ৰামৰ প্ৰাণপ্ৰতিষ্ঠা আপুনিও কোনো অসুবিধা নোহোৱাকৈ চাব পাৰিব! কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীয়েই পাব অৰ্ধছুটী, ঘোষণা মোদী চৰকাৰৰ

ৰামৰ প্ৰাণপ্ৰতিষ্ঠা আপুনিও কোনো অসুবিধা নোহোৱাকৈ চাব পাৰিব! কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীয়েই পাব অৰ্ধছুটী, ঘোষণা মোদী চৰকাৰৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ২২ জানুৱাৰী সোমবাৰে অযোধ্যাত ৰামমন্দিৰৰ উদ্বোধন কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰামৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত দেশৰ ভিন্ন ক্ষেত্ৰৰ বহু নামী দামী ব্যক্তি উপস্থিত থাকিব এই অনুষ্ঠানত। দেশজুৰি এই দিনটোত বিশেষ কিছু উদযাপনো চলিব। সেয়ে এই বিশেষ দিনটোত সমগ্ৰ দেশতে অৰ্ধছুটী ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে যাতে ৰামৰ প্ৰাণপ্ৰতিষ্ঠা অনুষ্ঠানটোৰ লাইভ চাব পাৰে তাৰবাবে এই ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

২২ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীকেই অৰ্ধছুটি দিয়া হ’ব বুলি ঘোষণা কৰিছে কেন্দ্ৰই। তাতেই কোৱা হৈছে যে ২২ জানুৱাৰীত সমস্ত কেন্দ্ৰীয় চৰকাৰী কাৰ্যালয়, কেন্দ্ৰীয় প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় শিল্প প্ৰতিষ্ঠান সকলোবোৰকেই অৰ্ধছুটী দিয়া হ’ব। কেৱল কেন্দ্ৰীয় চৰকাৰেই নহয় একাধিক বিজেপিশাসিত ৰাজ্যত এইদিনটোত ছুটী দিয়া হ’ব। উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সেই দিনটোত ৰাজ্যৰ সমস্ত স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছুটি ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

উত্তৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশত ৰামমন্দিৰৰ প্ৰাণপ্ৰতিষ্ঠাৰ দিনটোত সুৰাৰ সকলোবোৰ দোকানো বন্ধ থাকিব। উত্তৰাখণ্ড, ছত্তিছগঢ়, অসম, হাৰিয়ানাত সেইদিনটোক ড্ৰাই ডে’ ঘোষণা কৰা হৈছে। এই দিনটোত গোৱাতো সমস্ত স্কুল আৰু চৰকাৰী কাৰ্যালয় বন্ধ থাকিব। ৰামৰ প্ৰাণপ্ৰতিষ্ঠাৰ অনুষ্ঠান কেনেকৈ চাব দেশৰ প্ৰতিজন নাগৰিকে সেই সম্পৰ্কেও বিশেষ তথ্য দাঙি ধৰিছে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰীয় চৰকাৰে দিয়া জাননী অনুসৰি ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠান দুৰদৰ্শনত সম্প্ৰচাৰ হ’ব। ২২ জানুৱাৰী সোমবাৰে পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে ডি ডি নেশ্ব্যনেলত এই অনুষ্ঠানৰ লাইভ সম্প্ৰচাৰ কৰা হ’ব। যদিও দুৰদৰ্শন আৰু কিছু চেনেলে লাইভ ফিড শ্বেয়াৰ কৰিব তথাপিও আনকাট সম্প্ৰচাৰ কেৱল ডি ডি নেশ্ব্যনেলতেই প্ৰচাৰ হ’ব বুলি জনাইছে। টেলিভিচন নথকা লোকে এই অনুষ্ঠান ইউটিউবত চাব পাৰিব। বিভিন্ন দেশৰ ভাৰতীয় দূতবাসত এই লাইভ সম্প্ৰচাৰ কৰা হ’ব। ইয়াৰোপৰি দেশৰ ১০০০ টা মন্দিৰত লাইভ সম্প্ৰচাৰ চলিব এই অনুষ্ঠানৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *