পৰা পানী শোষণ কৰি লয়, যেনেকৈ সূৰ্যই পানী শোষণ কৰে তেনেকৈ বৰষা আকাৰে আকৌ পৃথিৱীলৈকে উভতাই পঠিয়াই। এইসমূহ কথা সাধাৰণভাৱে মানুহে বুজিব নোৱাৰিলেও কিন্তু এই পানীয়েই ভাপ হৈ আকাশলৈ উৰি মেঘৰ ৰূপ লয় তাৰপিছত আকৌ বৰষুণ হৈ পৃথিৱীলৈকে উভতি আহে। বৰষুণৰ বাবে পৃথিৱী শস্য শ্যামলা হৈ উঠে। ৰামৰ আমোলত ৰাষ্ট্ৰৰ কৰ ব্যৱস্থাও ঠিক তেনেধৰণৰেই আছিল। সাধাৰণ মানুহৰ ধন কৰ হিচাপে সংগ্ৰহ কৰা হৈছিল আৰু সেই কৰেৰেই ৰামৰাজ্য পৰিচালিত হৈছিল। অৰ্থাৎ সেই কৰৰ ধনেই সাধাৰণ মানুহৰ কল্যাণত ব্যৱহাৰ কৰা হৈছিল।

তুলসীদাসে কৈছে যে ৰামৰাজত্বত কিছুসংখ্যক জনতাৰ পৰা বেছিকৈ কৰ লোৱা হৈছিল, যিসকলৰ আয় বেছি আছিল তেওঁলোকৰ পৰাই বেছিকৈ কৰ লোৱা হৈছিল। যিসকল দৰিদ্ৰ তেওঁলোকৰ পৰা আয়কৰ লোৱা হোৱা নাছিল।

তুলসীদাসৰ দোহায়ত কোৱা হৈছিল যে ধনী বণিক সম্প্ৰদায় আৰু জমিদাৰসকলৰ দায়িত্ব আছিল ৰজা আৰু ৰাজধানীৰ গৌৰৱ বজায় ৰখা।

ৰজাই নিজৰ ধৰ্ম, অৰ্থ আৰু কৰ্মৰ দায়িত্ব যথাযথভাৱে পালন কৰে। আৰু সেই কাৰণেই ইন্দ্ৰৰ অমৰাবতীৰ দৰে সুন্দৰ হৈ উঠিছিল শ্ৰীৰামচন্দ্ৰৰ অযোধ্যাপুৰী।

যিসকলে কৰ সংগ্ৰহৰ কাম কৰে, তেওঁলোকে ৰাজ্যৰ অৰ্থনীতিক সচল ৰাখে। কোনো অপৰাধ নকৰিলে ৰামৰাজত্বত শত্ৰুক শাস্তি দিয়া হোৱা নাছিল।

ৰজাই যি অৰ্থ কৰ হিচাপে সংগ্ৰহ কৰিছিল, সেই অৰ্থ সকলোসময়তে দেশৰ মানুহৰ কল্যাণৰ অৰ্থে খৰচ কৰিছিল। সেই অৰ্থৰ যাতে অপচয় নহয় সেয়া নিশ্চিত কৰিহে ৰজাই অৰ্থ খৰচ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *