Good Friday, কিয় যীশুক ক্ৰুছবিদ্ধ কৰা হৈছিল? জানি লওক মৃত্যুৰ পূৰ্বে যীশুৱে কোৱা শেষ কথা

Good Friday, কিয় যীশুক ক্ৰুছবিদ্ধ কৰা হৈছিল? জানি লওক মৃত্যুৰ পূৰ্বে যীশুৱে কোৱা শেষ কথা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-২৯ মাৰ্চ গুড ফ্ৰাই ডে। খ্ৰিষ্টীয়ান ধৰ্মত আজিৰ দিনটো শোক দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতেই ক্ৰুশবিদ্ধ কৰা হৈছিল যীশুখ্ৰীষ্টক। সমাজকল্যাণৰ বাবে নিজৰ জীৱনকেই আগুৱাই দিছিল যীশুখ্ৰীষ্টই। সত্য আৰু ধৰ্মৰ বাবেই মৃত্যুবৰণ কৰিবলৈকো দ্বিধাবোধ কৰা নাছিল যীশুৱে। এই দিনটোত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীসকলে প্ৰভু যীশুক তেওঁৰ আত্মত্যাগৰ বাবে স্মৰণ কৰি শোক দিৱস হিচাপে পালন কৰে৷ এই দিনটোক ক’লা দিন হিচাপেও জনা যায়৷ খ্ৰীষ্টিয়ানসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এই দিনটোত প্ৰকৃততে কি ঘটিছিল?

ঈশ্বৰ যীশুয়ে সদায়েই দয়া আৰু ক্ষমাৰ পথ অৱলম্বন কৰি মানুহক অহিংসাৰ পথত চলিবলৈ অনুপ্ৰেৰণা যোগায়৷ কিন্তু কি কাৰণে তেনে এজন শান্ত সমাহিত লোকক ইমান শাস্তি দি হত্যা কৰা হৈছিল? যীশুৱে ইমান শাস্তি দিয়া স্বত্ত্বেও মৃত্যুৰ পূৰ্বে কি কৈছিল? যীশুখ্ৰীষ্টক খ্ৰীষ্টধৰ্মৰ প্ৰতিষ্ঠাতা বুলিও বিবেচনা কৰা হয়৷ যীশুৱে তেওঁৰ জীৱনটোৱেই মানৱজাতিৰ কল্যাণৰ নামতেই ব্যয় কৰিছিল৷ তেওঁক শান্তি আৰু ভালপোৱাৰ প্ৰণেতা বুলিও বহুতেই ক’ব খোজে৷ মানুহে যীশুখ্ৰীষ্টৰ চিন্তাধাৰৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ এয়াও অন্য এক কাৰণ৷ যীশুৰ বাৰ্তাসমূহে কুসংস্কাৰ আৰু মিথ্যচাৰত ডুবি থকা একাংশ ধৰ্মান্ধ লোকক বিৰক্ত কৰিছিল৷ সেয়ে ৰোমৰ শাসকসকলে যীশুখ্ৰীষ্টক শাৰীৰিক আৰু মানসিক নিৰ্যাতন দিবলৈ পাকে প্ৰকাৰে চেষ্টা কৰিয়েই আহিছিল৷ শেষলৈ ইহুদি শাসকসকলে তেওঁৰ ক্ৰুছবিদ্ধ কৰে৷

যীশুক ক্ৰুছবিদ্ধ কৰা ইহুদীসকল অত্যন্ত নিষ্ঠুৰ আছিল বুলি ইতিহাসবিদসকলে ক’ব খোজে৷ যীশুকো বলপূৰ্বকভাৱে তেওঁলোকৰ ধৰণে পৰিচালিত কৰিবলৈ যত্ন কৰিছিল৷ কিন্তু ক্ৰুছবিদ্ধ হৈয়ো যীশুখ্ৰীষ্টই এবাৰলৈকো তেওঁলোকৰ মতে পৰিচালিত নহ’ল৷ তাৰ পৰিবৰ্তে তেওঁ মৃত্যুৰ পূৰ্বে কৈ গ’ল, ‘হে ঈশ্বৰ, তেওঁলোকক ক্ষমা কৰিব৷ তেওঁলোকে নাজানে, তেওঁলোকে কি কৰিব খুজিছে৷ হে ঈশ্বৰ মই মোৰ আত্মা আপোনাৰ হাতত অৰ্পণ কৰিছো৷’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *