HONEYMOONত নকৰিব এইকেইটা ভুল! নহ’লে…

HONEYMOONত নকৰিব এইকেইটা ভুল! নহ’লে…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- হনীমুন যিকোনো দম্পতীৰ বাবে এক বিশেষ সময়৷ এই দিনকেইটা দম্পতীৰ বাবে জীৱনজোৰা স্মৃতি হিচাপে ৰাখে৷ বিয়াৰ পাছত এহাল দম্পতী একেলগে সময় কটাবলৈ হনীমুন যোৱাৰ পৰিকল্পনা বনাই৷ লগতে ফেমেলী প্লেনিং, বিভিন্ন ঠাই ভ্ৰমণৰ দিশ আদি সামৰি হনীমুন যায় দম্পতীয়ে৷ কিছুলোকে বিয়াৰ আগতেই প্লেন বনাই থয়, ক’ত যাম, কি খাম, কি কৰি ইত্যাদি৷ আৰু কিছু সংখ্যক দম্পতীয়ে বিয়াৰ পাছতহে যোৱাৰ আয়োজন কিম্বা পৰিকল্পনা বনাই৷ তেনেস্থলত কিছুমান ভুলৰ বাবে এই গোটেই হনীমুন ট্ৰিপটো অথলে যোৱাৰ সম্ভাৱনা থাকে৷ আজি আপোনালোকক জনাম হনীমুনত যাওতে কি কি কাম কৰিব নালাগে৷

বিয়াৰ ঠিক পাছতে HONEYMOONত নাযাব
মানৱ জীৱনত জন্ম-মৃত্যু-বিবাহ স্বাভাৱিক৷ বিবাহ নকৰো বুলি কৈ থাকিলেও কোনো সময়ত মান্তিও হৈ যাব পাৰে আপুনি৷ লগতে বিবাহ জীৱনত এবাৰে হয়৷ সকলো ধৰ্মৰ বেলেগ বেলেগ নীতি-ৰীতিৰে বিবাহ সম্পন্ন হয়৷ তেনে ক্ষেত্ৰত বিয়াৰ সপ্তাহটো বহুত ব্যস্ততাৰে পাৰ কৰে দৰা-কইনাহালে৷ তেনে ক্ষেত্ৰত ব্যস্ততাৰে ভৰা বিয়াৰ দিনবোৰ পাৰ কৰি তাত্ক্ষণিকভাৱে হনীমুন যোৱাতো অনুচিত৷ এনে অৱস্থাৰে হনীমুনত গ’লে গোটেই ট্ৰিপটোতে ভাগৰ-ভাগৰ লগাৰ সম্ভাৱনা থাকে৷ যাৰ ফলত হনীমুনৰ কালছোৱা ভালকৈ আনন্দৰে পাৰ কৰিব নোৱাৰে৷ বিয়া সমাপ্তৰ পাছত কমেও ৫-৬ দিন জিৰণি লোৱাৰ পিছতহে হনীমুন যোৱাৰ কথা ভাবিব লাগে৷

ঋতু নোচোৱাকৈ টিকট বুক কৰা
হনীমুনত সকলো দম্পতীয়ে বেলেগ বেলেগ ঠাইত যাবলৈ আগ্ৰহ কৰে৷ ঠাইখনৰ আকৰ্ষণীয় বস্তুসমূহ চাবলৈ আগ্ৰহ কৰে৷ তেনেস্থলত যোৱাৰ আগতে ঠাইখনৰ বতৰৰ সবিশেষ জানি থোৱা উচিত৷ বেয়া বতৰে ব্যাঘাত জন্মাব পাৰে গোটেই ট্ৰিপটোতে৷ আনকি হনীমুনৰ সময়ছোৱাত বেমাৰতো ভুগিব পাৰে আপুনি৷ সেইবাবে যোৱাৰ আগতে বা পৰিকল্পনা কৰাৰ আগতে ঠাইখনৰ বতৰৰ বিষয়ে সবিশেষ জানি থোৱা উচিত৷

স্বাস্থ্য নিৰ্দেশনা অনুসৰণ নকৰা
হনীমুনৰ ঠাই বাছনি কৰাৰ লগতে সেই ঠাইত সন্মুখীন হ’ব লগা সমস্যাখিনিৰ বিষয়েও জানি থ’ব৷ লগতে ভ্ৰমণ কৰাৰ আগতে এবাৰ শৰীৰটোৰ ভালদৰে চেক-আপ কৰি ল’ব৷ একো তথ্য নজনাকৈ যিকোনো ঠাইত গ’লে বেমাৰত ভোগাৰ সম্ভাৱনা থাকে৷ তেনে হ’লে গোটেই হনীমুন ট্ৰিপটো অথলে যোৱাৰ সম্ভাৱনা থাকে৷

হোটেলত বেছি সময় নাথাকিব
হনীমুন গ’ল বুলিয়েই গোটেই সময় হোটেলত নাথাকিব৷ ঠাইখনৰ চাৰিওফালে ফুৰা-চকা কৰিবলৈ ওলাই যাব৷ হনীমুন ট্ৰিপটো মধুৰ কৰি ৰাখিবলৈ বাহ্যিক পৰিৱেশসমূহৰো স্মৃতি ৰখা উচিত৷ গোটেই দিনটো হোটেলতে পাৰ কৰিলে ইটো-সিটো খোৱাৰ কথা মনত আহি থাকে৷ যাৰ ফলত অধিক টকা খৰচ হোৱাৰো সম্ভাৱনা থাকে৷ সেয়েহে বেছি সময় হোটেলত নাথাকি বাহিৰত ফুৰা-চকা কৰি আহিব পাৰে৷

বাজেটৰ ধ্যান ৰাখক
হনীমুনত যোৱা দম্পতীহালে ট্ৰিপটো সুমধুৰ কৰিবলৈ আগ-পিছ নাভাবি বহু অৰ্থ ব্যয় কৰা দেখা যায়৷ কিন্তু এইটো ভাল কথা নহয়৷ হনীমুনত বাজেটৰ প্ৰতি লক্ষ্য ৰাখি খৰচ কৰিব৷ অত্যধিক খৰচে আপোনাক সীমিত কাললৈ সুখ দিব সঁচা, কিন্তু আগন্তুক দিনত সমস্যাত পেলাব পাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *