আৰম্ভ গৃহলক্ষ্মী যোগ! এইবাৰৰ দীপাৱলীত হাতলৈ অনাকাংশিত ধন আহিব ৩ৰাশিৰ

আৰম্ভ গৃহলক্ষ্মী যোগ! এইবাৰৰ দীপাৱলীত হাতলৈ অনাকাংশিত ধন আহিব ৩ৰাশিৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- শীঘ্ৰেই তৈয়াৰ হ’ব গৃহলক্ষ্মী যোগৰ। শুক্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত বৃহস্পতিৰ সৈতে মিলিত হৈ শুভ যোগ তৈয়াৰ হ’ব। জ্যোতিষ শাস্ত্ৰ অনুসৰি গৃহ লক্ষ্মী যোগক অত্যন্ত শুভ বুলি ধৰা হয়। এই যোগৰ প্রভাৱত জাতকৰ জীৱনত সকলোবোৰেই শুভ হ’ব। ধন ধ্যান বৃদ্ধি হৈ সমাজত মান সন্মান বাঢ়িব। জ্যোতিষ শাস্ত্ৰ অনুসৰি শুক্ৰ, বুধ আৰু মঙল গ্ৰহে তিনিও উচ্চ স্থানত থাকি গৃহলক্ষ্মী যোগ তৈয়াৰ হ’ব।

কেতিয়াৰে পৰা গৃহলক্ষ্মী যোগ?
৩ নৱেম্বৰত শুক্ৰ কন্যা ৰাশিত প্ৰৱেশ কৰিব। এই ৰাশিৰ লগ্ন স্থানত উপস্থিত থাকিব শুক্ৰ। কন্যাৰ নৱম স্থানৰ অধিপতি এই গ্ৰহ। ইয়াৰোপৰি বৃহস্পতিয়ে মেষ ৰাশিত প্ৰৱেশ কৰিব। এই পৰিস্থিতিতেই গৃহলক্ষ্মী যোগ তৈয়াৰ হ’ব। এই যোগ কেইটামান ৰাশিৰ জাতকৰ বাবে শুভ। ইয়াৰ দ্বাৰা কোন কোন ৰাশিৰ জাতক লাভাম্বিত হ’ব।

বৃষ ৰাশি
গৃহলক্ষ্মী যোগ বৃষ ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব। সমাজত মান সন্মান লাভ কৰিব এই ৰাশিৰ জাতকে। দীৰ্ঘদিন ধৰি ৰৈ যোৱা কাম সম্পন্ন হ’ব। উচ্চপদত কৰ্মৰত ব্যক্তিয়ে সুসংবাদ লাভ কৰিব। পৰিয়াল আৰু বন্ধুৰ সহযোগত ব্যৱসায়ত সফলতা অৰ্জন কৰিব এই ৰাশিৰ জাতকে। ধন লাভৰো যোগ আছে। ইয়াৰোপৰি ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব। এই পৰিস্থিতিত সমস্ত ক্ষেত্ৰত সাফল্য লাভ কৰিব বৃষ ৰাশিৰ জাতকে। পৈতৃক সম্পত্তি লাভৰো প্ৰৱল সম্ভাৱনা আছে। নতুন চাকৰিৰ সন্ধানত থকাসকলেও চাকৰি লাভ কৰিব।

সিংহ ৰাশি
জ্যোতিষ শাস্ত্ৰ অনুসৰি গৃহলক্ষ্মী যোগৰ প্রভাৱত সিংহ ৰাশিৰ জাতকৰ জীৱনলৈ সাফল্য আহিব। ব্যৱসায়ত সফলতা। ইয়াৰোপৰি কোনো বৃহৎ ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰিব পাৰে। ঋণৰ পৰা মুক্তি পোৱাৰ ওপৰিও নতুন আয়ৰ উৎস লাভ কৰিব। পাৰিবাৰিক সমস্যা দূৰ হ’ব। স্বাস্থ্য ভালে থাকিব।

কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ বাবে এই সময় শুভ। আইনী মামলাত সফলতা পাব। গাড়ী, সম্পত্তি ক্ৰয়ৰ যোগ। ইয়াৰোপৰি ব্যৱসায়ত সফলতা লাভ কৰিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব কুম্ভ ৰাশিৰ জাতকে। ঋণমুক্তিৰ ওপৰিও নতুন আয়ৰ উৎস বিচাৰি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলে সফলতা লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *