জোনবাইৰ দেশৰ সাধুকথা নহয়, বাস্তৱ কথাবোৰ জানিবলৈ সাজু সকলো! চন্দ্ৰপৃষ্ঠত অৱতৰণৰ ১৫ মিনিটত কি কি হ’ব, লেজাৰ ৰশ্মিৰে বিক্ৰমে কি কৰিব? সবিশেষ…

জোনবাইৰ দেশৰ সাধুকথা নহয়, বাস্তৱ কথাবোৰ জানিবলৈ সাজু সকলো! চন্দ্ৰপৃষ্ঠত অৱতৰণৰ ১৫ মিনিটত কি কি হ’ব, লেজাৰ ৰশ্মিৰে বিক্ৰমে কি কৰিব? সবিশেষ…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- অপেক্ষাৰ অৱসান ঘটিবলৈ আৰু বেছি সময় নাই৷ বুধবাৰে চন্দ্ৰপৃষ্ঠত নামিব ইছৰোই পঠিওৱা চন্দ্ৰযান-৩য়ে৷ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুত চলাব অভিযান৷ ইছৰোৱে ঘোষণা কৰা অনুসৰি বুধবাৰে সন্ধিয়া ৬ বাজি ৪ মিনিটত চন্দ্ৰৰ পৃষ্ঠত নামিব বিক্ৰম৷ মঙলবাৰে টুইটযোগে এই কথা প্ৰকাশ কৰিছে ইছৰোই৷ টুইটত ইছৰোৰ তৰফৰ পৰা লিখা হৈছে, ‘সকলোবোৰ পৰিকল্পনা মতেই আগবাঢ়িছে৷ বিক্ৰমৰ গতি বিধিক প্ৰতি সময়তে নজৰ দি থকা হৈছে৷ সঠিক সময়তেই বিক্ৰমে লেণ্ডিং কৰিব বুলি আমি আশাবাদী৷ লেণ্ডাৰ বিক্ৰম চন্দ্ৰপৃষ্ঠৰ পৰা ২৫ কিঃমিঃ দূৰত্বত থাকোতেই মূল যানখনৰ পৰা বিচ্ছিন্ন হৈছে৷ বুধবাৰে ধাপে ধাপে লেণ্ডাৰৰ উচ্চতা কমাই অনা হ’ব৷ উচ্চতাৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি বিক্ৰমৰ গতি কমি আহিব৷ বৰ্তমান অৱস্থানৰ পৰা চন্দ্ৰৰ পৃষ্ঠত নমালৈকে বিক্ৰমক সময় লাগিব ১৫ মিনিট সময়৷

প্ৰথম ধাপত বিক্ৰমক ৭.৮ কিঃমিঃ উচ্চতাত নমাই অনা হ’ব৷ সেই সময়ত লেণ্ডাৰৰ গতি থাকিব ছেকেণ্ডত ৩৫৮ মিটাৰ৷ এই দূৰত্ব অতিক্ৰম কৰিবলৈ বিক্ৰমক সময় লাগিব ১১ মিনিট৷ তাৰপাছতেই দ্বিতীয় ধাপ৷ এই ধাপত চন্দ্ৰৰ পৰা দূৰত্ব ৬.৮ কিঃমিঃ৷ এই ধাপত বিক্ৰমৰ গতি আৰু কমাই দিয়া হ’ব৷ তেতিয়া যানখনৰ গতি থাকিব ৩৩৬ মিটাৰ৷ ইয়াৰ পাছতেই চন্দ্ৰৰ পৰা বিক্ৰমৰ উচ্চতা কমি হ’বগৈ ৮০০ মিটাৰ৷ তেতিয়াই গতি আৰু কিছু কমাই দিয়া হ’ব৷ এই পৰ্যায়ত লেজাৰ ৰশ্মিৰ ব্যৱহাৰ কৰিব লেণ্ডাৰখনে৷
চন্দ্ৰৰ মাটিত লেজাৰ ৰশ্মি পেলাই চেঞ্চৰৰ মাধ্যমেৰে অৱতৰণৰ বাবে উপযুক্ত মাটি বিচাৰিব বিক্ৰমে৷ তাৰ পাছতেই লাহে লাহে চন্দ্ৰৰ পৃষ্ঠলৈ নামি আহিব লেণ্ডাৰ বিক্ৰম৷
৮০০ৰ পৰা ১৫০ মিটাৰ উচ্চতালৈ নমাৰ পথত বিক্ৰমৰ গতি থাকিব প্ৰতি ছেকেণ্ডত ৬০ মিটাৰ৷ তাৰপাছতেই ১৫০ ৰ পৰা ৬০ মিটাৰ নমাৰ সময়ত এই গতি হ’ব ৪০ মিটাৰ প্ৰতি ছেকেণ্ড৷

৬০ ৰ পৰা ১০ মিটাৰ নামোতে বিক্ৰমৰ গতি থাকিব ১০ মিটাৰ প্ৰতি ছেকেণ্ড৷ ইয়াৰ পাছতেই চন্দ্ৰৰ মাটিত ছফ্ট লেণ্ডিং কৰিব লেণ্ডাৰ বিক্ৰমে৷ বিক্ৰমে লেণ্ডিং কৰাৰ সময়ত তাৰ গতিবেগ হ’ব ছেকেণ্ডত ১.৬৮ মিটাৰ৷ অৱতৰণৰ শেষ পৰ্যায়টোৱেই সকলোতকৈ কঠিন বুলি জনাইছে চন্দ্ৰযান-৩ জন্মদাতাই৷ ৪ বছৰ পূৰ্বে ঠিক এই সময়তেই বিজ্ঞানীৰ আশা ভংগ হৈছিল৷ ব্যৰ্থ হৈছিল চন্দ্ৰযান-২৷ অৱশ্যে এইবাৰ সকলো দিশ চালি জাৰি চাই প্ৰস্তুতি হাতত লৈছে ইছৰোৰ দলটোৱে৷ বিশেষ চেঞ্চৰ লগাই থোৱা আছে বিক্ৰমত৷ আছে পূৰ্বতকৈ বেছি কেমেৰাও৷ ইছৰোৰ দাবী, চেঞ্চৰসমূহে কাম কৰা বন্ধ কৰিলেও বিক্ৰম চন্দ্ৰপৃষ্ঠত নামিবই৷ বিক্ৰম নামিলেই লগে লগে চন্দ্ৰপৃষ্ঠলৈ ওলাই আহিব প্ৰজ্ঞান৷ প্ৰজ্ঞানেই জোনবাইৰ দেশৰ সাধুকথাবোৰ বাস্তৱত প্ৰকৃততে কি সকলো খবৰ পঠিয়াব আমাৰ বাবে৷ অপেক্ষাৰ ক্ষণ টুটি আছে ক্ষণে ক্ষণে, জন্মদাতা দলটোৰ মাজতো এতিয়া উৎকণ্ঠা বহু পৰিমানে বৃদ্ধি পাইছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *