Elon Muskৰ ছিক্ৰেট যমজ সন্তানৰ চৰ্চা! পত্নী এই সন্তানৰ মাতৃ নহয়, যমজ সন্তানদ্বয়ৰ মাতৃ কোন?

Elon Muskৰ ছিক্ৰেট যমজ সন্তানৰ চৰ্চা! পত্নী এই সন্তানৰ মাতৃ নহয়, যমজ সন্তানদ্বয়ৰ মাতৃ কোন?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- টুইটাৰক এক্স লৈ ৰূপান্তৰ কৰাৰ পাছতেই চৰ্চাত আছে এলন মাস্ক৷ এক্সত এটাৰ পাছত আনটো সালসলনি৷ এইবাৰ কিন্তু এক্সতকৈয়ো আন এক বিষয়কলৈহে চৰ্চা হৈছে এলনৰ৷ এখন বিশেষ ফটো৷ ফটোখনক লৈ প্ৰায় প্ৰত্যেক ইউজাৰকাৰীয়ে নিজা নিজা মন্তব্য দাঙি ধৰিছে৷ এলন এইবাৰ যমজ সন্তানৰ পিতৃ হ’ল৷

এলন মাস্কক দেখা গ’ল যমজ সন্তানৰ সৈতে
সামাজিক মাধ্যমত এখন ফটো খুবেই ভাইৰেল হৈ আছে৷ ভাইৰেল ফটোখনত এলন মাস্কৰ কোলাত দেখা গৈছে এহাল যমজ সন্তান৷ যমজ সন্তান দুটিৰ বয়স খুব সম্ভৱ ১৬ মাহ৷ যমজ সন্তানেই নহয় এলনৰ কাষত আছে এগৰাকী সুন্দৰী যুৱতীও৷ সুন্দৰী যুৱতীগৰাকীৰ নাম শিৱান জিলিছ৷

এলনৰ আত্মজীৱনী লিখি থকা লেখক ৱাল্ডাৰ ইছাকচনে পোনতে এই ছবি সামাজিক মাধ্যমত পষ্ট কৰিছিল৷ এই ফটোখনৰ সৈতে তেওঁ কিছু তথ্যও শ্বেয়াৰ কৰিছে৷ ইছাকচনে লিখিছে, ‘এই ফটোখন তোলাৰ সময়ত এই যমজ শিশুদ্বয়ৰ বয়স আছিল ১৬ মাহ৷ সেই সময়ত মাস্ক টেক্সাছৰ অষ্টিনত জিলিছৰ ঘৰত আছিল৷’ উল্লেখ্য যে এই সন্তানদ্বয়ৰ পিতৃ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই লেখক ইছাকচনে৷ কিন্তু তেওঁ জনোৱা তথ্যমতে শিৱান জিলিছে ২০২১ চনত আইভিএফৰ জৰিয়তে মাতৃ হৈছে৷

কেইগৰাকী সন্তান আছে এলন মাস্কৰ?
এলন মাস্কৰ পূৰ্বৰ ৭ টা সন্তান আছে৷ কিন্তু এই দুই যমজ সন্তান যদি এলনৰ নিজা তেন্তে এলন বৰ্তমানলৈ ৯ টা সন্তানৰ পিতৃ হৈছে৷ মাস্কৰ পূৰ্বৰ পত্নী জাষ্টিন বিলছনৰ তৰফৰ পৰা ৫টা সন্তান আছে এলনৰ৷ আনহাতে তেঁওৰ প্ৰেয়সী কানাডিয়ান সংগীতজ্ঞ গ্ৰাইমছৰ পৰা দুটা সন্তান আছে এলন মাস্কৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *