গ্ৰহণেৰে আৰম্ভ সপ্তাহত সূৰ্য-বৃহস্পতিৰ যুঁটি! প্ৰেমৰ আলোকত উজ্বলিব এই ৫ ৰাশি

গ্ৰহণেৰে আৰম্ভ সপ্তাহত সূৰ্য-বৃহস্পতিৰ যুঁটি! প্ৰেমৰ আলোকত উজ্বলিব এই ৫ ৰাশি

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- এপ্ৰিল মাহৰ এই দ্বিতীয় সপ্তাহত প্ৰেম জীৱনত বিশেষ উল্লেখযোগ্য প্ৰভাৱ পৰিব কেইটামান ৰাশিৰ জীৱনত। আগন্তুক ১৩ এপ্ৰিলত মেষ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই। তাতেই পূৰ্বৰে পৰা অৱস্থান কৰি আছে বৃহস্পতিয়ে।সূৰ্যৰ গোচৰৰ ফলত মেষ ৰাশিচ সূৰ্য আৰু বৃহস্পতিৰ মিলন হ’ব। ইয়াৰোপৰি মেষ ৰাশিত বুধ আৰু শুক্ৰৰ মিলনত গঠিত হ’ব লক্ষ্মী নাৰায়ণ যোগ। জ্যোতিষ গণনা অনুসৰি এই শুভ যোগত প্ৰেম জীৱনত বিশেষ উন্নতি হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে। ৮ এপ্ৰিল ২০২৪ পৰ্যন্ত এই সপ্তাহটো প্ৰেমৰ দিশৰ পৰা দুৰ্দান্ত হ’ব।

মেষ ৰাশি

পাৰস্পৰিক প্ৰেমৰ বন্ধন এই সপ্তাহত দৃঢ় হ’ব। প্ৰেমৰ সম্পৰ্কত এই সপ্তাহত বেছ কিছু শুভ পৰিবৰ্তন আহিব। সংগীৰ সৈতে সুন্দৰ সময় কটাব। প্ৰেমত টাৰ্নিং পয়েণ্ট আহিব পাৰে।

বৃষ ৰাশি

প্ৰেমৰ দিশৰ পৰা ৮ৰ পৰা ১৪এপ্ৰিলৰ ভিতৰত এই সপ্তাহত নতুন কিছু পৰিবৰ্তন আহিব বৃষ ৰাশিৰ জাতকৰ জীৱনত। এই সময়ত আপোনাৰ জীৱন সুখ আৰু শান্তিৰে ভৰপুৰ হৈ থাকিব। জীৱনসংগীৰ সৈতে সুন্দৰ সময় কটাব। বৃষ ৰাশিৰ জাতকৰ মনত নতুন চিন্তা ভাৱনা আহিব পাৰে। নতুন চিন্তাই আপোনাৰ প্ৰেম জীৱন মংগলময় হ’ব।

​মিথুন ৰাশি

চলিত সপ্তাহত প্ৰেম তুংগত থাকিব এই ৰাশিৰ জাতকৰ জীৱনত। এই সপ্তাহত আপোনাৰ প্ৰেম জীৱন আনন্দ আৰু ভালপোৱাৰে উজ্জ্বল হৈ থাকিব। পৰস্পৰৰ প্ৰতি টান বাঢ়িব। সংগীৰ সৈতে শ্বপিঙত যাব পাৰে। নিজৰ ঘৰখনক সুন্দৰভাৱে সজোৱাৰ পৰিকল্পনা কৰিব পাৰে। সপ্তাহৰ শেষত মিথুন ৰাশিৰ জাতকৰ জীৱনত শুভ কোনো ঘটনা ঘটিব পাৰে।

সিংহ ৰাশি

এই সপ্তাহ প্ৰেমৰ দিশৰ পৰা সুখৰ হ’ব সিংহ ৰাশিৰ জাতকৰো। নিজৰ প্ৰেমৰ সম্পৰ্কৰ প্ৰতি মনোযোগী হৈ উঠিব আপুনি। এই সময়ত সিংহ ৰাশিৰ জাতকৰ জীৱনত প্ৰেম আৰু সমৃদ্ধি দুয়োটাই বৃদ্ধি পাব। চলিত সপ্তাহ বেছ ৰোমাণ্টিকভাৱে কটাব আপুনি। সংগীৰ সৈতে ভাল সময় অতিবাহিত কৰিব। সংগীৰ পৰা সকলো বিষয়তে সমৰ্থন পাব।

​কুম্ভ ৰাশি

পাৰস্পৰিক প্ৰেমৰ বন্ধন এই সপ্তাহত বহু পৰিমানে উন্নত হ’ব। সংগীৰ সৈতে সুখৰ সময় কটাব। পুৰণি ভুল বুজাবুজি এই সময়ত দূৰ হ’ব। আপোনাৰ কথাই সংগীক মুগ্ধ কৰিব। সপ্তাহৰ শেষত কোনো ভাল অভিজ্ঞতাৰ মুখামুখি হ’ব পাৰে আপুনি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *