শিক্ষাৰ চহৰ, প্ৰেমৰ চহৰ ফ্ৰান্সত এইবাৰ আন এক বৃহৎ সিদ্ধান্ত, সমকামী গেব্ৰিয়েল এটেলক দিয়া হ’ল ফ্ৰান্সৰ প্রধানমন্ত্ৰীৰ দায়িত্ব

শিক্ষাৰ চহৰ, প্ৰেমৰ চহৰ ফ্ৰান্সত এইবাৰ আন এক বৃহৎ সিদ্ধান্ত, সমকামী গেব্ৰিয়েল এটেলক দিয়া হ’ল ফ্ৰান্সৰ প্রধানমন্ত্ৰীৰ দায়িত্ব

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- তেওঁ সমকামী। বয়স মাত্ৰ ৩৪ বছৰ। মঙলবাৰে গেব্ৰিয়েল এটেলক ফ্ৰান্সৰ প্রধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ তুলি দিলে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰণে। তেঁৱেই দেশৰ সৰ্বকনিষ্ঠ প্রধানমন্ত্ৰী। ইয়াৰোপৰি তেওঁ ফ্ৰান্সৰ প্ৰথমগৰাকী সমকামী প্ৰধানমন্ত্ৰীও। প্রধানমন্ত্ৰীৰ আসনত বহাৰ পূৰ্বে গেব্ৰিয়েল এটেল ফ্ৰান্সৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল। শিক্ষাৰ চহৰ, প্ৰেমৰ চহৰ হিচাপে পৰিচিত ফ্ৰান্সে এইবাৰ লোৱা সিদ্ধান্তই দৃষ্টি কাঢ়িছে বিশ্ববাসীৰ।

সোমবাৰৰ দিনটোতেই নিজ পদৰ পৰা ইস্তাফা দিছে পূৰ্বৰ প্রধানমন্ত্ৰী এলিজাবেথ বোৰ্নে। ৩৪ বছৰীয়া গেব্ৰিয়েল এটেলক ফ্ৰান্সৰ প্রধানমন্ত্ৰী হিচাপে ৰাষ্ট্ৰপতি ইমানুয়েল মেক্ৰণে নিযুক্তি দিয়াৰ আঁৰত আছে কেইটামান বিশেষ কাৰণ। বিগত সময়ছোৱাত ফ্ৰান্সৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল গেব্ৰিয়েল এটল। গেব্ৰিয়েল এটেলক নতুন প্রধানমন্ত্ৰী হিচাপে দায়িত্ব অৰ্পন কৰি নিজৰ হেৰুওৱা জনপ্ৰিয়তা পুনৰোদ্ধাৰৰ চেষ্টা চলাইছে মেক্ৰণে! বিগত সময়ছোৱাত ইমানুৱেল মেক্ৰণৰ জনপ্ৰিয়তা বহু পৰিমানে কমি গৈছিল। জনমতৰ সমীক্ষাত পোৱা অনুসৰি সোঁপন্থী নেতা মেৰিন লে পেনৰ দলতকৈয়ো প্ৰায় ৮শতাংশৰ পৰা ১০ শতাংশ পিছুৱাই আছে মেক্ৰণপন্থী। এই সময়ত এটলৰ জনপ্ৰিয়তাক কামত লগাব খুজিছে মেক্ৰণে।

ফ্ৰান্সৰ প্রধানমন্ত্ৰী হিচাপে গেব্ৰিয়েল এটল সৰ্বকনিষ্ঠ। ইয়াৰোপৰি তেঁৱেই প্ৰথম ফৰাচী প্রধানমন্ত্ৰী যিয়ে নিজকে খোলাখুলিকৈ সমকামী বুলি ঘোষণা কৰিছে। ২০১৭ চনত মেক্ৰণ যেনেকৈ ফৰাচীসকলৰ নয়নৰ মণি আছিল তেনেদৰেই বৰ্তমান গেব্ৰিয়েল এটলো সাধাৰণ জনতাৰ মাজত খুবেই জনপ্ৰিয়। ২০১৭ চনত সৰ্বকনিষ্ঠ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লৈছিল মেক্ৰণে। এইবাৰ মেক্ৰণে প্ৰধানমন্ত্ৰীৰ বাবে বাচনি কৰিছে নিজৰ দৰেই এজন সৰ্বকনিষ্ট নেতাক।

কভিডৰ ভয়াৱহতাৰ সময়তেই গেব্ৰিয়েল এটলৰ জনপ্ৰিয়তা বৃদ্ধি হৈছিল। ফৰাচী চৰকাৰৰ মুখপাত্ৰ হিচাপে তেওঁৰ নাম ফ্ৰান্সৰ প্ৰতিঘৰ মানুহেই জানে বুলিলেও ভুল নহয়। সাম্প্ৰতিক জনমতৰ সমীক্ষাত দেশৰ অন্যতম জনপ্ৰিয় ৰাজনীতিবিদ হিচাপেও তেওঁৰ নাম শীৰ্ষত আছে। শিক্ষামন্ত্ৰী হিচাপে দায়িত্বত থাকোতে গেব্ৰিয়েলে দীঘল পোছাক পিন্ধা বন্ধ কৰিছিল। এটেলে কৈছিল, ‘মুছলমানহে এই পোছাক পিন্ধে। কিন্তু এই পোছাকে বিদ্যালয়ৰ ধৰ্মনিৰপেক্ষতাৰ পৰিবেশ ধ্বংস কৰিছে। স্কুলত পোছাকৰ বিভিন্নতাই যাতে শিক্ষাৰ্থীৰ মনোযোগ আঁতৰাই নানে তাৰবাবে পাবলিক স্কুলসমূহত ইউনিফৰ্মক লৈ কিছু সালসলনি কৰাটো জৰুৰী।’

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *