আকৌ মহামাৰী! কৰ’নাতকৈ ৭ গুণ বেছি প্ৰাণঘাতী হৈ উঠিব পাৰে ‘ডিজিজ এক্স’

আকৌ মহামাৰী! কৰ’নাতকৈ ৭ গুণ বেছি প্ৰাণঘাতী হৈ উঠিব পাৰে ‘ডিজিজ এক্স’

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- এতিয়াও কভিডৰ আতংক মানুহৰ মনৰ পৰা এতিয়াও দূৰ হোৱা নাই। এই আতংক ক্ষাম নাকাটোতেই নতুন ভাইৰাছৰ সন্ধান পাইছে চিকিৎসকে। কভিডতকৈয়ো মাৰাত্মক এবিধ ভাইৰাছৰ সন্ধান পাইছে চিকিৎসকে। কৰ’নাতকৈ দুগুণ ভয়ানক এই ভাইৰাছ। কভিডতকৈয়ো বেছি প্ৰাণঘাতী এই ভাইৰাছ। এইবাৰ নতুন ভাইৰাছক লৈ সতৰ্কতা জাৰি কৰিছে ব্ৰিটেইনৰ স্বাস্থ্য দফতৰে।

কভিডতকৈয়ো বেছি মাৰাত্মক এই ভাইৰাছৰ নাম দিছে ‘ডিজিজ এক্স’। বিশ্ব স্বাস্থ্য সংস্থাৰ ৰিপৰ্ট অনুসৰি সমগ্ৰ বিশ্বত প্ৰায় ৭০ লাখ মানুহে কভিডত প্ৰাণ হেৰুৱাইছে। ব্ৰিটেইনৰ ভেকছিন টাস্ক ফৰ্ছৰ প্ৰধান ডেম কেট বিংহামে জনোৱা অনুসৰি সমগ্ৰ বিশ্ব আকৌ এবাৰ মহামাৰীৰ সন্মুখীন হ’ব। নতুন মহামাৰীত প্ৰাণ হেৰুৱাব পাৰে ৫ কোটিৰো অধিক লোকে।
কৰ’নাৰ বাবে সমগ্ৰ বিশ্বত আতংক যেনেদৰে বিয়পি পৰিছিল এই নতুন ভাইৰাছে ইয়াতকৈয়ো বেছি আতংকময় পৰিবেশৰ সৃষ্টি কৰিব বুলি আগজাননী দিছে বিজ্ঞানীয়ে। কভিডতকৈ ৭ গুণ বেছি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব ‘ডিজিছ এক্স’য়ে।

বিশ্ব স্বাস্ত্য সংস্থাৰ মতে, ‘ডিজিজ এক্স’ৰ অৰ্থ হৈছে এই ভাইৰাছে মহামাৰীৰ ৰূপে পৃথিৱীৰ প্ৰত্যেক লোকৰ মাজতেই বিয়পি পৰিব পাৰে। এই নতুন ৰোগৰ পৰা মানুহৰ কি ক্ষতি হ’ব পাৰে সেই কথা এতিয়াও জনোৱা নাই বিশ্ব স্বাস্থ্য সংস্থাই। উল্লেখ্য যে বিজ্ঞানীয়ে এতিয়ালৈকে ২৫ টা বিশেষ ভাইৰাছৰ গোটৰ ওপৰত পৰ্যবেক্ষণ চলাইছে। এইকেইটা গোটৰ প্ৰতিটোৰেই আছে হাজাৰ হাজাৰ পৃথক ভাইৰাছ। ইয়াৰ মাজৰে যিকোনো এটাই মহামাৰীৰ ৰূপ ল’ব পাৰে। ব্ৰিটেইনৰ বিজ্ঞানীয়ে ইতিমধ্যেই এই অজ্ঞাত ভাইৰাছ ডিজিজ এক্সৰ বাবে টিকা তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে।

ৱাইল্টশ্বায়াৰৰ হাই ছিকিউৰিটি পোৰ্টন ডাউন লেবৰটৰী কমপ্লেক্সত এই ভাইৰাছৰ টিকা প্ৰস্তুতকৰণৰ গৱেষণাত ২০০তকৈয়ো অধিক বিজ্ঞানী জড়িত হৈ পৰিছে। এই বিজ্ঞানীৰ দলটোৱে মূলত এনিমেল ভাইৰাছ অৰ্থাৎ যি ভাইৰাছে পশুৰ শৰীৰৰ পৰা মানুহৰ শৰীৰলৈ বিয়পি পৰি মহামাৰীৰ সৃষ্টি কৰা সকলোবোৰ ভাইৰাছৰ ওপৰত বিতংভাৱে অধ্যয়ন কৰি আছে। এইসমূহৰ ভিতৰত বিজ্ঞানীৰ দলটোৱে গৱেষণা চলোৱা প্রধান কেইটামান ভাইৰাছ হৈছে বাৰ্ড ফ্লু, মাংকী ভাইৰাছ, হাণ্টা ভাইৰাছ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *