প্ৰেমিক হ’ব খুজিলে আৱেদন কৰক! এগৰাকী তৰুণীৰ এটা মাত্ৰ বাৰ্তা আৰু হাজাৰ হাজাৰ আৱেদন, সবিশেষ ঘটনা কি?

প্ৰেমিক হ’ব খুজিলে আৱেদন কৰক! এগৰাকী তৰুণীৰ এটা মাত্ৰ বাৰ্তা আৰু হাজাৰ হাজাৰ আৱেদন, সবিশেষ ঘটনা কি?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- প্ৰেমিক হ’ব খুজিলে আৱেদন কৰক৷ এটা বিশেষ প’ষ্ট আৰু এগৰাকী তৰুণী এতিয়া বিশ্বজুৰি ভাইৰেল৷ ২৩ বছৰীয়া ভেৰা ডিজকমেনছে কৰিছে এই বিশেষ প’ষ্ট৷ পোনপ্রথমবাৰৰ বাবে তেওঁ প্ৰেমত পৰিবলৈ ইচ্ছা কৰিছে৷ পূৰ্বে ভেৰা কাহানিও প্ৰেমত পৰা নাই বুলিও প’ষ্টটোত উল্লেখ কৰিছে ভেৰাই৷ ভেৰা নেদাৰলেণ্ডৰ বাসিন্দা৷

নেদাৰলেণ্ডৰ সুন্দৰী ভেৰাৰ এই প’ষ্ট দেখাৰ লগে লগে হাজাৰ হাজাৰ আৱেদন পত্ৰ পৰিছে ভেৰাৰ ইনবক্সত৷ নেদাৰলেণ্ডৰ ছচিয়েল মিডিয়া ইউজাৰকাৰীসকলৰ মাজত ভেৰা বিশেষভাৱে পৰিচিত৷ সামাজিকমাধ্যমত ভেৰাই এই প’ষ্ট কৰাৰ লগে লগে অনুৰাগীসকলৰ সৈতে কেইখনমান বিশেষ আৱেদন পত্ৰ শ্বেয়াৰ কৰিছে ভেৰাই৷ ভালপোৱাৰ সন্ধানত আৱেদন কৰাটো সঠিক নে সেই প্ৰশ্নৰ উত্তৰো বিচাৰিছে একাংশই৷ ভেৰাই এই আৱেদনসমূহৰ উত্তৰত কৈছে, ‘বুদ্ধিটো অলপ হ’লেও আজৱ৷ তৰুণসকলৰ পৰা মই ভাল ৰেছপন্সেই পাইছো৷ ২৪ ঘণ্টাত ৩০০০ৰো অধিক আৱেদন আহিছে৷ ২০২৩ বৰ্ষত এজন ভাল প্ৰেমিক বিচাৰি পোৱাটো সহজ কাম নহয়৷ পুৰুষৰ মন বুজিবলৈকে মই এই আৱেদন প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিলো৷’

ভেৰা সামাজিকমাধ্যমত খুবেই সক্ৰিয় এগৰাকী যুৱতী৷ তেওঁ সামাজিকমাধ্যমৰ পৰাই প্ৰতিমাহে ৩ লাখ ৬০ হাজাৰ ডলাৰ অৰ্থাৎ ভাৰতীয় টকাত ২ কোটি ৯৭ লাখ ধন আয় কৰে৷ ভেৰাই এই প’ষ্ট কৰি সামাজিক মাধ্যমত নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰাও তেওঁৰ আন এক লক্ষ্য৷ ইয়াৰোপৰি তেওঁ আৱেদনকাৰীসকলক বয়স, ঠিকনা আৰু ৰাশি জনাবলৈ উল্লেখ কৰা কথাই তেওঁৰ বিশেষ প’ষ্টটোৰ এনগেজমেণ্ট বৃদ্ধি কৰাইছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *