৪০ বছৰ পূৰ্বে অহা সেই টিভি জগতৰ প্ৰথনখন ধাৰাবাহিক, প্ৰথমটো খণ্ডতেই হৈছিল এনে…

৪০ বছৰ পূৰ্বে অহা সেই টিভি জগতৰ প্ৰথনখন ধাৰাবাহিক, প্ৰথমটো খণ্ডতেই হৈছিল এনে…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

৪০ বছৰ পূৰ্বে অহা সেই টিভি জগতৰ প্ৰথনখন ধাৰাবাহিক, প্ৰথমটো খণ্ডতেই হৈছিল এনে…

বৰ্তমান সময়ত হিন্দী কিম্বা অসমীয়া হওক, ধাৰাবিকৰ সীমা সংখ্যা নাই। যিটো চেনেলেই লগোৱা হয় টিভিত সেই চেনেল টোতেই যেন ধাৰাবাহিকৰ লানি নিচিগা শাৰী। ঘণ্টাৰ পাছত ঘণ্টা ধৰি বহি থাকিয়েই এখনৰ পাছত সিখন ধাৰাবাহিকৰ সোৱাদ ল’ব পৰাকৈ আজিৰ সময় আহি পৰিছে।

দৰ্শকৰ সংখ্যা যিদৰে বাঢ়ি গৈছে, তেনেদৰে ধাৰাবাহিকৰ সংখ্যাও দিনে দিনে বাঢ়ি গৈছে। ধাৰাবাহিকৰ মানদণ্ডও আজিকালি ইখনতকৈ সিখন চৰা। টি আৰ পিৰ পাছত দৌৰা সকলো ধাৰাবাহিকতেই দেখা পোৱা যায় চিনেমা সদৃশ বাহুল্যতা।

অৱশ্য পূৰ্বৰ ৯০ দশকৰ দৰে আজিৰ ধাৰাবাহিকে দৰ্শকৰ মনত গভীৰ চাপ বহুৱাবলৈ সক্ষম নহয়। পূৰ্বে দিয়া সেই নগন্য সংখ্যক ধাৰাবাহিকে আজিয়ো কোনোবাখিনিত দৰ্শকৰ মন আগুৰি আছে।

পাছে আপুনি জানেনে টিভি জগতৰ প্ৰথমখন ধাৰাবাহিক কি আছিল আৰু কোনটো চেনেল যোগে সপ্ৰচাৰিত হৈছিল!

সেয়া আছিল ১৯৮৪ চনৰ কথা। ৭ জুলাই তাৰিখে দূৰদৰ্শন যোগে সম্প্ৰচাৰিত হৈছিল ‘হাম লোগ’ নামেৰে টিভি জগতৰ প্ৰথমখন ধাৰাবাহিক।

১৫৬ টা খণ্ড থকা সেই ধাৰাবাহিকখন এটা মধ্যবিত্ত যৌথ পৰিয়ালৰ কাহিনী আছিল। যি সময়ত ধাৰাবাহিক খন সম্প্ৰচাৰিত হৈছিল সেই সময়ত দেশৰো অধিক লোক মধ্যবিত্ত হোৱাৰ লগতে যৌথ পৰিয়ালত বাস কৰিছিল।

যাৰ বাবে ধাৰাবাহিকখন উপভোগ কৰা প্ৰতিগৰাকী দৰ্শকৰে আপোন আপোন লাগিছিল কাহিনীভাগ। যাৰেই ঘৰত টিভি আছিল আৰু এই ধাৰাবাহিকখন দিয়াৰ সময় হৈছিল সেই ঘৰখনত ভিৰ লাগি গৈছিল মানুহৰ।

সুন্দৰ অভিনয়, সুন্দৰ কাহিনীভাগ, তাতে আৰু সোণতে সুৱগা চৰাইছিল বোলছবি জগতৰ ছুপাৰষ্টাৰ অশোক কুমাৰৰ কথক হিচাপে কৰা কাম। প্ৰথমটো খণ্ডতেই দৰ্শকক একেবাৰে মোহিত কৰি পেলাইছিল।

এই ‘হাম লোগ’ নামৰ ধাৰাবাহিক খনৰ সফলতাৰ পাছতে টিভি জগতলৈ আহিছিল ৰামায়ণ, মহাভাৰত, জয় হনুমান, শক্তিমান আদি।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *