প্ৰেমৰ সৈতে হৃদয়ৰ কোনো সম্পৰ্ক নাই! শৰীৰৰ কোনটো অংশই আৱেগ নিয়ন্ত্ৰণ কৰে?

প্ৰেমৰ সৈতে হৃদয়ৰ কোনো সম্পৰ্ক নাই! শৰীৰৰ কোনটো অংশই আৱেগ নিয়ন্ত্ৰণ কৰে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- প্ৰেমৰ কথাই হওক বা অন্য কোনো আৱেগৰ বিষয় হওক সকলোতে আমি হৃদয়ৰ সংযোগ আছে বুলি ভাৱো৷ হৃদয়ত আঘাত পালেই কান্দোন ওলাই আৰু যদি কোনোবা আপোনজনে মৰমেৰে সামৰি লয় তেন্তে হৃদয়খন সুখী হৈ পৰে বুলি আমাৰ সচৰাচৰ ধাৰণা৷ কিন্তু বিজ্ঞানসন্মতভাৱে প্ৰেম, কিম্বা আৱেগ আদি বিষয়ৰ হৃদয়ৰ সৈতে কোনো সম্পৰ্ক নাই৷ আমাৰ সকলো আৱেগ মগজুৰ সৈতে সম্পৰ্কিত, মগজুৰ পৰা ওলোৱা বিশেষ হৰমনেহে আমাৰ মনত আৱেগৰ সৃষ্টি কৰে৷

হৃদযন্ত্ৰৰ কাম প্ৰেম কৰা নহয়

হৃদযন্ত্ৰৰ প্ৰধান কাম হৈছে শৰীৰত তেজ প্ৰবাহিত কৰা৷  হৃদযন্ত্ৰই এটা পাম্পৰ দৰে কাম কৰে৷ পাম্পিং সঠিক থকালৈকে সঠিকভাৱে শৰীৰত তেজৰ চলাচল হৈ থাকে আৰু হৃদক্ৰিয়া বন্ধ হ’লেই শৰীৰত ৰক্ত সঞ্চালন বন্ধ হৈ মানুহ এজনৰ মৃত্যু হয়৷ ইয়াৰ সৈতে প্ৰেম, আৱেগ আদি জড়িত হৈ থকাৰ প্ৰশ্নই নাহে৷

মানুহ কিয় প্ৰেমত পৰে?

এজন ব্যক্তিৰ মনত আৱেগ বা প্ৰেমভাৱ জাগি উঠাৰ প্ৰধান কাৰণ হৈছে শৰীৰত নিসৰিত হোৱা অক্সিটছিন হৰমন৷ অক্সিটছিন হৰমনৰ বাবেই এজন মানুহৰ মনত আৱেগে দোলা দি থাকে৷ এই হৰমন পিটুইটাৰি গ্ৰন্থিৰ পৰা নিসৰিত হয়, যিয়ে মস্কিষ্কৰ হাইপোথেলামাছৰ তলৰ অংশলৈকে থাকে৷ প্ৰেমত পৰা অন্তৰংগ সম্পৰ্ক গঢ়া সকলোবোৰ অক্সিটছিন হৰমনৰ বাবেই হয়৷ জীৱবিজ্ঞানত এই কথা উল্লেখ আছে৷ এই হৰমন মানুহৰ শৰীৰত জন্মগতভাৱেই থাকে৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *