আৰক্ষীলৈ আকৌ আহিল নতুন নিয়ম! অসম আৰক্ষীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব শূন্য সহনশীল নীতিঃ ডিজিপি জি পি সিং

আৰক্ষীলৈ আকৌ আহিল নতুন নিয়ম! অসম আৰক্ষীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব শূন্য সহনশীল নীতিঃ ডিজিপি জি পি সিং

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

অসম লাইভ২৪ঃ অসম আৰক্ষীলৈ আহ্বান জনাই কেইবাটাও বিশেষ আহ্বান জনাইছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। সামাজিক মাধ্যমযোগে জি পি সিঙে লিখিছে, 

‘ইংৰাজী নৱবর্ষ উপলক্ষ্যে অসমৰ আৰক্ষীৰ সতীৰ্থসকলৰ প্ৰতি আহ্বান
নৱবৰ্ষৰ প্ৰাৰম্ভতেই অসমৰ ৰাইজৰ ওচৰত পুনৰবাৰ সমর্পিত হ’বলৈ আমি সুযোগ পাইছো। আহক, আমি সকলোটি মিলি এক পৰিশিলীত আৰু দায়বদ্ধ অসম আৰক্ষীৰ পৰিচয় প্ৰতিষ্ঠা কৰোঁ ৷ এই উদ্দেশ্যে ২০২৪ বৰ্ষটোত আমাৰ মূল লক্ষ্য হোৱা উচিত-
১) চাইবাৰ অপৰাধ বিশেষকৈ চাইবাৰ বিত্তীয় প্ৰৱঞ্চনাৰ ঘটনাসমূহৰে মোকাবিলা কৰা আৰু এনে ঘটনাৰাজিৰ হ্ৰাসকৰণত গুৰুত্ব প্ৰদান কৰা ৷ ইতিমধ্যে অসমতো কিছু সংখ্যক নাগৰিক বিত্তীয় প্ৰৱঞ্চনাৰ বলি হৈছে৷ আগন্তুক দিনত এই ধৰণৰ চাইবাৰ অপৰাধ নির্মূল কৰাৰ বাবে অসম আৰক্ষী সষ্টম হ’বই লাগিব।
২) পথ দুর্ঘটনা ৰোধৰ বাবে অসম আৰক্ষীয়ে অন্যান্য সংশ্লিষ্ট বিভাগসমূহৰ সহযোগত এক সর্বাত্মক কৰ্ম-আঁচনি ৰূপায়ণ কৰিব লাগিব৷
৩) অপৰাধ তদন্তৰ ক্ষেত্ৰত ফৰেনচিকৰ দৰে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি অভিযোগনামা দাখিল কৰাত গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু অপৰাধীৰ শাস্তিৰ হাৰ উন্নত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এই ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষয অধিনিয়মৰ সঠিক প্ৰয়োগৰ প্ৰতি অসম আৰক্ষী অধিক সচেষ্ট হ’ব লাগিব।
অসম আৰক্ষীৰ প্ৰতিগৰাকী সদস্যৰ ক্ষেত্ৰতে নিম্নোক্ত বিষয়সমূহত শূন্য সহনশীল নীতি বাহাল থাকিব।
ক) আৰক্ষীৰ প্ৰতিটো কার্য্যালয় তথা থানাসমূহ পৱিত্ৰ মন্দিৰৰ দৰে যাৰ ওপৰত সর্বসাধাৰণ লোকৰ সম্পূর্ণ বিশ্বাস আৰু আস্থা আছে৷ এনে পৱিত্ৰ মন্দিৰ সমূহত কোনো ধৰণৰ যৌন আতিশয্য অথবা ধন দাবীৰ দৰে ঘটনা কোনো কাৰণতে সহ্য কৰা নহ’ব৷
খ) আমাৰ আচাৰ-ব্যৱহাৰ মার্জিত হ’ব লাগিব৷ প্ৰতিগৰাকী সহযোগী কর্মচাৰী আৰু সাধাৰণ নাগৰিকৰ প্ৰতি সন্মান অক্ষুণ্ণ ৰখাটো আমাৰ অন্যতম প্ৰধান কৰ্তব্য হ’ব৷
গ) কর্তব্যৰ সময়ত অথবা ইউনিফর্ম পৰিধান কৰি থকা সময়ত কোনো নিচাযুক্ত দ্ৰব্য সেৱনৰ ঘটনা কোনো কাৰণতে সহ্য কৰা নহ’ব।
মই আশাবাদী যে, অসমৰ শান্তি, সমৃদ্ধি আৰু উন্নতিৰ এই সময়ছোৱাত অসম আৰক্ষীয়ে এক সঠিক আৰু সবল ভূমিকা গ্ৰহণ কৰি আগবাঢ়ি যাবলৈ সক্ষম হ’ব৷”

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *