হীৰেণ গোঁহাই ডুপ্লিকেট মালঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

হীৰেণ গোঁহাই ডুপ্লিকেট মালঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ চৰমভাৱে কটাক্ষ কৰিছে ডঃ হীৰেণ গোঁহাইক। মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ মন্তব্যত হীৰেণ গোঁহাইক লক্ষ্য কৰি কয়, ‘ডঃ হীৰেণ গোঁহাই ডুপ্লিকেট ‘মাল’। তেওঁৰ দৰে ডুপ্লিকেট ‘মাল’ জীৱনত দেখা নাই। নিজে ব্ৰেড, বাটাৰ খাই যুৱপ্ৰজন্মক ধ্বংস কৰিছে। নিজে কোনোদিন আন্দোলন নকৰা গোঁহাইয়ে যুৱচামক আন্দোলনৰ বাবে উছটাই থাকে।’

ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে হীৰেণ গোঁহাই সন্দৰ্ভত পোনপটীয়াকৈ সুধিছে, হীৰেণ গোঁহাইয়ে কোনোবা দিনা পুলিচৰ মাৰ খাই পাইছেনে? ৫৫ বছৰে মই হীৰেণ গোঁহাইক কোনো আন্দোলন কৰা দেখা নাই। নিজে ঘৰত থাকি ব্ৰেড বাটাৰ খাই যুৱপ্ৰজন্মক আন্দোলনৰ বাবে উচটাই থাকে। অসমত পৰিবেশ বেয়া দেখিলেই সংবাদ মাধ্যমৰ সময় নষ্ট কৰি থাকে হীৰেণ গোঁহাইয়ে
নিজে সুৰক্ষিত স্থানত থাকি যুৱপ্ৰজন্মক ধ্বংস কৰে হীৰেণ গোঁহাইয়ে। অসমত দিগদাৰ পালে গোঁহাইয়ে আমেৰিকালৈ গুছি যায়।’

ইয়াৰোপৰি তেওঁ কংগ্ৰেছ, অখিল গগৈৰ প্ৰসংগ টানি কয়, ‘অখিল গগৈ, কংগ্ৰেছ, আছুয়ে যি কৰে চিধাকৈ কৰে। অখিল, সমুজ্জল, যুৱ ছাত্ৰ পৰিষদ, আনকি কংগ্ৰেছেও যি কৰে চিধাকৈয়ে কৰে। কিন্তু হীৰেণ গোঁহাইয়ে কোনো কামেই চিধাকৈ নকৰে। কেৱল সংবাদ মাধ্যম মাতি প্ৰেছমিট দিয়ে আৰু বতৰ যদি গোমা দেখে চিধা ঘৰলৈ গুচি যায়।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *