গান্ধীৰ ৰাজ্য কেনেকৈ দখল কৰিলে মোদী-শ্বাহে? গুজৰাটত কংগ্ৰেছৰ শোচনীয় বিপৰ্যয়ৰ মূলতে এইকেইটা কাৰণ…

গান্ধীৰ ৰাজ্য কেনেকৈ দখল কৰিলে মোদী-শ্বাহে? গুজৰাটত কংগ্ৰেছৰ শোচনীয় বিপৰ্যয়ৰ মূলতে এইকেইটা কাৰণ…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: এই আভাষ কেইবামাহ পূৰ্বে পোৱা গৈছে৷ এক্সিট প’লেও কৈছিল একেই কথা৷ সোমবাৰে গুজৰাটৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পাছৰে পৰা দেশৰ আগশাৰীৰ সংবাদ মাধ্যমৰ সমীক্ষাত গুজৰাটৰ বিজেপিৰে অগ্ৰগতিৰ আভাষ পোৱা গৈছে৷ বৃহস্পতিবাৰে হৈ থকা ভোটগণনাত এই এক্সিট প’ল সঁচা প্ৰমাণিত হৈছে৷ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ৰাজ্যত কংগ্ৰেছ-আপৰ স্থান নাই যে সেই কথা স্পষ্ট হৈছে৷

ভোটগণনাত ১৮২ খন আসনৰ ভিতৰত ১৫৮ আসনতেই সংখ্যাগৰিষ্ঠতাৰে আগবাঢ়ি আছে বিজেপি৷ ১৯৮৫ চনত কংগ্ৰেছে গঢ়া অভিলেখ ভংগ কৰিছে বিজেপি দলে৷ ১৯৮৫ চনত কংগ্ৰেছে ১৮২ খন আসনৰ ভিতৰত ১৪৯ খন আসন লাভ কৰিছিল৷ ২০২২ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ অভিলেখ ভংগ কৰি বিজয়ৰ দিশে আগবাঢ়িছে বিজেপি৷ বিজেপিয়ে প্ৰায় ৫৩ শতাংশ ভোট লাভ কৰিছে৷ আনহাতে কংগ্ৰেছে লাভ কৰিছে মাত্ৰ ২৭ শতাংশ ভোট৷ চৰকাৰ গঠন কৰিমেই বুলি দাবী কৰা আপে লাভ কৰিছে মাত্ৰ ১৩ শতাংশ ভোট৷

২০১৭ চনৰ নিৰ্বাচনত বিজেপিক টক্কৰ দিছিল কংগ্ৰেছে৷ ১৮২ খন আসনৰ ভিতৰত ৭৭ খন আসন লাভ কৰিছিল কংগ্ৰেছে৷ তাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছিল ৯৯ খন আসন৷ ২০১৭ চনত কথমপি চৰকাৰ গঠন কৰা বিজেপিয়ে এইবাৰ বিপুল সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে৷ ২০১৭ চনত কংগ্ৰেছে গুজৰাটত লাভ কৰিছিল ৪৪ শতাংশতকৈও অধিক ভোট৷ আনহাতে বিজেপিয়ে লাভ কৰিছিল ৪৯ শতাংশ ভোট৷ লোকসভা নিৰ্বাচনত ২০১৯ চনতো কংগ্ৰেছ ব্যৰ্থ হৈছিল মোদী-শ্বাহৰ ৰাজ্যত৷ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত বিজেপিৰ সফলতাৰ পাছতে চৰ্চা হৈছে৷ ২০২৬ৰ লোকসভাৰ নিৰ্বাচনতো বিজেপিয়ে জয়লাভ কৰিব!

উল্লেখ্য যে বিগত ৫ বছৰত গুজৰাটত কংগ্ৰেছৰ ১৯ জন বিধায়কে বিজেপিত যোগদান কৰিছে৷ বিজেপিত যোগদান কৰা নেতাসকলৰ ভিতৰত আছে– মোহন সিং ৰাথোৱাৰ, অল্পেশ ঠাকুৰকে ধৰি কংগ্ৰেছৰ শক্তিশালী নেতা৷ ১০ বছৰে দক্ষিণ আৰু পূব গুজৰাটত কংগ্ৰেছৰ নেতৃত্ব দি থকা মোহন সিঙৰ পদত্যাগে কংগ্ৰেছক দুৰ্বল কৰি তুলিছিল৷ যাৰ বাবে বিধানসভাত নিৰ্বাচনত দক্ষিণ-পূব গুজৰাটত ধৰাশায়ী হৈছিল কংগ্ৰেছ৷ ইয়াৰোপৰি এইবাৰ গুজৰাটত হোৱা ত্ৰিকোণ যুঁজত দলিত, অনগ্ৰসৰ শ্ৰেণীৰ ভোট বিভাজিত হৈছে৷ আপে কংগ্ৰেছৰ বহু স্থায়ী ভোট কাঢ়ি নিয়াৰ বাবে গুজৰাটত কংগ্ৰেছ ধৰাশায়ী হোৱা বুলি ৰাজনৈতিক বিশ্লেষকে দাবী কৰিছে৷

নিৰ্বাচনী পৰিসংখ্যাই কয়, ১৯৮৫ চনৰ পাছত মহাত্মা গান্ধীৰ ৰাজ্য গুজৰাটত কংগ্ৰেছে এবাৰো বিধানসভা নিৰ্বাচনত জয়লাভ কৰিব সক্ষম হোৱা নাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *