১০০০ কোটি টকীয়া দুৰ্নীতিত নাম সাঙোৰ খাইছে অভিনেতা গোবিন্দৰ, অতি শীঘ্ৰেই জেৰাৰ সন্মুখীন হ’ব অভিনেতা গোবিন্দ

১০০০ কোটি টকীয়া দুৰ্নীতিত নাম সাঙোৰ খাইছে অভিনেতা গোবিন্দৰ, অতি শীঘ্ৰেই জেৰাৰ সন্মুখীন হ’ব অভিনেতা গোবিন্দ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- প্ৰায় ১০০০ কোটি টকাৰ অনলাইন ‘পঞ্জি’ কেলেংকাৰীত নাম সাঙোৰ খাইছে বলীউড অভিনেতা গোবিন্দৰো। বলীউডৰ ‘হিৰো নম্বৰ ৱান’ক ওড়িশাৰ অৰ্থনৈতিক অপৰাধ দমন শাখাই সোধপোছ অ্যবাহত ৰাখিছে।

চলাৰ টেকনো এলায়েন্স নামৰ কোম্পানীয়ে ক্ৰিপ্টো কাৰেন্সিৰ নামত ভুৱা প্ৰচাৰ চলাই আছে। সেই ভুৱা প্ৰচাৰৰ কামত গোবিন্দও সংযুক্ত হৈ আছে কোম্পানীটোৰ সৈতে। কোম্পানীটোৰ কেইবাটাও বিজ্ঞাপন কৰিছে গোবিন্দই। সেই পৰিপ্ৰেক্ষিতত বলীউড অভিনেতাৰ বিৰুদ্ধে অভিযোগ যে প্ৰকাশ সেই প্ৰতাৰক সংস্থাৰ কাৰ্যকলাপক গোবিন্দই সমৰ্থন কৰাৰ বাবেই তেওঁৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ওড়িশা অৰ্থনৈতিক অপৰাধ দমন শাখাই।

ওড়িশাৰ অৰ্থনৈতিক অপৰাধদমন শাখাৰ এগৰাকী বিষয়া জে এন পংকজে এই সন্দৰ্ভত কয়, ‘অতি শীঘ্ৰেই অভিনেতাজনক ওড়িশালৈ আনি সোধপোছ কৰা হ’ব। এটা টীম মুম্বাইলৈ আমি পঠিওৱাৰ ব্যৱস্থা কৰিছো। প্ৰাথমিক পৰ্যায়ত মুম্বাইতেই তেওঁক সোধপোছ কৰা হ’ব। বিগত জুলাই মাহত চলাৰ টেকনো এলায়েন্স নামৰ কোম্পানীটোৰ সৈতে সংযুক্ত হৈ পৰিছিল অভিনেতা গোবিন্দ। বিগত জুলাই মাহত সেই সংস্থাৰ এটা অনুষ্ঠানলৈ গৈছিল অভিনেতা গোবিন্দ।

বিষয়টো সন্দৰ্ভত জে এন পংকজে কয়, ‘তদন্তৰ স্বাৰ্থত তেওঁক সোধপোছ কৰা হ’ব। গোবিন্দ এই ঘটনাৰ অভিযুক্ত নহয়, বা আমি সন্দেহো কৰা নাই। আমি ভাৱি লৈছো যে তেওঁ বিজ্ঞাপনৰ চুক্তিতেই জড়িত। তথাপিও তদন্তৰ স্বাৰ্থত আমি তেওঁক সোধপোছ কৰিম।’ এই খবৰক লৈ মুখ খুলিছে গোবিন্দৰ মেনেজাৰে। তেওঁ কয়, ‘অৰ্ধসত্য খবৰ প্ৰচাৰ হৈ আছে। তেওঁৰ এই বিশেষ কোম্পানীটোৰ সৈতে কোনোধৰণৰ বুজাপৰা নাই।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *