ধৰ্ম অবিহনে ভাৰতীয় সভ্যতাৰ কোনো পৰিচয় নাই, হিমন্ত বিশ্ব শৰ্মাই সৰুৰে পৰা শোৱাই নাইঃ মুখ্যমন্ত্ৰী

ধৰ্ম অবিহনে ভাৰতীয় সভ্যতাৰ কোনো পৰিচয় নাই, হিমন্ত বিশ্ব শৰ্মাই সৰুৰে পৰা শোৱাই নাইঃ মুখ্যমন্ত্ৰী

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- অসমত কাইলৈ লাঘু হ’ব পাৰে ইউ চিচি। কিন্তু ইউ চিচি অহাৰ পূৰ্বেই অসমত বন্ধ হৈছে বাল্য বিবাহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয়, ‘অসমত বহু বিবাহ আৰু বাল্য বিবাহ প্ৰায় বন্ধ হৈছে। ৰাজ্যৰ তিনিখন জিলাত বাল্যবিবাহ কৰোৱা লোকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডও বিহা হৈছে। মুছলমান লোকেও এতিয়া ১৮বছৰত বিয়া নকৰাই। আমি ৭০ শতাংশ মুছলমান গাওঁত বাল্যবিবাহ বন্ধ কৰি দিছো। এতিয়া আইনতকৈ আগতেই তেওঁলোকেই কয়, আমি ১৮ বছৰৰ তলৰ যুৱতী বিয়া নকৰাও।

ৰাজ্যত সুদখোৰৰ ওপৰতো ডাঙৰ অভিযান অচিৰেই চলিব। আমি ৫০০০ বছৰ ধৰ্মক লৈ জীয়াই আছো। ধৰ্ম অবিহনে আমাৰ কোনো অস্তিত্বই নাই। সভ্যতাই ভাৰতৰ পৰিচয় তুলি ধৰি আছে। সেয়ে আমি ধৰ্মক লৈ গৌৰৱেৰে কাম কৰি আছো। ক্লাবত ধনী দুখীয়া যাব নোৱাৰে কিন্তু ধৰ্মীয় স্থানলৈ সকলো যাব পাৰে। ধৰ্মই আমাক একত্ৰিত কৰি ৰাখিছে। ধৰ্ম অবিহনে আমাৰ পৰিচয় শূন্য।’

২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটক প্ৰশংসা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নাৰীশক্তিৰ জাগৰণত এই বাজেটে বিশেষ গুৰুত্ব দিছে। টোপনিৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘হিমন্ত বিশ্ব শৰ্মাই সৰুৰে পৰা শুবলৈ চেষ্টাই কৰা নাই। মই আজিলৈকে শোৱাই নাই। মই নুশুও বুলিয়ে প্ৰতিজ্ঞা কৰি থৈছো। মোৰ সকলো সময় অসমৰ বাবে। মই আগলৈকো নুশুওৱেই।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *