দীপাৱলীৰ আগে আগেই তিনি গ্ৰহই গতি সলনি কৰিব! নৱেম্বৰত লক্ষ্মীৰ আগমন হ’ব এই ৪ ৰাশিৰ হাতলৈ

দীপাৱলীৰ আগে আগেই তিনি গ্ৰহই গতি সলনি কৰিব! নৱেম্বৰত লক্ষ্মীৰ আগমন হ’ব এই ৪ ৰাশিৰ হাতলৈ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- এই বৰ্ষত ধনতেৰছ আৰু দীপাৱলীৰ পূৰ্বেই ধনবান হ’ব কেইটামান ৰাশিৰ জাতক। নৱেম্বৰ মাহত একাধিক গুৰুত্বপূৰ্ণ গ্ৰহই ৰাশি পৰিবৰ্তন কৰিব। ইয়াৰ মাজতেই দীপাৱলীৰ আগে আগে ৰাশি আৰু গতি সলাব তিনিটা গ্ৰহই। ৩ নৱেম্বৰত কন্যা ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই। তাৰপাছতেই শনি কুম্ভ ৰাশিত মাৰ্গী হ’ব। ৬ নৱেম্বৰত আকৌ ৰাশি পৰিবৰ্তন কৰি বুধে বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ ফলত দীপাৱলী আৰু কালিপূজাৰ আগতেই একাধিক ৰাশিৰ ভাগ্য খুলিব। নৱেম্বৰ মাহজুৰি উন্নতিৰ শিখৰত থাকিব কেইটামান ৰাশিৰ জাতক।

মেষ ৰাশি
শুক্ৰ আৰু শনিৰ পৰিবৰ্তনৰ ফলত মেষ ৰাশিৰ জাতকৰ কেৰিয়াৰলৈ উন্নতি আহিব। এই সময়ত আপোনাৰ জীৱনত একাধিক শুভ পৰিবৰ্তন হ’ব। আপোনাৰ মান সন্মান বাঢ়িব। ব্যৱসায়ীসকলে নতুন প্ৰকল্পৰ কাম হাতত ল’ব। ব্যৱসায়ীৰ বাবেও এই সময় শুভ। আপোনাৰ স্বাস্থ্য ভালে থাকিব। পাবলগীয়া ধন লাভ কৰিব।

বৃষ ৰাশি
নৱেম্বৰ মাহত বৃষ ৰাশিত জাতকৰো ভাগ্যোদয় হ’ব। জীৱনত বহুদিন ধৰি ভূগি অহা অভাৱ আৰু অসম্পূৰ্ণতা দূৰ হ’ব। লক্ষ্মীৰ আশীৰ্বাদত প্ৰচুৰ ধন সম্পত্তি আহিব এই ৰাশিৰ জাতকৰ হাতলৈ। ইয়াৰোপৰি জীৱনত আনন্দও আহিব। বৃষ ৰাশিৰ অবিবাহিত জাতকৰ বিবাহৰ যোগ। আপোনাৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষণ বাঢ়িব। এই সময়ত কোনো সু সংবাদ লাভ কৰিব পাৰে। অফিচত কোনো ডাঙৰ পদো লাভ কৰাৰ সম্ভাৱনা। মান-সন্মান বৃদ্ধি পাব। আপোনাৰ কাম কাজত কাষৰীয়া ব্যক্তিও সুখী হ’ব।

মিথুন ৰাশি
পাবলগীয়া ধন লাভ কৰিব। কেৰিয়াৰৰ বাবেও এই সময় শুভ। প্ৰত্যাশাতকৈয়ো বেছি সাফল্য আহিব। জীৱনলৈ ন সুযোগ আহিব। ব্যৱসায়ীসকলৰ বাবেও এই সময় শুভ। কোনো সু সংবাদ লাভ কৰিব। পৰিয়ালৰ কোনো ডাঙৰ সমস্যা সমাধান হ’ব।

ধনু ৰাশি
নৱেম্বৰ মাহত এই ৰাশিৰ জাতকৰ ভাগ্যোদয় নিশ্চিত। শুক্ৰ আৰু শনিৰ আশীৰ্বাদত ধনু ৰাশিৰ জাতকৰ সমস্ত বাধা দূৰ হ’ব। ইয়াৰোপৰি ধন লাভৰো যোগ আছে। পাৰিবাৰিকত সুখী জীৱন কটাব। আপোনাৰ প্ৰচুৰ মান-সন্মন বাঢ়িব। ইয়াৰোপৰি উচ্চপদ লাভ কৰাৰ সম্ভাৱনা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *