কোনোৱে যদি ঔষধৰ দোকানত কাম কৰিছিল, কোনোৱে আকৌ কফিশ্ব’পত। টাটা-আম্বানী-আদানীৰ প্ৰথম চাকৰি কি আছিল জানেনে? 

কোনোৱে যদি ঔষধৰ দোকানত কাম কৰিছিল, কোনোৱে আকৌ কফিশ্ব’পত। টাটা-আম্বানী-আদানীৰ প্ৰথম চাকৰি কি আছিল জানেনে? 

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-ৰতন টাটাৰ পৰা আৰম্ভ কৰি ধীৰুভাই আম্বানী, মুকেশ আম্বানীৰ পৰা গৌতম আদানী…। ভাৰতৰ প্ৰথমশাৰীৰ উদ্যোগীৰ তালিকাত আছে কেইবাগৰাকীও ব্যক্তি। কোটি কোটি টকাৰ সম্পত্তিৰ মালিক তেওঁলোক। কিন্তু তেওঁলোকৰ কেৰিয়াৰৰ আৰম্ভণি কেনেকৈ হৈছিল? প্ৰথমেই যদি ধীৰুভাই আম্বানীক চাওঁ তেন্তে ধীৰুভাই আম্বানীৰ জন্ম হৈছিল গুজৰাটৰ এখন সৰু গাঁওত। স্কুলত নামভৰ্তীৰ পাছত অভাৱ অনাটনৰ বাবেই তেওঁ আধাতে শিক্ষাজীৱন সামৰিবলগীয়া হয়।

পৰিয়ালৰ কাষত থিয় দিবলৈ সৰুৰে পৰাই নানান কাম কৰি গৈছিল ধীৰুভাই আম্বানীয়ে। ১৯৮৮ চনত তেওঁ য়েমেনলৈ যায়। তাতেই তেওঁ এটা গেছ ষ্টেচনত পেট্ৰল বিক্ৰিৰ কাম কৰিছিল। সেই চাকৰিয়েই প্ৰথম চাকৰি ধীৰুভাই আম্বানীৰ। ধীৰুভাইৰ প্ৰথম উপাৰ্জন আছিল ৩০০টকা। কিন্তু সেই চাকৰি বাদ দি তেওঁ মুম্বাইলৈ আহে। তাতেই নিজাকৈ ব্যৱসায় আৰম্ভ কৰে ধীৰুভাইয়ে।

মুম্বাইৰ ৩৫০ বৰ্গফুটৰ এটা কোঠালিত এখন টেবুল, তিনিখন চকী আৰু এটা টেলিফোনৰ পৰাই ৰিলায়েন্সৰ জন্ম দিয়ে ধীৰুভাইয়ে। ভাৰতৰ অন্য এগৰাকী উদ্যোগপতি ৰতন টাটাই সাফল্যৰ শীৰ্ষত উপনীত হ’লেও মাটিৰ মানুহ হৈ থাকিয়েই ভালপায়। ১৯৬১ চনত টাটা ষ্টিল সংস্থাৰ সাধাৰণ কৰ্মী হিচাপে কাম কৰিছিল ৰতন টাটাই। তাৰপাছতেই টাটা ইঞ্জিনিয়াৰিং এণ্ড লোকমটিভ কোম্পানীত কাম আৰম্ভ কৰে ৰতন টাটাই। ছমাহ তাতেই তেওঁ প্ৰশিক্ষণো লয়।

অন্য এক বেছৰকাৰী সংস্থাৰ তৰফৰ পৰা উচ্চ দৰমহাৰ চাকৰিৰ প্ৰস্তাৱ লাভ কৰে তেঁও। কিন্তু সেই প্ৰস্তাৱো খাৰিজ কৰে টাটাই। নিজৰ সংস্থাৰ ভবিষ্যতৰ কথা তেওঁ তেতিয়াই ভাৱিবলৈ আৰম্ভ কৰিছিল। ভাৰতৰ মহিলা উদ্যোগীৰ ভিতৰত অন্যতম এগৰাকী হৈছে কিৰণ মজুমদাৰ। বাংগালুৰুত নিজৰ সংস্থা খুলে কিৰণে। সেই সংস্থাৰ তেওঁ অধিকৰ্ত্ৰী আছিল। বৰ্তমান প্ৰায় ২০ হাজাৰ ৮৮৩ কোটি টকাৰ মালিক তেওঁ।

পঢ়াশুনাৰ বাবে অষ্ট্ৰেলিয়ালৈকো গৈছিল কিৰণ। তাত যোৱাৰ পাছতেই হাতখৰচৰ বাবে তেওঁ কফিশ্বপত কাম কৰিছিল। কফি কেনেকৈ তৈয়াৰ কৰা হয় তাৰ প্ৰশিক্ষণ লৈছিল কিৰণে। ভাৰতলৈ উভতি আহিও কিছুদিন তেওঁ এই কামেই কৰিছিল। চলিত বছৰৰ তথ্য অনুসৰি আদানী গোষ্ঠীৰ প্ৰতিষ্ঠাতা গৌতম আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৬লাখ ৯৬ হাজাৰ ৬৫৮ কোটি টকা। ১৯৭৮ চনত আদানী মুম্বাইলৈ আহিছিল। মুম্বাইৰ এটা সংস্থাৰ হৈ আদানীয়ে হীৰা বাছনি কৰাৰ কাম কৰিছিল। প্ৰায় ৩বছৰ ধৰি আদানীয়ে সেই কাম কৰাৰ পাছত মুম্বাইত হীৰাৰ ব্যৱসায় আৰম্ভ কৰে।

ইফালে গডৰেজ কোম্পানীৰ প্ৰতিষ্ঠাতা আৰদেশিৰ গডৰেজৰ যাত্ৰাও মসৃণ নহয়। ঔষধৰ দোকানৰ কৰ্মী হিচাপে কাম কৰি এদিন তেওঁ পেটৰ ভাত মোকলাইছিল। তেতিয়া আৰদেশিয়ে ভাৱিছিল, অস্ত্ৰোপচাৰৰ বাবে তেওঁ বিশেষ যন্ত্ৰপাতি নিৰ্মাণ কৰিব। সেই চিন্তা লৈয়ে পোনতে তেওঁ ব্যৱসায়ত নামে। সেই সময়ত তেওঁৰ কাষত থিয় হৈছিল মেৰৱানজি কামা নামৰ এজন ব্যৱসায়ী। আৰদেশিক নতুন ব্যৱসায়ৰ বাবে তেওঁ ধন বিনিয়োগো কৰিছিল। পোনতে আৰদেশিয়ে নিৰ্মাণ কৰিছিল তলা। তলা নিৰ্মাণৰ কামেৰেই এতিয়া নামজ্বলা কোম্পানী হৈছে গডৰেজ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *