চিন্তা আপুনিয়েই কৰিব কথা নাই… চাপ কমাবলৈ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে ছেকেণ্ড ব্ৰেইন, কেই টকাত ক্ৰয় কৰিব পাৰিব এই ব্ৰেইন?

চিন্তা আপুনিয়েই কৰিব কথা নাই… চাপ কমাবলৈ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে ছেকেণ্ড ব্ৰেইন, কেই টকাত ক্ৰয় কৰিব পাৰিব এই ব্ৰেইন?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

লংকাৰ ৰজাৰ আছিল ১০ টা মূৰ৷ আপুনি,মই তেনে ভাগ্যৱান নহয়৷ আমাৰ এটাই মূৰ৷ এটা মূৰেৰেই আমি সকলোবোৰ কাম সূচাৰুৰূপে কৰিব লাগে৷ মূৰত চাপ বৃদ্ধি পাব ধৰিছে সেয়ে বহুজনৰ৷ বহুজনে আকৌ চাপ সহ্য কৰিব নোৱাৰি আত্মহত্যা পৰ্যন্ত কৰিছে৷ শেহতীয়াকৈ বিজ্ঞানীয়ে চাপ কমোৱাৰ উপায় বিচাৰি বিভিন্ন গৱেষণা চলাইছে৷ বিজ্ঞানীৰ গৱেষণা সফল হোৱাৰ দিশেৰেও৷ শেহতীয়াকৈ পশ্চিমীয়া দেশত চলিছে ছেকেণ্ড ব্ৰেইনৰ পৰীক্ষা৷

ব্ৰেইনৰ অপাৰেছন নকৰাকৈয়ে ছেকেণ্ড ব্ৰেইন কেনেকৈ শৰীৰত ইনষ্টল কৰিছে বিজ্ঞানীয়ে? এই বিষয়টোক বহুতে মানি ল’ব নুখুজিলেও প্ৰায় কেইখন প্ৰথম বিশ্বৰ দেশত ইয়াৰ সফল পৰীক্ষণ সম্পন্ন হৈছে৷ ছেকেণ্ড ব্ৰেইন কোনো চিপো নহয়৷ এয়া প্ৰকৃততে এক প্ৰকাৰৰ ডিজিটেল নথি৷ এয়া এনে এক সামগ্ৰী যিয়ে কোনো ডকুমেণ্ট বা ছবি ষ্টোৰ কৰি ৰাখিব পাৰে কমেও ৫০০ বছৰৰ বাবে৷

সকলো কথাই মনত ৰখা সম্ভৱ জানো! কোনোবাই কিবা পুৰণি কথা সুধিলে আমাৰ প্ৰত্যেকৰ উত্তৰ প্ৰায় এয়াই হয়৷ জন্মদিন, ফোন নম্বৰ, বিবাহ-বাৰ্ষিকী, বজাৰৰ লিষ্ট, পাছৱৰ্ড, অফিচ ৱৰ্ক ইত্যাদি ইত্যাদি৷ ইমান কথা মূৰত ৰখা সম্ভৱো নহয়৷ কিন্তু এতিয়াৰে পৰা এয়া একেবাৰেই সহজ কথা হৈ পৰিছে৷ ছেকেণ্ড ব্ৰেইনেই এইসমূহ কথা ছেভ কৰিব ৰাখিব৷ বিচাৰিলেই কোনো তথ্য ছেকেণ্ড ব্ৰেইনে যোগান ধৰিব আপোনাক৷

কেনেকৈ কাম কৰিব ছেকেণ্ড ব্ৰেইনে?

বিশেষজ্ঞসকলে দাবী কৰিছে যে এয়া এক ক্লাউড বেছড ডাটা ষ্টৰেজ চিষ্টেম৷ এপৰ মাধ্যমেৰে এয়া এক্টিভেট হয়৷ এপ ডাউনলড হ’লেই ছেকেণ্ড ব্ৰেইনে কাম কৰা আৰম্ভ কৰে৷ বিভিন্ন ছবি আৰু ডাটা ষ্টোৰ কৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰবাবে অৱশ্যে আপুনি কিছু ধন ব্যয় কৰিব লাগিব৷ মাহিলী ৫৬০টকাকৈ ধন খৰচ কৰিব লাগিব আপুনি৷ এয়া এক প্ৰকাৰৰ হিউমেন মেমৰি৷ বিজ্ঞানীৰ দাবী যে এই ছেকেণ্ড ব্ৰেইন ডাটা ষ্টোৰে এজন মানুহৰ মেমৰি সমূহ ধৰি ৰাখে৷ একেবাৰে মানৱ মগজুৰ দৰেই এই মেমৰীয়ে কাম কৰে৷

আপুনি কেনেকুৱা ছেকেণ্ড ব্ৰেইন বিচাৰে সেয়া নিজেই বাচনি কৰিব লাগিব৷ প্লে ষ্টোৰৰ পৰা ডাউনলোড কৰিব লাগিব বিশেষ এপ৷ নোছন, এভাৰনোট, ৱান নোট, অবচিডিয়ানৰ দৰে এপ আছে ছেকেণ্ড ব্ৰেইনৰ৷ এইসমূহ এপতেই ক্লাউড ডাটা ষ্টোৰ হ’ব৷ ছেকেণ্ড ব্ৰেইনক লৈ প্ৰথমে পৰীক্ষা চলিছিল ২০০৮ চনত৷ বিজ্ঞানীয়ে তেতিয়া কৈছিল এই এপ ডেভেলপ হ’লে মস্তিষ্কৰ কাম শেষ হৈ যাব৷ প্ৰধানকৈ নতুন নতুন চিন্তা-ভাৱনা কৰা কমি আহিব৷ মনত ৰাখিবৰ বাবেও অন্য ব্যৱস্থা থাকিলে মানুহৰ ব্ৰেইনে কাম কৰা এৰিব৷

ছেকেণ্ড ব্ৰেইন ডিজিটেল ডিভাইছৰ সৈতে একেই নেকি?

বিজ্ঞানীয়ে জনাইছে যে ছেকেণ্ড ব্ৰেইনৰ আই কিউ ভাল৷ নিজৰ বুদ্ধিৰে চলিব পাৰে৷ কি কি তথ্য আপুনি ষ্টোৰ কৰা উচিত সেই বিষয়েও নিয়মিত মোবাইলত আপোনাক এলাৰ্ট দি থাকিব এই ছেকেণ্ড ব্ৰেইনে৷ সমীক্ষাই কৈছে যে গড়ে এজন মানুহৰ ব্ৰেইনৰ পৰা ৩০ৰ পৰা ৫০টা তথ্য নিজে নিজেই ডিলিট হৈ যায়৷ আইনষ্টাইনৰ দৰে যিসকলৰ আইকিউ তেওঁলোকৰ অৱশ্যে ডিলিট হোৱাৰ সমস্যা কম৷ দ্ৰুতভাৱে ফোন নম্বৰ পাহৰি যোৱা, পাছৱাৰ্ড, ব্যক্তিৰ পৰিচয় পাহৰা, বেংক আইডি পাহৰা আদি সাধাৰণ মানুহৰ সদায়ে হোৱা সমস্যা৷ সেই সমস্যাৰ সমাধানৰ বাবেই বিজ্ঞানীয়ে আৱিষ্কাৰ কৰি উলিয়াইছে এই ছেকেণ্ড ব্ৰেইন৷

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *