এজন মানুহক অন্যই ধ্বংস নকৰে, ধ্বংস কৰে এই ৫টা কাৰণে, গীতাত কি কৈছে শ্ৰীকৃষ্ণই?

এজন মানুহক অন্যই ধ্বংস নকৰে, ধ্বংস কৰে এই ৫টা কাৰণে, গীতাত কি কৈছে শ্ৰীকৃষ্ণই?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- শ্ৰীকৃষ্ণৰ শ্ৰীমদ ভাগৱত গীতাত ধৰ্ম, কৰ্ম আৰু প্ৰেমক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ উপদেশ আছে। গীতাৰ বাণীত কোৱা হৈছে যে মানুহৰ জীৱনত এনে কোনো সমস্যা নাই যাৰ সমাধান গীতাত নাই। মানুহৰ এনে কোনো প্ৰশ্ন নাই যাৰ উত্তৰ গীতাত নাই। হাজাৰ হাজাৰ বছৰ বাগৰি গ’লেও আজিও গীতাৰ বাণীৰ প্ৰাসংগিকতা আছে। মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধৰ ঠিক আগমুহূৰ্তত অৰ্জুনে যুদ্ধবিৰতি ল’ব বিচাৰিছিল। ভাতৃৰ বিৰুদ্ধে যুদ্ধ নকৰো বুলি অস্ত্ৰ নমাই থৈছিল অৰ্জুনে। তেতিয়াই শ্ৰী কৃষ্ণই অৰ্জুনক গীতাৰ বাণী শুনোৱাইছিল। নিজৰ ধৰ্ম আৰু কৰ্ম সম্পৰ্কে অৰ্জুনক সচেতন কৰি তুলিবলৈকে এই বাণী শুনাইছিল শ্ৰী কৃষ্ণই। গীতাৰ দৰ্শন যিয়ে সঠিকৰূপে মানি চলে তেনে ব্যক্তি জীৱনত কেতিয়াও হতাশ নহয়।

বহু সময়ত মানুহে নিজৰ ভুলৰ বাবেই ব্যৰ্থ হয়। গীতাত শ্ৰী কৃষ্ণই এজন মানুহ ধ্বংস পথলৈ কেনেকৈ যায় তাৰ সমূহ বৰ্ণনা কৰি গৈছে। ৫টা কাৰণত এজন মানুহৰ জীৱন ধ্বংস হয়।

১) গীতাত শ্ৰী কৃষ্ণই কৈছে যে মানুহৰ ধ্বংসৰ ৫ টা কাৰণ আছে। এইসমূহ হৈছে, নিদ্ৰা, ভয়, ক্লান্তি, খং আৰু কাম পাছত কৰিম বুলি পেলাই থোৱাৰ অভ্যাস।
২) শ্ৰী কৃষ্ণই গীতাত কৈছে, কেৱল অৰ্থই এজন মানুহক ধনী নকৰে। যাৰ চিন্তাভাৱনা সঠিক, ব্যৱহাৰ ভাল আৰু মানসিকতা সুন্দৰ সেই ব্যক্তিহে প্ৰকৃত ধনী।
৩) শ্ৰী কৃষ্ণই গীতাত কৈছে যে কোনো পৰিস্থিতিত আমি কেতিয়াও হতাশ হোৱা উচিত নহয়। আমি যেতিয়ালৈকে সঠিতভাৱে চিন্তা চৰ্চা কৰিব নোৱাৰো তেতিয়ালৈকে জীৱনত কেতিয়াও সফল হ’ব নোৱাৰো। পজিটিভ চিন্তাইহে ব্যক্তিৰ জীৱনলৈ সুদিন আনে।
৪) গীতাত শ্ৰী কৃষ্ণই কৈছে যে খুব সুখৰ সময় বা খুব দুঃখৰ সময়ত কেতিয়াও সিদ্ধান্ত ল’ব নালাগে। কাৰণ মনৰ এই দুই অৱস্থাতেই আমি সঠিক সিদ্ধান্ত ল’ব নোৱাৰো।
৫) গীতাত কোৱা হৈছে যে, আপোনাৰ যদি নিজৰ চিন্তা পৰিবৰ্তন কৰিব পৰা ক্ষমতা নাথাকে তেন্তে ঈশ্বৰ বা ভাগ্যৰ ওপৰত দোষ দি লাভ নাই। আপোনাৰ নিজৰ পিছপৰা চিন্তাৰ বাবেই আপুনি বিফল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *