‘ভাৰতৰ মুছলমানে পাকিস্তানী দলকেই চাপৰ্ট কৰিব…’ পাক প্ৰাক্তন ক্ৰিকেটাৰৰ মন্তব্যই উদঙাই দিলে বহু কথা

‘ভাৰতৰ মুছলমানে পাকিস্তানী দলকেই চাপৰ্ট কৰিব…’ পাক প্ৰাক্তন ক্ৰিকেটাৰৰ মন্তব্যই উদঙাই দিলে বহু কথা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- পাকিস্তান ক্ৰিকেট বৰ্ডে ঘোষণা কৰিছিল তেওঁলোকে টুৰ্নামেণ্ট খেলিবলৈ ভাৰতলৈ নাহে৷ কিন্তু বিভিন্ন চাপত পৰি শেষ পৰ্যন্ত ভাৰতলৈ আহিবলৈ বাধ্য হ’ল পাকিস্তানৰ ক্ৰিকেট টীম৷ ভাৰতৰ মাটিত ভৰি দিয়াৰ লগে লগেই অন্য খেলুৱৈৰ দৰেকৈয়ে পাকিস্তানৰ দলৰ খেলুৱৈসকলক স্বাগত জনোৱা হৈছে৷ ভাৰতীয়ৰ অভ্যৰ্থনাত আপ্লুত হৈ পৰাৰ কথা নিজেই প্ৰকাশ কৰিছে প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰতিজন খেলুৱৈয়ে৷

বুধবাৰে হায়দৰাবাদত ভৰি ৰাখিছে পাকিস্তানৰ দলৰ খেলুৱৈয়ে৷ হায়দৰাবাদত বাবৰ আজমৰ দলক উষ্ম আদৰণি জনোৱাৰ পাছত চৰিত্ৰ সলনি হোৱা নাই পাক খেলুৱৈৰ৷ উদাৰহণ পৃথককৈ দিয়াৰ প্ৰয়োজন নাই প্ৰাক্তন ক্ৰিকেটাৰ মুস্তাক আহমেদৰ মন্তব্যই এই কথাৰ প্ৰমাণ দিছে৷ ভাৰতীয়ই তেওঁলোকক যিমানেই অভ্যৰ্থনা নজনাওক কিয় তেওঁলোকে ভাৰতীয়ৰ সম্বাষণত কাহানিও সুখী নহয়৷

এসময়ত পাকিস্তানৰ ক্ৰিকেট দলৰ অন্যতম স্পিনাৰ আছিল মুস্তাক আহমেদ৷ পাকিস্তানৰ এটা টেলিভিছন চেনেলত দিয়া ইণ্টাৰভিউ’ত ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰিছে মুস্তাক আহমেদে৷ মুস্তাক আহমেদে কয়, ‘হায়দৰাবাদ আৰু আহমেদাবাদত বহুসংখ্যক মুছলমান লোক আছে৷ ভাৰতীয় প্ৰতিজন মুছলমানেই পাকিস্তান দলকেই সমৰ্থন কৰিব৷ ইণ্টাৰভিউটোত অনুষ্ঠানৰ সঞ্চালকেই পোনতে এই প্ৰশ্ন উত্থাপন কৰিছিল৷ উত্তৰত মুস্তাক আহমেদে কয়, ‘ভাৰতৰ বিৰুদ্ধে খেলাৰ বাবে আমাৰ দল ভাৰতৰ হায়দৰাবাদলৈ গৈছে৷ আশা কৰিছো হায়দৰাবাদত থকা আমাৰ ফেনসকলৰ চাপৰ্ট আমি পামেই৷ প্ৰথমে আমাৰ ভিছাৰ বহু সমস্যা আছিল৷ তাৰপিছতেই সমস্যা আঁতৰাই আমি মেচত ফকাচ কৰিছো৷ আমি জানো আমি ভাৰতীয় ফেনসকলৰ চাপৰ্ট পামেই৷ পাকিস্তানৰ ক্ৰিকেটাৰে কেতিয়াও সমৰ্থনৰ অভাৱত নুভুগে৷’ ইয়াৰোপৰি মুস্তাকে কয়, ‘ভাৰতৰ আহমেদাবাদ আৰু হায়দৰাবাদত যথেষ্ট সংখ্যক মুছলমান লোক আছে৷ পাকিস্তানৰ ক্ৰিকেটাৰসকলক তেওঁলোকেই অভ্যৰ্থনা জনাইছে৷ আমি জানো পাকিস্তানৰ ক্ৰিকেট দলে যথেষ্ট চাপৰ্ট পাব৷’

উল্লেখ্য যে মুস্তাক আহমেদ পাকিস্তানৰ অন্যতম স্পিনাৰ আছিল৷ ৰিষ্ট স্পিনৰ বাবেই তেওঁ জনপ্ৰিয়৷ ১৯৯২ চনত পাকিস্তান ক্ৰিকেট দলে বিশ্বকাপ জয় কৰোতে দলটোৰ প্ৰতি তেখেতৰ বিশেষ অৱদান আছিল৷ সেই বিশ্বকাপত মুস্তাকে মুঠ ১৬টা উইকেট লৈ বিপক্ষক ধৰাসায়ী কৰিছিল৷ বিপক্ষৰ বেটাৰক আউট কৰাই উজলি উঠিছিল মুস্তাক৷ পাকিস্তানৰ এইগৰাকী প্ৰখ্যাত ক্ৰিকেটাৰৰ এনে মন্তব্য শুনি আচৰিত হৈছে এতিয়া প্ৰতিগৰাকী সচেতন ক্ৰীড়াপ্ৰেমীয়েই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *