৪৮ ঘণ্টাত পাতিব ৪০০ কোটি টকীয়া কথা! ভাৰতবাসীক চমক দিবলৈকে ভাৰতলৈ আহি আছে এলন মাস্ক

৪৮ ঘণ্টাত পাতিব ৪০০ কোটি টকীয়া কথা! ভাৰতবাসীক চমক দিবলৈকে ভাৰতলৈ আহি আছে এলন মাস্ক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- দেশলৈ আহি আছে এলন মাস্ক। ভাৰতত ৪৮ ঘণ্টা থাকিব এলন মাস্ক। এই ৪৮ঘণ্টাৰ ভিতৰতেই ডাঙৰ কোনো বিনিয়োগৰ ঘোষণা কৰিব পাৰে মাস্কে বুলি বহুতেই ধাৰণা কৰিছে। টেছলা আৰু ষ্টাৰলিংকক লৈ আলোচনা কৰিবলৈকে ভাৰতলৈ আহিছে বুলিও একাংশ সূত্ৰই প্ৰকাশ কৰিছে।

ইয়াৰ মাজতেই ষ্টাৰলিংকক লৈ বিগত দিনত প্ৰচুৰ চৰ্চা চলিছে। আন্তৰ্জাতিক বজাৰত এই পৰিসেৱা ইতিমধ্যেই আৰম্ভ হৈছে। ভাৰততো ষ্টাৰলিংক আৰম্ভ হ’ব বুলি একাংশই চৰ্চা চলাইছে। আগন্তুক ২১ এপ্ৰিল আৰু ২২ এপ্ৰিলত ভাৰতত থাকিব এলন মাস্ক। চৰকাৰী কৰ্মচাৰী আৰু অন্যান্য উদ্যোগী কেইগৰাকীমানৰ সৈতে বাৰ্তালাপত মিলিত হ’ব মাস্ক। মাস্কে লগ ধৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো।

১০ এপ্ৰিলত এক্স প্লেটফৰ্মত মোদীৰ সৈতে লগ ধৰাৰ ইচ্ছা থকা বুলি প্ৰকাশ কৰিছিল মাস্কে। তেওঁ পোষ্ট কৰিছিল, ‘ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে লগ কৰিম বুলি অপেক্ষাত আছো।’ সংবাদ সংস্থাৰ সূত্ৰমতে, ভাৰতত ২০০ৰ পৰা ৩০০ কোটি টকাৰ ব্য়ৱসায়ৰ শুভাৰম্ভ কৰি যাব পাৰে টেছলাৰ স্বত্ত্বাধিকাৰীয়ে।

একাংশৰ মতে এলন মাস্কৰ কোম্পানী টেছলাই ভাৰতত ইলেক্ট্ৰিক বাহন বিক্ৰি আৰম্ভ কৰিব পাৰে। কেৱল ভাৰতত উৎপাদন কৰাই নহয়, ভাৰতৰ পৰা এই ইলেক্ট্ৰিক বাহন বিশ্বৰ কেইবাখনো দেশলৈ ৰপ্তানীও হ’ব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ নতুন ইভি নীতিৰ সৈতে সামঞ্জস্য বৰ্তাই ৰাখি ভাৰতত ইভি বজাৰ আৰম্ভ কৰিবলৈ আগ্ৰহী এলন মাস্ক।

ইয়াৰ বাবে আমদানি কৰ ১০০ শতাংশৰ পৰা কমাই ১৫শতাংশ কৰিছে চৰকাৰে। টেছলাই ভাৰতত কমপক্ষেও ৪১৮ কোটি টকা বিনিয়োগ কৰিব পাৰে। ভাৰততেই এটা কাৰখানাও স্থাপন কৰিব পাৰে তেওঁ। নতুন ইভি পলিছি মানি বাহনৰ উৎপাদন বঢ়োৱাৰ পৰিকল্পনা আছে মাস্কৰ।

ইয়াৰোপৰি ষ্টাৰ লিংকক লৈয়ো মাস্কৰ আছে কেইবাটাও পৰিকল্পনা। কৃত্রিম উপগ্ৰহৰ মাধ্যমেৰে বিশ্বৰ প্ৰান্তীয় এলেকাসমূহত ইণ্টাৰনেট পঠিওৱাৰ ব্যৱস্থা কৰিব ষ্টাৰলিংকে। এই সুবিধা যদি ভাৰতত আৰম্ভ হয় তেন্তে গ্ৰাম্যাঞ্চলৰ বহু লোকেই উপকৃত হ’ব। ভাৰতৰ লাখ লাখ স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে এই পৰিসেৱাৰ সুবিধা লাভ কৰিব। কিন্তু বৰ্তমানলৈকে চৰকাৰৰ পৰা অনুমতি লাভ কৰা নাই মাস্কে।

উল্লেখ্য যে মাস্কৰ ভাৰত ভ্ৰমণে ষ্টাৰলিংক আৰু টেছলাক লৈ ভাল বাৰ্তা দেশবাসীক দি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *