১০ কোটি পকেটলৈ আহিল! চেম্পিয়ন হ’লে কিমান কোটি লাভ কৰিব টীম ব্লুৱে?

১০ কোটি পকেটলৈ আহিল! চেম্পিয়ন হ’লে কিমান কোটি লাভ কৰিব টীম ব্লুৱে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে পাকিস্তানে৷ লীগ পৰ্বত চাৰিখন মেচ জিকিছিল বাবৰ আজমৰ দলে৷ হতাশজনক পাৰ্ফৰমেন্সৰ পাছত পুৰস্কাৰ মূল্য হিচাপে পাকিস্তানে পাইছে ২ কোটি ১৮ লাখ টকাতকৈয়ো অধিক ধন৷ বিশ্বকাপত চেম্পিয়ন হ’লে কিমান টকা পাব ৰোহিত শৰ্মাৰ দলে? বিশ্বকাপৰ একোখন লীগ মেচ জিকা দলক ইণ্টাৰনেশ্ব্যনেল ক্ৰিকেট কাউন্সিলে দিছে ৪০ হাজাৰ ডলাৰকৈ আৰ্থিক পুৰস্কাৰ৷ ভাৰতীয় মুদ্ৰাত প্ৰায় ৩৩ লাখ ৩৪ হাজাৰ টকা৷ ভাৰতে লীগ খেলত ৯ খন মেচেই জিকাৰ পথত৷ সেয়ে ৰোহিতৰ অধিনায়কত্বত দলটোৱে ৩ লাখ ৬০ হাজাৰ ডলাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ অৰ্থাৎ প্ৰায় ৩ কোটি টকা জয় কৰিছে টীম ব্লুৱে৷

বিশ্বকাপৰ প্ৰথম ছেমিফাইনেলত নিউজিলেণ্ডৰ মুখামুখি হৈছে ভাৰত৷ এই মেচত ৰোহিতবাহিনীয়ে হাৰিলেও লাভ কৰিব ৮ লাখ ডলাৰ৷ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ৬ কোটি ৬৬ লাখ টকাৰো বেছি৷ ছেমিফাইনেলৰ পৰা বিদায় ললেও টীম ব্লুৱে আইচিচিৰ পৰা লাভ কৰিব ১০ কোটি টকা৷ কেন উইলিয়ামছনৰ দলক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিলে আৰ্থিক পুৰস্কাৰ আৰু বৃদ্ধি হ’ব৷ ৰানাৰ্ছ আপ হ’লে ভাৰতে লাভ কৰিব ২০লাখ ডলাৰ৷ ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান প্ৰায় ১৬ কোটি ৬৬লাখ৷ অৰ্থাৎ ভাৰতীয় দল ৰানাৰ্ছ আপ হ’লে পুৰস্কাৰ মূল্য হিচাপে প্ৰায় ১৯ কোটি ৬৬লাখ টকা লাভ কৰিব৷ বিশ্বকাপজয়ী দলক আইচিচি পুৰস্কাৰ হিচাপে দিব ৪০লাখ ডলাৰ বা ৩৩ কোটি ৩২ লাখ টকা৷ ভাৰতীয় দল চেম্পিয়ন হ’লে ভাৰতীয় দলে পুৰস্কাৰ হিচাপে ৩৬ কোটি ৩২ লাখ টকা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *