প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?

প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি? প্ৰ্শ্ন উঠিছে, এই অভিলাষী প্ৰকল্প হৈ পৰিছে নেকি কোনো বিশেষ ৰাজনৈতিক নেতাৰ অনৈতিক সম্পদ গঢ়াৰ আহিলা নেকি? তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে উদঘাটিত তথ্যই উদঙাই দিছে প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি?

কেনে আছে গুৰুখুটি প্ৰকল্প? ঘোষিত লক্ষ্য সাধন কৰিবলৈ সক্ষম হৈছেনে গৰুখুটি প্ৰকল্পই? কোটি কোটি টকা বিনিয়োগেৰে গৰুখুটিত আৰম্ভ হৈছিল অসম চৰকাৰৰ এই অভিলাষী প্ৰকল্প৷ কিন্তু গৰুখুটি প্ৰকল্প আজি কিমান সফল? প্ৰশ্ন উঠিছে এই প্ৰকল্প হৈ পৰিব নেকি বগা হাতী সদৃশ? তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে উদঘাটিত তথ্যই উদঙাই দিছে গুৰুখুটি প্ৰকল্পৰ কেতবোৰ উদ্বেগজনক সত্য৷ যি সত্য জানিলে হয়তো আপুনিও হৈ পৰিব উদ্বিগ্ন৷ উদাহাৰণ স্বৰুপে প্ৰথম বছৰত ২ কোটি ৫২ লাখ টকাৰ হিচাবৰ বিপৰীতে পোহৰলৈ আহিছে গাখীৰ উৎপাদত হোৱা বৃহৎ লোকচানৰ তথ্য৷ তথ্য অনুসৰি, গুজৰাটৰ পৰা অনা ৩০০ জনী গীৰ গাইৰ পৰা এবছৰত উৎপাদন হৈছে মুঠ ৫৮,৪৩৩ লিটাৰ গাখীৰ। এই পৰিমাণ যদি দৈনিক হিচাব কৰা যায় তেনেহলে দেখা যাব যে ৩০০ গীৰ গাইয়ে দিছে দৈনিক প্ৰায় ১৪২ লিটাৰ গাখীৰ। সেই হিচাবত প্ৰায় ৮০ হাজাৰ টকীয়া এজনী গীৰ গাইৰ পৰা এদিনত গাখীৰ আহৰণ হৈছে মাত্ৰ ৫৪ মিলিলিটাৰ।

কেৱল সেয়াই নহয়, গীৰ গাই একোজনীৰ দামক লৈ সৃষ্টি হৈছে আন এক প্ৰশ্ন৷কিয়নো ৮৯৬৬০/- (প্ৰায় ৯০ হাজাৰ) টকাৰে কিনি অনা গীৰ গাইৰ বীমা কৰা হৈছে প্ৰতিজনীৰ বিপৰীতে ৫৯ হাজাৰ টকাকৈ। কেৱল এয়াই নহয়৷ এনেকুৱা অনেক বিসংগতি ধৰা পৰিছে চৰকাৰী তথ্যতে৷ এই পৰিপ্ৰেক্ষিতত প্ৰকল্পটোত সংঘটিত কোটি কোটি টকাৰ অনিয়ম-দুৰ্নীতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ওচৰত CID তদন্তৰো দাবী তোলে আৰ টি আই আবেদনকাৰী দিলীপ নাথে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *