১০০, ৫০০ৰ নোট! মুঠ ৬৫ লাখ টকা গাঁথি সজোৱা হৈছে মন্দিৰ, ক’ত এই মন্দিৰ?

১০০, ৫০০ৰ নোট! মুঠ ৬৫ লাখ টকা গাঁথি সজোৱা হৈছে মন্দিৰ, ক’ত এই মন্দিৰ?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কাইলৈ গণেশ চতুৰ্থী৷ গণেশ বন্দনাত মুখৰিত হৈ উঠিব দেশ৷ ইতিমধ্যেই বাপ্পাক স্বাগত জনোৱাৰ প্ৰস্তুতি আৰম্ভ হৈছে৷ মহাৰাষ্ট্ৰ, গোৱাসহ ভাৰতৰ দক্ষিণৰ ৰাজ্যসমূহত গণেশ পূজা খুবেই জনপ্ৰিয়৷ মহা আড়ম্বৰপূৰ্ণভাৱে পূজা অৰ্চনা কৰা হয় দক্ষিণৰ ৰাজ্যকেইখনত৷ এইবাৰো দক্ষিণ ভাৰতৰ বাংগালুৰুৰ এটা পূজা মণ্ডপে দেশবাসীৰ দৃষ্টি কাঢ়িছে৷ পূজা মণ্ডপটো তৈয়াৰ হৈছে নগদ টকাৰে৷ সমগ্ৰ মণ্ডপটো সজোৱাৰ বাবে বিভিন্ন নোট ব্যৱহাৰ কৰা হৈছে৷

সকলো মিলি সেই টকাৰ পৰিমাণ ৬৫ লাখ৷ বাংগালুৰুৰ জে পি নগৰৰ শ্ৰী সত্য গণপতি মন্দিৰৰ কৰ্তৃপক্ষই এই মন্দিৰটো বিশেষভাৱে সজাই তুলিছে৷ প্ৰতি বছৰে ধুম ধামেৰে এই মন্দিৰত বিনায়কৰ আৰাধনা কৰা হয়৷এই বৰ্ষৰ থিম অন্যান্য বৰ্ষৰ তুলনাত পৃথক৷ মন্দিৰৰ সাজ সজ্জা চাবৰ বাবেই দেশৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তসকল এই মন্দিৰলৈ আহিবলৈ আৰম্ভ কৰিছে৷ মন্দিৰটো সজাওঁতে ১০০তকৈয়ো বেছি ১০, ২০, ৫০, ৫০০ টকীয়া নোট ব্যৱহাৰ হৈছে৷ মালাৰ আকাৰত নোটসমূহ সজোৱা হৈছে৷

সনাতন ধৰ্মত ভগৱান গণেশৰ বিশেষ গুৰুত্ব আছে৷ শিৱ আৰু পাৰ্বতীৰ পুত্ৰ গণেশক হিন্দুধৰ্মত সমৃদ্ধি আৰু সৌভাগ্যৰ দেৱতা বুলি ধৰা হয়৷ সিদ্ধিদাতা গণেশৰ জন্মোৎসৱেই গণেশ চতুৰ্থী নামেৰে পৰিচিত৷ ভাদ, আহিন মাহৰ চতুৰ্থী তিথি শুক্লপক্ষত এই উৎসৱ পালন কৰা হয়৷ এই বছৰ গণেশ চতুৰ্থী পৰিছে ১৯ ছেপ্টেম্বৰ মঙলবাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *