হাতত এই দুই ৰেখা থকা অত্যন্ত শুভ! প্ৰচুৰ অৰ্থ-সম্পদৰ মালিক হয় এইসকল লোক

হাতত এই দুই ৰেখা থকা অত্যন্ত শুভ! প্ৰচুৰ অৰ্থ-সম্পদৰ মালিক হয় এইসকল লোক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জ্যোতিষশাস্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ অংগ হৈছে হস্তৰেখাশাস্ত্ৰ। হস্তৰেখাই আমাৰ ভৱিষ্যত্‍, প্ৰকৃতি, কেৰিয়াৰ সম্পৰ্কে জনায়। কোনো ব্যক্তিৰ ভৱিষ্যতত কি ঘটিব সেই কথা ব্যক্তিৰ হস্তৰেখা গণনা কৰিয়েই জানিব পাৰি। হাতৰ পতাত থকা বিভিন্ন ৰেখাই নিজস্ব অৰ্থ আৰু মাহাত্ম্য বহন কৰে।

হস্তৰেখাবিদে জনোৱা অনুসৰি হাতৰ পতাত কোনো কোনো ৰেখাই আমাৰ আৰ্থিক পৰিস্থিতিক শক্তিশালী কৰে। যিসকলৰ হাতত এই ৰেখাসমূহ থাকে তেওঁলোকৰ জীৱনত প্ৰচুৰ অৰ্থ আৰু সম্পদ আহিব পাৰে। হাতৰ পতাত থকা কোন কোন ৰেখাই আপোনাৰ ধনী হোৱাৰ ইংগীত বহন কৰে জানেনে?

অর্থ ৰেখা

আমাৰ হাতৰ ঠিক মাজেৰে যি ৰেখা থাকে সেই ৰেখা হৈছে অৰ্থ ৰেখা। ইয়াক সম্পদ ৰেখা বুলিও কোৱা হয়। হস্তৰেখাশাস্ত্ৰ অনুসৰি হৃদয় ৰেখা আৰু কবজি ৰেখাৰ মাজত অৰ্থ ৰেখাই অৱস্থান কৰে। পুৰুষৰ বাওঁ হাত আৰু মহিলাৰ সোঁ হাতত অৰ্থ ৰেখা থাকে। যিসকলৰ হাতত অৰ্থ ৰেখা গভীৰ আৰু স্পষ্ট হয় সেই ব্যক্তিৰ ধন লাভৰ সম্ভাৱনা প্ৰৱল হয়। অন্যহাতে অৰ্থৰেখা পাতল হ’লে জাতকৰ জীৱনত আৰ্থিক সমৃদ্ধি লাভ কৰিব নোৱাৰে।

ভাগ্য ৰেখা

যিসকলৰ হাতৰ ভাগ্য ৰেখা গভীৰ হয় তেওঁলোক অত্যন্ত সৌভাগ্যশালী হয়। আমাৰ হাতৰ ভাগ্যৰেখা বৃহস্পতিৰ পৰ্বত আৰু চন্দ্ৰ পৰ্বতৰ পৰা আৰম্ভ হয়। এই ৰেখা দীঘল চিধা হোৱাটো খুৱেই শুভ। ইয়াৰোপৰি এই ৰেখা যিমানেই স্পষ্ট আৰু গভীৰ হ’ব সিমানেই সমৃদ্ধিৰ অধিকাৰী হয়। এওঁলোকৰ জীৱনত কেতিয়াও অৰ্থৰ অভাৱ নহয়। যিসকলৰ ভাগ্য ৰেখা পাতল আৰু অগভীৰ হয় তেওঁলোকে জীৱনত প্ৰচুৰ সমস্যাৰ মুখামুখি হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *