ফিংগাৰপ্ৰিণ্ট, চকুৰ স্কেন নকৰাকৈয়ে লাভ কৰিব আধাৰ কাৰ্ড! জানি থওক এপ্লাই কৰাৰ সঠিক নিয়ম

ফিংগাৰপ্ৰিণ্ট, চকুৰ স্কেন নকৰাকৈয়ে লাভ কৰিব আধাৰ কাৰ্ড! জানি থওক এপ্লাই কৰাৰ সঠিক নিয়ম

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্প্ৰতি এটা ডাঙৰ ঘোষণা কৰা হৈছে। বায়োমেট্ৰিক অবিহনেই আধাৰ কাৰ্ড লাভ কৰিবনে? বায়োমেট্ৰিক অবিহনে কেনেকৈ আধাৰৰ বাবে এপ্লাই কৰিব এই বিষয়টোক লৈ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে কৰিছে বৃহৎ মন্তব্য। বায়োমেট্ৰিক অবিহনেই এতিয়াৰে পৰা তৈয়াৰ কৰিব পাৰিব আধাৰ কাৰ্ড। তাৰবাবে মানিব লাগিব কেইটামান বিশেষ নিয়ম। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি দেশৰ ২৯ লাখ মানুহক বায়োমেট্ৰিক অবিহনেই আধাৰকাৰ্ড দিয়া হৈছে। অৰ্থাৎ ইয়াৰ পৰা এই কথা স্পষ্ট যে বায়োমেট্ৰিক অবিহনেই আধাৰ কাৰ্ড তৈয়াৰ কৰিব পাৰিব।

বায়োমেট্ৰিক অবিহনে কেনেকৈ আধাৰ কাৰ্ডৰ আবেদন কৰিব?

বায়োমেট্ৰিক অবিহনে আধাৰ কাৰ্ডৰ আবেদন কৰিব পাৰিব যিকোনো লোকেই। অৱশ্যে এইক্ষেত্ৰত কেইটামান বিশেষ নিয়ম মানি চলিব লাগিব। কোনো আবেদনকাৰীৰ যদি হাত নাথাকে বা তেওঁলোকৰ ফিংগাৰপ্ৰিণ্ট দিয়াৰ সুবিধা নাথাকে তেওঁলোকে বৈধ মেডিকেল চাৰ্টিফিকেট দাখিল কৰিব লাগিব। তেনেকৈ কোনো লোকৰ যদি চকুৰ সমস্যা থাকে তেওঁলোকেও আধাৰ কাৰ্ডৰ বাবে মেডিকেল চাৰ্টিফিকেট দাখিল কৰিব লাগে। তেতিয়া বায়োমেট্ৰিক অবিহনেই আপুনি আধাৰ কাৰ্ডৰ আবেদন কৰিব পাৰিব।

আধাৰ চেণ্টাৰলৈ বিশেষ নিৰ্দেশনা চৰকাৰৰ

কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰ শেখৰে জনোৱা অনুসৰি বিশেষভাৱে সক্ষম নাগৰিকৰ বাবে চৰকাৰৰ তৰফৰ পৰা আধাৰ ছাৰ্ভিছ চেণ্টাৰক কেইবাটাও নিৰ্দেশনা দিয়া হৈছে। চৰকাৰৰ পক্ষৰ পৰা জনোৱা অনুসৰি কাৰোবাৰ যদি ফিংগাৰপ্ৰিণ্ট অস্পষ্ট হৈ থাকে তেন্তে কেৱল আইৰিছ স্কেন কৰি আধাৰ কাৰ্ডৰ আবেদন কৰিব পাৰে। ঠিক তেনেকৈয়ে যদি কাৰোবাৰ চকুৰ সমস্যা থাকে তেন্তে কেৱল ফিংগাৰপ্ৰিণ্টৰ মাধ্যমেৰেই আধাৰ কাৰ্ড লাভ কৰিব। ইয়াৰ বাবে সঠিক ডকুমেণ্ট জমা দিব লাগিব। তাৰপিছতহে নাগৰিকৰ আধাৰ কাৰ্ড ইছ্যু হ’ব।

বায়োমেট্ৰিক অবিহনে কেনেকৈ আধাৰ কাৰ্ডৰ আবেদন কৰিব?

আধাৰ কাৰ্ডৰ আবেদন কৰাৰ বাবে যিসমূহ নিয়ম আছে তেওঁলোকৰ বাবে কিছু পৃথক পদ্ধতি আছে। বিশেষভাৱে সক্ষম নাগৰিকৰ বাবেহে এই সুবিধা আছে। কোনোৱে যদি ফিংগাৰপ্ৰিণ্ট আৰু আইৰিছ স্কেন দুটাই দিব নোৱাৰে তেন্তে তেনে লোকে লিংগ, ঠিকনা আৰু জন্ম তাৰিখ দি আবেদন কৰিব পাৰে। এইক্ষেত্ৰত কিন্তু সঠিক মেডিকেল ছাৰ্টিফিকেট দিব লাগিব। বিশেষভাৱে সক্ষম ব্যক্তিৰ ছবিও আধাৰ কাৰ্ডৰ আবেদনৰ সৈতে জমা দিব লাগিব। অনলাইন আৰু অফলাইন দুইধৰণেই আপুনি ডকুমেণ্ট ছাবমিট কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *