দেওবাৰে নিমখ খোৱা এৰক, আপোনাৰ ওপৰত সূৰ্য দেৱতাৰ আশীৰ্বাদ থাকিবলৈ আৰু কি কি কৰিব?

দেওবাৰে নিমখ খোৱা এৰক, আপোনাৰ ওপৰত সূৰ্য দেৱতাৰ আশীৰ্বাদ থাকিবলৈ আৰু কি কি কৰিব?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বৈদিক জ্যোতিষ অনুসৰি সপ্তাহৰ প্ৰতিটো দিনেই কোনোবাজন নহয় কোনোবাজন দেৱতাৰ প্ৰতি উৎসৰ্গিত। সেই হিচাপে সপ্তাহৰ কোন কোন বাৰে কি কি কৰা উচিত বা সপ্তাহৰ কোন দিনা কি কাম কৰা অনুচিত সেই বিষয়টোক লৈ নিৰ্দিষ্ট কিছু নিয়ম জ্যোতিষ শাস্ত্ৰত আছে। আজি দেওবাৰ। দেওবাৰে কি কি কৰা উচিত, কি কি কৰা অনুচিত সেই বিষয়ে জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে।

জ্যোতিষ শাস্ত্ৰ অনুসৰি যিসকল ব্যক্তিয়ে সূৰ্যদেৱতাৰ আশীৰ্বাদ লাভ কৰে তেওঁলোকৰ জীৱনত প্ৰচুৰ উন্নতি হয়। জ্যোতিষ অনুসৰি দেওবাৰ হৈছে সূৰ্যৰ দিন। এই দিনটোত কেইবাটাও বিশেষ কাম কৰিলে সূৰ্যৰ কৃপাদৃষ্টি লাভ কৰিব পাৰিব। দেওবাৰে যদি এই কামসমূহ কৰে তেন্তে আপোনাৰ ওপৰত ৰুষ্ট হ’ব সৌৰজগতৰ ৰজা সূৰ্য। সূৰ্যৰ ৰোষত পৰিলে জীৱনত নানান সমস্যাাই দেখা দিব পাকে। দেওবাৰে এই বিশেষ ৪টা কাম নকৰিব।

দেওবাৰে নিমখ নাখাব
জ্যোতিষ সকলৰ মতে দেওবাৰে নিমখ খোৱাটো অনুচিত। কিন্তু কিয় দেওবাৰে নিমখ খাব নালাগে? জ্যোতিষ শাস্ত্ৰ অনুসৰি দেওবাৰে নিমখ খালে স্বাস্থ্যৰ ওপৰত বিৰুপ প্ৰভাৱ পৰে। ইয়াৰোপৰি নিমখৰ অশুভ প্ৰভাৱে সকলো কামতে বাধাৰো সৃষ্টি কৰে। দেওবাৰে সুৰ্যাস্তৰ আগতেই নিশাৰ খাদ্যগ্ৰহণ কৰা বাচনসমূহ ধুই থব লাগে। অন্যথা আপুনি ব্যৰ্থতাৰ সন্মুখীন হ’ব।

দেওবাৰে মদ মাংস আদি খাব নালাগে
দেওবাৰ ছুটিৰ দিন বুলি বহুতেই দুুপৰীয়াৰ আহাৰত মাছ মাংসৰ আয়োজন কৰে। বন্ধুসকলৰ সৈতেও দেওবাৰৰ দিনটোত বহুতে মদ্যপান কৰে। কিন্তু দেওবাৰে এই দুটা কামেই অশুভ বুলি জনাইছে জ্যোতিষশাস্ত্ৰবিদসকলে। এইসমূহ নিয়ম নামানিলে সূৰ্য দুৰ্বল হয় লগতে নিগেটিভ এনাৰ্জিয়ে বিস্তাৰ সাধন কৰে। ইয়াৰ ফলত সূৰ্যৰ অশুভ প্ৰভাৱত সম্পদ আৰু সম্পত্তিৰ ক্ষতি হয়। নানান অসুখেও গা কৰি উঠে।

দেওবাৰে এইকেইটা ৰঙৰ পোছাক পৰিধান নকৰিব
দেওবাৰে নীলা আৰু বাদামী ৰঙৰ পোছাক পৰিধান কৰাটো অশুভ। দেওবাৰে চুলি কটোৱাও অনুচিত বুলি জ্যোতিষ শাস্ত্ৰই দাবী কৰে।

দেওবাৰে এই সামগ্ৰীসমূহ বিক্ৰি নকৰিব
জ্যোতিষবিদৰ পৰামৰ্শ অনুসৰি দেওবাৰে তামৰ কোনো সামগ্ৰীয়ে বিক্ৰি কৰিব নালাগে। ইয়াৰোপৰি সূৰ্যৰ সৈতে সম্পৰ্কিত কোনো সামগ্ৰী ভুলতো দেওবাৰে বিক্ৰি নকৰিব। দেওবাৰে উত্তৰ পশ্চিম বা উত্তৰ পূব দিশত যাত্ৰা কৰাটোও অনুচিত। দেওবাৰে ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে ঘি সেৱন কৰিহে ওলাব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *