ঘৰত আঁহতৰ গছ গজি উঠিছে নেকি, তেন্তে এতিয়াই কৰক এই কাম, অন্যথা এই দোষে পাব

ঘৰত আঁহতৰ গছ গজি উঠিছে নেকি, তেন্তে এতিয়াই কৰক এই কাম, অন্যথা এই দোষে পাব

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ঘৰত আঁহতৰ গছ গজি উঠিছে নেকি, তেন্তে এতিয়াই কৰক এই কাম, অন্যথা এই দোষে পাব

হিন্দু ধৰ্মত আঁহত গছৰ মাহাত্য অধিক। আঁহত গছক বহু লোকে পূজা কৰে, ইয়াৰ প্ৰদক্ষিণ কৰি মনে বিচৰা বৰদানো বিচাৰে। পাছে কিতিয়াবা এই আঁহত গছেই কেতিয়াবা কোনো দোষৰ কাৰণ হৈ পৰিব পাৰে। ঘৰত ইয়াৰ বৃদ্ধি বাস্তুৰ দৃষ্টিকোণৰ পৰা শুভ বুলি গণ্য কৰা নহয়।

আনহাতে সনাতন ধৰ্মত পূৰ্বপুৰুষক সন্মান আৰু বিশেষ স্থান দিয়া হৈছে। কোনোবা নহয় কোনোবা ৰূপত পূৰ্বপুৰুষ আমাৰ মাজত উপস্থিত থাকে বুলিও বিশ্বাস কৰা হয়। পাছে ঘৰত আঁহতৰ গছ গজি উঠিলে পূৰ্ব পুৰুষৰ দোষ লগা বুলি কয়।

বাস্তু শাস্ত্ৰত বহুতো নিয়ম আৰু প্ৰতিকাৰ আছে, যাৰ অনুসৰণ কৰি ব্যক্তিজনৰ বহু ইচ্ছা পূৰণ হয়। বাস্তুৰ মতে ঘৰত গছ-গছনি ৰোপণ কৰাটো শুভ, কিন্তু তাৰে কিছুমান একেবাৰে শুভ নহয়। আঁহতগছৰ কথা ক’বলৈ গ’লে, যদি এই গছ হঠাতে ঘৰৰ ক’ৰবাত গজিবলৈ আৰম্ভ কৰে, তেন্তে বাস্তুৰ মতে, ই আপোনাৰ পূৰ্বপুৰুষসকল যে আপোনাৰ ওপৰত সুখী নহয় তাৰ লক্ষণ বুলি গণ্য কৰা হয়।

সেয়ে এই গছ গজি উঠিলে বেছি ডাঙৰ হোৱাৰ আগতে আঁতৰাই পেলাব লাাগে। কিন্তু আঁহতৰ গছ আঁতৰোৱাৰ সময়ত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। শনিবাৰ আৰু বৃহস্পতিবাৰৰ বাহিৰে আন যি কোনো বাৰে এই গঠ উঠাই কোনো অন্য ঠাইত ৰুই দিব।

বিশ্বাস কৰা হয় যে যদি ঘৰত আঁহত গছ গজিছে, তেন্তে ৪৫ দিন পূজা কৰাৰ পিছত তাৰ শিপাৰ সৈতে আঁতৰাই আন কোনো ঠাইত ৰোপণ কৰিব লাগে। পিতৃ দোষৰ পৰা সকাহ পাবলৈ কাউৰী, কুকুৰ, চৰাই আৰু গৰুক ৰুটি খুৱাব।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *