এই সপ্তাহত দুটাকৈ ৰাজযোগ, ৰজাৰ দৰে দিন কটাব ৫ৰাশিৰ জাতকে

এই সপ্তাহত দুটাকৈ ৰাজযোগ, ৰজাৰ দৰে দিন কটাব ৫ৰাশিৰ জাতকে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জানুৱাৰী মাহৰ শেষ আৰু ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতেই এই সপ্তাহত কেইটামান ৰাশিৰ জাতকৰ জীৱনলৈ সুখ আহিব। কাৰণ এই সপ্তাহত একেলগে দুটাকৈ ৰাজযোগ থাকিব। এই দুই ৰাজযোগ হৈছে বুধাদিত্য ৰাজযোগ আৰু গজকেশৰী ৰাজযোগ। এই সপ্তাহত চন্দ্ৰই গোচৰ কৰিব তুলা ৰাশিত। ইয়াৰ ফলত গঠিত হ’ব গজকেশৰী ৰাজযোগ। মকৰ ৰাশিত বুধ আৰু সূৰ্যৰ যুঁটিত গঠিত হ’ব বুধাদিত্য ৰাজযোগ। ইয়াৰোপৰি মঙল আৰু শুক্ৰৰ মিলনত গঠিত হ’ব লক্ষ্মী যোগ। টেৰো কাৰ্ডৰ গণনাই দাবী কৰা অনুসৰি এই সপ্তাহত তৈয়াৰ হোৱা শুভ যোগৰ প্ৰভাৱ কেইটামান ৰাশিৰ জাতকৰ ওপৰত পৰিব। টেৰো গণনাত পোৱা অনুসৰি এইবাৰ কোন কোন ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব জানি থওক সবিশেষ।

মিথুন ৰাশি
টেৰো কাৰ্ডৰ গণনা অনুসৰি এই সপ্তাহত কেইটামান ৰাশিৰ জাতকৰ দিন ভাল হ’ব, তাৰ ভিতৰত প্রথমেই আছে মিথুন ৰাশিৰ জাতকসকল। নানান দিশৰ পৰা চলিত সপ্তাহত লাভৱান হ’ব মিথুন ৰাশিৰ জাতকসকল। নতুন কোনো কামত সফলতা লাভ কৰিব। এই সপ্তাহত আপোনাৰ সাফল্য লাভৰ সম্ভাৱনা বহু বেছি। পৰিয়াল আৰু জীৱনসংগীৰ পৰা প্ৰয়োজনীয় সহায় লাভ কৰিব মিথুন ৰাশিৰ জাতকসকলে।

সিংহ ৰাশি
টেৰো কাৰ্ডৰ গণনাই দাবী কৰিছে যে, চলিত সপ্তাহত ব্যৱসায়ত বৃহৎ লাভ কৰিব সিংহ ৰাশিৰ জাতকে। নতুন কোনো কাম এই সপ্তাহত আপুনি আৰম্ভ কৰিব পাৰে। আৰ্থিক লাভৰো যোগ আছে। প্ৰয়োজনত অলপ তললৈকো নামি আহিব লাভ আপোনাৰেই হ’ব। নিজৰ লক্ষ্য অৰ্জন কৰাৰ বাবে অলপ চিৰিয়াছো হওক।

কন্যা ৰাশি
টেৰো কাৰ্ডৰ ভৱিষ্যৎ গণনাত পোৱা অনুসৰি কন্যা ৰাশিৰ জাতকৰ বাবে এই সপ্তাহ বেছ লাভজনক। আৰ্থিকভাৱেও নানান দিশৰ পৰা লাভৱান হ’ব কন্যা ৰাশিৰ জাতকসকল। স্বাস্থ্যক লৈ কিছু সতৰ্ক হওক। শৰীৰ বৰ এটা ঠিক নথকাৰ বাবে কামত কিছু বাধা আহিব পাৰে। কোনো কামৰ পৰিকল্পনা থাকিলে কৰি পেলাওক।

মীন ৰাশি
টেৰো গণনা অনুসৰি ২৯ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰী পৰ্যন্ত এই সপ্তাহত জীৱনত প্ৰচুৰ উন্নতি হ’ব মীন ৰাশিৰ জাতকৰ। এই সপ্তাহত আপোনাৰ প্ৰতিভাৰ বিকাশ ঘটিব। সৃজনশীল কামত সাফল্য আৰু খ্যাতি লাভ কৰিব। নিজৰ কামক লৈ সন্তুষ্ট থাকিব। ৰিলেক্স কৰিয়েই সপ্তাহটো পাৰ কৰিব পাৰিব এই ৰাশিৰ জাতকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *