মুক্তিৰ ২৪ দিনতেই ৫০০ কোটি আয়, গদৰ-২ৰ সফলতাক লৈ কি ক’লে ছানী দেওলে?

মুক্তিৰ ২৪ দিনতেই ৫০০ কোটি আয়, গদৰ-২ৰ সফলতাক লৈ কি ক’লে ছানী দেওলে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- এটা সময় আছিল৷ তেওঁৰ এখনৰ পাছত আনখন ছবিত ব্যৰ্থতা৷ বিফলতাৰ বাবেই অভিনয় জগতৰ পৰা নিজকে আঁতৰাই আনিছিল ছানী দেওলে৷ ২২ বছৰ পাছত বলীউডলৈ উভতি আহি ধামাকা দিছে ছানী দেওলে৷ পাঠানৰ দৰে ছুপাৰহীট চিনেমাকো টক্কৰ দিবলৈ সক্ষম হৈছে ছানী অভিনীত গদৰ-২য়ে৷ হিন্দী চিনেমাৰ ইতিহাসত সকলোতকৈ দ্ৰুততৰভাৱে বক্স অফিচত ৫০০ কোটি উপাৰ্জন কৰিছে গদৰ-২য়ে৷ মাত্ৰ ২৪ দিনতেই ছানীৰ ছবিয়ে ৫০০ কোটিৰ ঘৰ পাৰ কৰিবলৈ সক্ষম হৈছে৷

ছবিখনৰ সফলতাক লৈ বিশেষ পাৰ্টীৰো আয়োজন কৰিছে ছবিৰ পৰিচালকে৷ বলীউডৰ প্ৰায় সকলো নামী দামী অভিনেতাই এই পাৰ্টীত যোগদান কৰাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেলো হৈ পৰিছে৷ ছবিখনৰ সফলতাক লৈ আটাইতকৈ বেছি চৰ্চিত হৈছে ছানী দেওল ওৰফে গদৰ-২ৰ তাৰা সিং৷ এক সমীক্ষাই প্ৰকাশ কৰা মতে দেওবাৰে অৰ্থাৎ মুক্তিৰ ২৪ দিনত দেওবাৰেই কেৱল গদৰ-২য়ে ভাৰতত আয় কৰিছে ৮.৫০ কোটি ৷ প্ৰথম সপ্তাহত ছবিখনৰ আয় আছিল ২৮৪.৬৩ কোটি৷ দ্বিতীয় সপ্তাহত আয় কৰিছিল ১৩৪.৪৭ কোটি৷ তৃতীয় সপ্তাহত ছবিখনে আয় কৰিলে ৬৩.৩৫ কোটি৷ সকলোবোৰ সামৰি দেওবাৰ পৰ্যন্ত গদৰ-২ ৰ সৰ্বমুঠ আয় ৫০১.৮৭ কোটি৷ মুঠ ২৪ দিনত এই ৰেকৰ্ড গঢ়িছে গদৰ-২য়ে৷ এই ৰেকৰ্ড গঢ়িবলৈ পাঠানক সময় লাগিছিল ২৮ দিন৷

বিগ বাজেটৰ ব্লকব্লাষ্টাৰ ছবি বাহুবলী-২ আছে তৃতীয় স্থানত৷ ৩১ দিনত বাহুবলী-২য়ে ৫০০ কোটিৰ ঘৰ অতিক্ৰম কৰিছিল৷ ভাৰতৰ সৰ্বোচ্চ উপাৰ্জনকাৰী হিন্দী ছবিৰ তালিকাত ৩য় স্থান দখল কৰিবলৈ সক্ষম হৈছে গদৰ-২য়ে৷ প্ৰথমস্থানত আছে শ্বাগৰুখৰ ছবি পাঠান৷ পাঠানৰ মুঠ আয় আছিল ৫৪০ কোটি৷ তাৰপিছতেই দ্বিতীয় সৰ্বোচ্চ আয় কৰা চিনেমা হৈছে বাহুবলী-২৷ বাহুবলী-২ ৰ হিন্দি সংস্কৰণৰ মুঠ আয় ৫১১ কোটি৷ তৃতীয় স্থানত আছে গদৰ-২৷ গদৰ-২ এতিয়ালৈকে মুঠ আয় ৫০১.৮৭ কোটি৷

উল্লেখ্য যে চিনেমা বিশেষজ্ঞসকলে দাবী কৰামতে শীঘ্ৰেই ছবিখনে ৬৫০ কোটিৰ ঘৰ অতিক্ৰম কৰিব৷ শ্বাহৰুখৰ ছবিক সোনকালেই পিছপেলাবলৈ সক্ষম হ’ব গদৰ-২ য়ে বুলিও দাবী কৰিছে বিশেষজ্ঞসকলে৷ অৱশ্যে শাহৰুখৰ আন এখন ছবি আগন্তুক ৭ ছেপ্টেম্বৰত মুকলি হ’ব৷ জাৱান ছবিৰ আগতীয়া বুকিং ইতিমধ্যে আৰম্ভ হৈছে৷ দেশ-বিদেশত অগ্ৰিম টিকেট বুকিং চলি আছে জাৱানৰ৷ জাৱানে গদৰ-২ ৰেকৰ্ড ভাঙিবলে সক্ষম হ’বনে সেই বিষয়টোকলৈকো চিনেমাপ্ৰেমীৰ মাজত আৰম্ভ হৈছে চৰ্চা৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *