জন্মৰ প্ৰমাণপত্ৰ হিচাপে আধাৰ গ্ৰহণযোগ্য নহয়! ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

জন্মৰ প্ৰমাণপত্ৰ হিচাপে আধাৰ গ্ৰহণযোগ্য নহয়! ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জন্মৰ প্ৰমাণপত্ৰ বা জন্ম তাৰিখৰ প্ৰমাণৰ নথি হিচাপে আৰু আধাৰ কাৰ্ড গ্ৰহণযোগ্য নহ’ব। এই বিজ্ঞাপ্তি দাঙি ধৰিছে UIDAIয়ে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে জনোৱা অনুসৰি আধাৰ নম্বৰক কোনো ব্যক্তিৰ পৰিচয়পত্ৰ হিচাপে গ্ৰহণ কৰা হ’ব পাৰে কিন্তু জন্ম তাৰিখৰ প্ৰমাণপত্ৰ হিচাপে এই নথি গ্ৰহণ কৰা নহ’ব।

সম্প্ৰতি EPFOত আধাৰ কাৰ্ডক জন্মৰ প্ৰমাণপত্ৰ হিচাপে ব্যৱহাৰ কৰাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছিল। EPFOত বহুলোকে নিজৰ জন্মৰ প্ৰমাণপত্ৰ হিচাপে আধাৰ কাৰ্ড জমা দিছে। বিভিন্ন বেংকৰ KYC জমা দিয়াৰ ক্ষেত্ৰতো আধাৰকাৰ্ডকেই জন্মৰ প্ৰমাণপত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। আনকি পাছপৰ্টৰ ক্ষেত্ৰতো বহুতেই আধাৰকেই জন্মৰ প্ৰমাণপত্ৰ হিচাপে গ্ৰহণ কৰা হৈছে।

বিভিন্ন ক্ষেত্ৰত আধাৰক জন্মৰ প্ৰমাণপত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ এই প্ৰৱণতা বন্ধ কৰিবলৈ আহ্বান জনাইছে তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে। আধাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা EPFOক দিয়া জাননী অনুসৰি আধাৰ কাৰ্ড বা আধাৰ নম্বৰক যাতে কোনো ব্যক্তিৰ জন্মৰ প্ৰমাণপত্ৰ বা জন্ম তাৰিখৰ প্ৰমাণপত্ৰ হিচাপে ব্যৱহাৰ নকৰে। কেৱল ব্যক্তিৰ পৰিচয়পত্ৰ হিচাপেহে আধাৰ কাৰ্ডক ব্যৱহাৰ কৰিব বুলিও জাননী প্ৰেৰণ কৰিছে তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে। বেংক বা বিভিন্ন আৰ্থিক প্ৰতিষ্ঠানকো এই সন্দৰ্ভত তথ্য মন্ত্ৰণালয়ে নিৰ্দেশনা প্ৰেৰণ কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ বৰ্তমান অধিকাংশ চৰকাৰী কামতেই আধাৰ কাৰ্ড বাধ্যতামূলক কৰি দিয়া হৈছিল। কিন্তু এইবাৰ তথ্য মন্ত্ৰণালয়ে জন্মৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত সিদ্ধান্ত সলনি কৰিছে। UIDAI আধাৰৰ বাবে দিয়া ব্যক্তিৰ জন্ম তাৰিখৰ ক্ষেত্ৰত বহুতৰেই জালিয়াতি আছে। আধাৰ কৰ্তৃপক্ষই জনোৱামতে কোনো ব্যক্তিয়ে জমা দিয়া নথিৰ ভিত্তিতেই জন্ম তাৰিখৰ উল্লেখ কৰা হয়। কিন্তু সেই ব্যক্তিয়ে জন্ম তাৰিখৰ প্ৰকৃত তথ্য দিছেনে নাই তাৰ গেৰাণ্টি আধাৰ কৰ্তৃপক্ষই দিব নোৱাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *