হিমা দাসক এবছৰৰ বাবে নিলম্বন… নটিছ নপঠিওৱাকৈয়ে নিলম্বন কৰা হ’ল হিমাক! কিয় হিমাই ভাগ লোৱা নাছিল খেলত?

হিমা দাসক এবছৰৰ বাবে নিলম্বন… নটিছ নপঠিওৱাকৈয়ে নিলম্বন কৰা হ’ল হিমাক! কিয় হিমাই ভাগ লোৱা নাছিল খেলত?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- হেমষ্ট্ৰিঙৰ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ কেইটামান দিন পাৰ হৈছেহে। তেনেতেই হঠাৎ হীমালৈ আহিল আন এটা দুখবৰ। হিমাক ‘নাডা’ই নিলম্বন কৰিছে। কিন্তু হিমাই এই সন্দৰ্ভত এতিয়াও কোনোধৰণৰ মন্তব্য কৰা নাই। হিমাৰ ঘনিষ্ঠ এক সূত্ৰই প্ৰকাশ কৰামতে কোনো কাগজপত্ৰ এতিয়াও লাভ কৰা নাই। এসপ্তাহ পূৰ্বে হিমাই হেমষ্ট্ৰিঙৰ অস্ত্ৰোপচাৰ কৰি আহি জিৰণি লৈ আছে বাসগৃহত।

হিমাই অৱশ্যে এইক্ষেত্ৰত কোনোধৰণৰ নটিছ লাভ কৰা নাই। সেয়ে হিমাই এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া দাঙি ধৰা নাই। হেমষ্ট্ৰিঙৰ আঘাতৰ বাবেহে হিমাই এপ্ৰিল-মে মাহত অনুষ্ঠিত হোৱা ইণ্ডিয়ান গ্ৰা-প্ৰি আপু ফেডাৰেছন কাপত অংশ ল’ব পৰা নাছিল। দৌৰবিদ হিমাই বিগত বৰ্ষত জাকাৰ্টা এছিয়ান গেমছত ৪০০ মিটাৰ দৌৰত ৰূপৰ, মহিলাৰ ৪০০ মিটাৰ ৰিলেত সোণৰ পদক আৰু পুৰুষ-মহিলাৰ মিশ্ৰিত ৰিলেত ৰূপৰ পদক লাভ কৰিছিল। এছিয়ান গেমছত কোনো অসমীয়া খেলুৱৈয়ে হিমাতকৈ বেছি পদক বৰ্তমানলৈকে লাভ কৰা নাই।

ইফালে হিমাৰ নিলম্বন প্ৰসংগত মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো। এই ভাইৰেল হৈ পৰা নিলম্বনৰ বাতৰি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘SPORTS মই বিশেষ বুজি নাপাও… জাহাজৰ বেপাৰীয়ে আদাৰ খবৰ জানি কি কৰিম, ৰাজনীতি কৰি আমি আহৰিয়েই নাপাও, হীমা দাসে মোক একো কোৱা নাই, ক’লে সহায় কৰিম।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *