ছন্দ ঘূৰি আহিছে হাগ্ৰামা মহিলাৰীৰ, ৰাজহুৱা কৰিলে লোকসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰস্তুতিৰ কথা…

ছন্দ ঘূৰি আহিছে হাগ্ৰামা মহিলাৰীৰ, ৰাজহুৱা কৰিলে লোকসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰস্তুতিৰ কথা…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: আহি আছে লোকসভা নিৰ্বাচন৷ আৰু সমাগত এই নিৰ্বাচনক সমুখত ৰাখি দলক শক্তিশালী কৰাত উঠি পৰি লাগিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী৷ শনিবাৰে বৰমাত অনুষ্ঠিত বিপিএফৰ বিশেষ অধিৱেশনৰ মঞ্চৰ পৰাই হাগ্ৰামা মহিলাৰীয়ে ৰাজহুৱা কৰিলে ২০২৪ ৰ বাবে দলৰ প্ৰস্তুতিৰ কথা৷

বিটিআৰত দ্ৰুততাৰে নামিছে সাংগঠনিক অভিযানত। ৪০ টা পৰিষদীয় সমষ্টিৰ সৰ্বত্ৰ দলীয় অভিযান। বুথ পৰ্যায়তো দলীয় সমিতি গঠনেৰে নতুনত্ব অনাৰ প্ৰয়াস কৰিছে দলটোৱে।

পৰিষদীয় ক্ষমতাৰ পৰা বিতাৰিত হোৱাৰ দুবছবৰ বিৰতিৰ পাছত হঠাৎ ছন্দ ঘূৰি আহিছে হাগ্ৰামা মহিলাৰীৰ৷ বড়োভূমিৰ সৰ্বত্ৰ সাংগঠনিক বিস্তাৰ অভিযানৰ নেতৃত্ব দি দলক সমুখৰ পৰাই উজ্জীৱিত কৰাৰ বাবে উঠি পৰি লাগিছে বিপিএফ প্ৰধানজনে৷

প্ৰতিদ্বন্দী ইউ পি পি এলৰ বিৰুদ্ধে যুদ্ধংদেহী মনোভাৱেৰে ফিল্ডত নামি পৰিছে  হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ দলটোৱে৷ দলীয় মুৰব্বীজনৰ আগ্ৰাসী স্থিতি দেখি উজ্জীৱিত হৈছে দলৰ নেতা-কৰ্মীসকল।

দলক সুসংগঠিত কৰাৰ স্বাৰ্থতে সাংগঠনিক গাঁথনি পূৰ্বৰ ৪ তৰপীয়াৰ পৰিৱৰ্তে  নতুনকৈ কৰা হৈছে ৫ তৰপীয়া। শনিবাৰৰে অনুষ্ঠিত বিশেষ অধিবেশনৰ মঞ্চৰ পৰাই ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰতিজন নেতা-কৰ্মীক সাজু হ’বলৈ আহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *