দিনে পাঁচবাৰকৈ পূজা আৰম্ভ হৈছে জ্ঞানবাপীৰ তেহখানাত, দিনৰ কোন কোন সময়ত কৰা হ’ব পূজা অৰ্চনা

দিনে পাঁচবাৰকৈ পূজা আৰম্ভ হৈছে জ্ঞানবাপীৰ তেহখানাত, দিনৰ কোন কোন সময়ত কৰা হ’ব পূজা অৰ্চনা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- অযোধ্যাৰ ৰামমন্দিৰত উদ্বোধনৰ কেইটামান দিনৰ পাছতেই বাৰাণসীৰ জ্ঞানবাপী মছজিদত আৰম্ভ হৈছে পাঁচ দফীয়া পূজা অৰ্চনা। মছজিদৰ এটা ছিল কৰা তেহখানাক লৈ বহু দিন ধৰি হিন্দু আৰু মুছলমান দুই পক্ষৰ মাজত বিবাদ চলি আছিল। চলিত সপ্তাহৰ বুধবাৰে বাৰাণসীৰ জিলা আদালতে সেই তহখানাত পুজা কৰাৰ অনুমতি দিছে। জিলা আদালতৰ ন্যায়াধীশ অজয়কুমাৰ বিশ্বেসৰৰ সেই নিৰ্দেশ মানি বৃহস্পতিবাৰে বিয়লি জিলা প্রশাসনৰ উদ্যোগত আৰম্ভ হৈছে আৰতি আৰু পুজাপাঠ। সেই পুজাৰ ছবি আৰু ভিডিঅ’ প্ৰকাশো হৈছে।

ন্যায়াধীশ বিশ্বেসৰৰ নিৰ্দেশ আছিল যে এক সপ্তাহৰ ভিতৰত বেৰিকেড এৰোৱাই ‘ব্যাস কা তেহখানাক’ক পুজাৰ বাবে প্ৰস্তুত কৰি তোলা। এই নিৰ্দেশৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই প্রশাসনিক তৎপৰতা আৰম্ভ হৈছে। সূত্ৰৰ খবৰ অনুসৰি আগন্তুক ৬ফেব্ৰুৱাৰী(মঙলবাৰে) সাধাৰণ ভক্তৰ বাবে খুলি দিয়া হ’ব পাৰে ভূগৰ্ভস্ত সেই বিশেষ কক্ষটো। জিলা প্রশাসনে জনোৱা অনুসৰি দৈনিক পাঁচ দফা আৰতি-পূজাপাঠ হ’ব জ্ঞানবাপীৰ তেহখানাত।

পুৱতি নিশা ৩বজাত মঙ্গলা, দুপৰীয়া ১২টাত ভোগ, বিয়লী ৪বজাত অপৰাহ্ৰ, সন্ধিয়া ৭বজাত সন্ধ্যাকাল আৰু নিশা প্ৰায় চাৰে ১০ বজাত শয়ন। জিলা প্ৰশাসনৰ তত্ত্বাবধানত জ্ঞানবাপী কাশী বিশ্বনাথ মন্দিৰৰ পুৰোহিতেই বৃহস্পতিবাৰে আৰতি আৰু পূজাৰ্চনা কৰিছে। দুটা তেহখানাৰ মাজৰ এটাতহে হিন্দুৰ প্ৰৱেশৰ অনুমতি দিছে বাৰাণসী জিলা আদালতে। জ্ঞানবাপী মছজিদ আৰু কাশী বিশ্বনাথ মন্দিৰৰ বিখ্যাত নন্দীমূৰ্তিৰ মাত্ৰ ২০ ফুট দূৰত আছে ‘ব্যাস কা তেহখানা’।

ভূগৰ্ভস্থ কক্ষতো দেৱদেৱীৰ মূৰ্তি আছে বুলি হিন্দু পক্ষই দাবী কৰি আহিছে। কিন্তু সেই স্থানত হিন্দুক পুজাপাঠৰ অনুমতি অৱশ্যে দিয়া নাই বাৰাণসী জিলা আদালতে। বিশেষভাৱে ছিল কৰি ৰখা ওজুখানাতো পূজা-পাতল কৰাৰ অনুমতি দিয়া হোৱা নাই। ২০২২ চনৰ পৰা আদালতৰ নিৰ্দেশত মছজিদৰ ওজুখানা অংশটো ছিল কৰি ৰখা হৈছে। ‘স্বয়ম্ভূ জ্যোতিৰ্লিংগ ভগৱান বিশ্বেশ্বৰ’ নামেৰে পৰিচিত সেই অংশটোতেই প্ৰাচীন শিৱলিংগ লাভ কৰিছে বুলি দাবী হিন্দুপক্ষৰ। মছজিদ কমিটিৰ দাবী, সেয়া একেবাৰেই মিছা। কিন্তু কোন সঁচা কোন মিছা সেই বিচাৰ এতিয়া আদালতেহে কৰিব। ইয়াৰ মাজতেই, সোমবাৰে হিন্দুসকলৰ তৰফৰ পৰা ছুপ্ৰিম কৰ্টত আৱেদন কৰা হৈছিল যে, সেই শিৱলিংগৰ বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা হওক আৰু য’ত সেই শিৱলিংগটো পোৱা গৈছে তাতেই প্ৰত্নখননৰ অনুমতি দিয়া হওক।

হিন্দুুপক্ষৰ এই দাবীৰ বিপৰীয়ে মুছলমান পক্ষৰ দাবী, মছজিদ চত্বৰৰ সমীক্ষামতে, ১৯৯১ চনৰ ধৰ্মীয় উপাসনাস্থল ৰক্ষা আইনৰ পৰিপন্থী। নন্দীমূৰ্তিৰ কেইবা ফুট দূৰৰ পৰা আৰম্ভ হৈছে জ্ঞানবাপী মছজিদৰ পৰিসৰ। মাজতেই আছে অস্থায়ী ধাতৱ বেৰ। সূত্ৰৰ খবৰ অনুসৰি মছজিদৰ মূল গেট ব্যৱহাৰ নকৰি হিন্দু ভক্তসকলৰ বাবে সেই বেৰ এৰুৱাই ‘ব্যাস কা তেহখানালৈ’ যোৱাৰ ব্যৱস্থা কৰা হ’ব পাৰে। জ্ঞানবাপী মছজিদত ‘বৈজ্ঞানিক সমীক্ষা’ৰ যি ৰিপৰ্ট ভাৰতীয় পুৰাতত্ত্ব( আৰ্কিয়লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া বা এএছআইয়ে) জমা দিছে তাৰ ভিত্তিত আদালতে বুধবাৰে ৰায় দিছে। অঞ্জুমান ইন্তেজামিয়া(জ্ঞানবাপী) মছজিদ কমিটিৰ তৰফৰ পৰা আগন্তুক বৃহস্পতিবাৰ( ৮ফেব্ৰুৱাৰী)ত চেলেঞ্জ জনাই এলাহবাদ হাই কৰ্টত আৱেদন জনাব পাৰে মছজিদ কমিটিয়ে।

মছজিদ কমিটিৰ অধিবক্তা মুমতাজ আহমেদে কয়, বাৰাণসী আদালতৰ ৰায়ক আমি হাইকৰ্টত চেলেঞ্জ জনাম।’ হিন্দুপক্ষৰ দাবী, ‘ব্যাস কা তেহখানা’ত দীৰ্ঘ দিন ধৰি ব্যাস পুৰোহিত বংশৰ দখলত আছিল। তেওঁলোকে এসময়ত তাত বসবাসো কৰিছিল। শৈলেন্দ্ৰকুমাৰ পাঠক ব্যাস নামেৰে সেই বংশৰ পুৰোহিতে আদালতত জনাই, ১৯৯৩ চনলৈকে তেওঁ তাত পূজা-অৰ্চনা কৰিছিল। ১৯৯২ চনৰ ৬ ডিচেম্বৰত বাবৰি মছজিদ ধ্বংসৰ পাছতেই উত্তেজনা কমাবলৈ উত্তৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়েম সিংহ যাদৱৰ চৰকাৰে এই স্থানত পূজা পাতল কৰাটো বন্ধ কৰি দিছিল। তেতিয়া তাৰ পুৰোহিত আছিল সোমনাথ ব্যাস। শৈলেন্দ্ৰ সোমনাথৰ উত্তৰাধিকাৰী হিচাপে আকৌ পূজা কৰাৰ অনুমতি বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল। জিলাশাসকক সেই তেহখানাৰ ৰিছিভাৰ হিচাপে নিয়োগ কৰাৰ বাবে আৱেদনো কৰা হৈছিল। জ্ঞানবাপীত পুজা কৰাৰ অনুমতি বিচাৰি স্থানীয় পাঁচগৰাকী হিন্দু মহিলাৰ তৰফৰ পৰা আদালতত পৃথক আৰ্জি জনোৱা হৈছিল। অৱশেষত আদালতে ব্যাস কা তেহখানাত পূজা কৰাৰ অনুমতি প্ৰদান কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *