এতিয়া ক্লাছৰ ৰোলকলত য়েছ ছাৰ বা মেম নহয়, ক’ব লাগিব ‘জয় শ্ৰী ৰাম’

এতিয়া ক্লাছৰ ৰোলকলত য়েছ ছাৰ বা মেম নহয়, ক’ব লাগিব ‘জয় শ্ৰী ৰাম’

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ক্লাছত সকলো ছাত্ৰ-ছাত্ৰীৰ উপস্থিত আছেনে নাই তাৰবাবে ক্লাছত ৰোলকল কৰা হয়। প্ৰত্যেক দিনাৰ দৰেই ৰোল কল চলিছে। ক্লাছত হাজিৰাৰ প্ৰমাণ দিবলৈ য়েছ ছাৰ বা য়েছ মেম নহয় ছাত্ৰ-ছাত্ৰীয়ে চিঞৰিছে জয় শ্ৰী ৰাম। ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গুজৰাটৰ এখন বিদ্যালয়। ২২ তাৰিখে বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ উদ্বোধন হ’ব। ২২ তাৰিখৰ পৰা সাধাৰণ লোকৰ বাবে খুলি দিয়া হ’ব ৰাম মন্দিৰৰ দুৱাৰ। এই সময়তেই গুজৰাটৰ বনাছকাঁথা জিলাৰ এখন বিদ্যালয়ত দেখা গ’ল এই বিশেষ দৃশ্য। ইতিমধ্যে এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

বিদ্যালয় কৰ্তৃপক্ষই স্পষ্টীকৰণ দিছে যে, তেওঁলোকেই এই নিয়ম জাৰি কৰিছে। কাৰণ ৰাম মন্দিৰলৈ প্ৰতিজন সনাতনীৰেই আছে দুৰ্বাৰ হেঁপাহ। বহু প্ৰতীক্ষাৰ অন্তত ৰাম মন্দিৰ নিৰ্মাণ হৈ উঠিছে। গতিকে সকলোৱে ৰামৰ প্ৰতি শ্ৰদ্ধা জনাই এই কাম কৰিব পাৰে। ৰামৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিয়েই বিদ্যালয়ত এই নিয়ম কৰা হৈছে। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে, ক্লাছত শিক্ষক প্ৰৱেশ কৰাৰ লগে লগে প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়েই থিয় হৈ জয় শ্ৰী ৰাম ধ্বনি দিছে। তাৰপিছতেই শিক্ষকে ৰোলকল কৰিবলৈ আৰম্ভ কৰিছে। ৰোল কল কৰি থকাৰ সময়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ৰোল নং মাতোতে থিয় হৈ জয় শ্ৰী ৰাম ধ্বনি দিছে। এই বিষয়টোক লৈ আৰম্ভ হৈছে বিতৰ্কও।

https://x.com/aaravxelvish/status/1744262378072559634?s=20

একাংশৰ মতে স্কুলৰ ভিতৰত এনে ধৰ্মীয় শ্লোগান দিয়া উচিত নহয়। কাৰণ বিদ্যালয়ত সকলো ধৰ্মৰ ছাত্ৰ-ছাত্ৰীয়েই পঢ়াশুনা কৰে। এইক্ষেত্ৰত অন্য ধৰ্মৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভাৱাবেগত আঘাত হ’ব পাৰে। ইয়াৰোপৰি বিদ্যালয়ৰ দৰে প্ৰতিষ্ঠানত কোনো কাৰণতে ধৰ্মীয় শ্লোগান গ্ৰহণযোগ্য হ’ব নোৱাৰে। অন্যহাতে আন একাংশই আকৌ এই বিষয়টোক সমৰ্থনো কৰিছে। তেওঁলোকৰ মতে ৰাম মন্দিৰৰ উদ্বোধনৰ সৈতে জড়িত হৈ আছে প্ৰতিগৰাকী হিন্দুৰেই আৱেগ। ৰাম নামৰ মাজেৰে ঈশ্বৰক শ্ৰদ্ধা জনোৱাত আপত্তি থাকিব নালাগে।

উল্লেখ্য যে ৰামৰ অভিষেকৰ দিনটোত দেশৰ বহুকেইখন ৰাজ্যত অৰ্ধছুটী ঘোষণা কৰা হৈছে। কেইবাখনো ৰাজ্যত বন্ধ থাকিব সুৰাৰ বিক্ৰিও। বহু স্থানত আকৌ মাংসৰ দোকানো বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, গোৱা, ছত্তিছগড়ৰ চৰকাৰী বিদ্যালয় বন্ধ থাকিব বুলিও নিৰ্দেশনা প্ৰকাশ পাইছে। অসমতো সেই দিনটোক ড্ৰাই ডে’ বুলি ঘোষণা কৰা হৈছে। ইফালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে সেই দিনটোতেই তেওঁৰ ৰাজ্যত সংহতি মিছিল ওলিয়াব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *