আপুনিও আইনষ্টাইনৰ দৰে বুদ্ধিমান নেকি? কেনেকৈ বুজিব? সবিশেষ…

আপুনিও আইনষ্টাইনৰ দৰে বুদ্ধিমান নেকি? কেনেকৈ বুজিব? সবিশেষ…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NBNEWS: আপুনি বুদ্ধিমান হয় নেকি? কি কি লক্ষণ থাকিলে ব্যক্তিএগৰাকীক বুদ্ধিমান বুলি গণ্য কৰা হয়? কেৱল শৈক্ষিক ডিগ্ৰী থাকিলেই যে ব্যক্তিএগৰাকী বুদ্ধিমান হ’ব তেনে নহয়? অশিক্ষিত ব্যক্তি এগৰাকীও বুদ্ধিমান হ’ব পাৰে। শ্ৰেণীৰ আটাইতকৈ কম নম্বৰ পোৱা শিক্ষাৰ্থী এজনো বুদ্ধিমান ব্যক্তি হ’ব পাৰে। কি কি লক্ষণ থাকিলে ব্যক্তি এজন বুদ্ধিমান সেই কথা জানো আহক।

ৰাতি জাগি থকাৰ অভ্যাস
বুদ্ধিমান মানুহৰ মগজুৰ কোষবোৰ প্ৰত্যেক সময়তে সক্ৰিয় হৈ থাকে। এনে লোকে সকলো সময়তে কিবা নহয় কিবা চিন্তা ব্ৰতী হৈ থাকে। নতুন কিবা কাম কৰিবলৈকে আগ্ৰহী হৈ থাকে। বুদ্ধিমান লোকে প্ৰায়ে সৃষ্টিশীল ভিডিঅ’ চাই নতুবা কিতাপ পঢ়ি ভাল পায়।

ভ্ৰমণৰ প্ৰতি আগ্ৰহী
বুদ্ধিমান লোকে পৃথিৱীখনৰ বিষয়ে জানিবলৈ আগ্ৰহী হয়। সেয়ে সময় পালে এনে লোকে ভ্ৰমণত গুৰুত্ব দিয়ে। কেৱল যে চহৰ-নগৰে ভ্ৰমণ কৰে এনে নহয় দুৰ্গম এলেকালৈকেও প্ৰায়ে হেঁপাহ কৰে। যিকোনো স্থানলৈ গলে সেই স্থানৰ খাদ্যভ্যাস, পৰম্পৰা, জীৱনশৈলী আদিৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ উঠে।

বুদ্ধিমান মানুহ প্ৰায়ে এলেহুৱা
বুদ্ধিমান ব্যক্তিয়ে জীৱনত বুদ্ধিৰে আগুৱাই যায়। শাৰীৰিক শক্তি তেওঁলোকে অপচয় কৰিব নিবিচাৰে। গতিকে স্বাভাৱিকতে বুদ্ধিমান ব্যক্তি এলেহুৱা হয়।

অতিমাত্ৰা চিন্তা
বুদ্ধিমান ব্যক্তিয়ে সকলো বিষয়তে অত্যধিক চিন্তা কৰে। সুক্ষ্মভাৱে বিষয়টোক নিৰীক্ষণ কৰে। যিকোনো বিষয়তে বহুকেইটা দৃষ্টিকোণেৰে বিশ্লেষণ কৰে। বৌদ্ধিক বিষয়সমূহ জনাৰ বাবে এনে লোক আগ্ৰহী হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *