দিল্লীত পুনৰ মুণ্ডহীন গেলা মৃতদেহ উদ্ধাৰ! কুকুৰেই খাই পেলাইছিল দেহৰ অৰ্ধাংশ…

দিল্লীত পুনৰ মুণ্ডহীন গেলা মৃতদেহ উদ্ধাৰ! কুকুৰেই খাই পেলাইছিল দেহৰ অৰ্ধাংশ…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: দিল্লীত কি হ’ব ধৰিছে? শ্ৰদ্ধা হত্যাকাণ্ডই ৰাজধানী কঁপাই থকাৰ সময়তে আন এক খবৰে আকৌ এবাৰ দিল্লীত বাঢ়ি অহা অপৰাধৰ কথাকেই প্ৰমাণ কৰি দেখুওৱাইছে। শ্ৰদ্ধাৰ দেহৰ অংশ বিচাৰি অভিযান চলাই থাকোতে উদ্ধাৰ হৈছে আন এটা মুণ্ডহীন দেহ। উত্তৰ-পূব দিল্লীৰ মৰিওৱালা বাগৰ এখন পাৰ্কৰ পৰা উদ্ধাৰ হৈছে মুণ্ডহীন দেহ। ভৰত নগৰ থানাৰ অন্তৰ্গত নিমৰি কলনিৰ টিছাৰ্চ পাৰ্কত পৰি থকা অৱস্থাত দেখা পায় মুণ্ডহীন দেহটো। স্থানীয় ব্যক্তিসকলে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে।

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰাৰ পাছতেই জনায় যে এই দেহটো পুৰুষৰ দেহ। মৃতদেহটো প্ৰায় ৪ সপ্তাহ আগৰ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰা মতে পাৰ্কৰ কাষতেই পৰি আছিল মৃতদেহটো। কুকুৰে খাই আছিল মৃতদেহৰ মাংসপিণ্ড। ইতিমধ্যে দেহৰ বহু মাংসপিণ্ড কুকুৰে খাই শেষ কৰিছে বুলিও জনাইছে প্ৰত্যক্ষদৰ্শীয়ে। দেহৰ পৰা কিছু দুৰৈত মূৰটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *