সলনি হ’ব মানৱ ব্ৰেইন! ছমাহৰ ভিতৰতেই মানৱ মস্কিষ্কত লগোৱা হ’ব কম্পিউটাৰ চিপ…

সলনি হ’ব মানৱ ব্ৰেইন! ছমাহৰ ভিতৰতেই মানৱ মস্কিষ্কত লগোৱা হ’ব কম্পিউটাৰ চিপ…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: মঙল গ্ৰহলৈ মানুহ পঠিওৱাৰ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰিক গাড়ীলৈ সকলো বিপ্লৱ, বিজ্ঞানৰ একাধিক আৱিষ্কাৰৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এলন মাস্ক। মাটিৰ তলেৰে টানেলযোগে যোগাযোগ ব্যৱস্থা ক্ষেত্ৰতো বিশেষ উন্নীতকৰণৰ বাবেও কাম কৰি আছে মাৰ্কিন ধনকুবেৰগৰাকীয়ে। সম্প্ৰতি টুইটাৰ কিনি শিৰোনাম দখল কৰা এলনে মানৱ সভ্যতাৰ ইতিহাসত নতুন অধ্যায় সংযোগ কৰাৰ বাবেও মন মেলিছে। এলনে শেহতীয়াকৈ প্ৰকাশ কৰা অনুযায়ী মানুহৰ মস্তিষ্কত বিশেষ চিপ বহুৱাৰো কাম আৰম্ভ কৰিছে এলনৰ সংস্থাই।

যি চিপ মানৱ মস্তিষ্কত দিয়া হ’ব সেই চিপৰ সৈতে কম্পিউটাৰ সংযোগ থাকিব। আগন্তুক ৬ মাহৰ ভিতৰত মানৱ মস্তিষ্কত বিশেষ চিপ লগোৱাৰ কাম আৰম্ভ কৰিছে সংস্থাটোৱে। মাস্কৰ দাবী এই প্ৰযুক্তিত সফল হ’লে মানুহ আৰু শক্তিশালী হৈ উঠিব। মাস্কৰ বিশেষ সংস্থা Neuralink-য়ে এই কাম কৰা আৰম্ভ কৰিছে। এই খবৰ ভাইৰেল হোৱাৰ পাছতেই বহুতৰে মত যে এই প্ৰযুক্তিত মাস্ক সফল হ’লে সলনি হ’ব মানৱ সভ্যতাৰ ইতিহাস। এই প্ৰডাক্টৰ বাবে মাৰ্কিন নিয়ামক সংস্থাৰ ওচৰত আবেদনো দাখিল কৰিছে মাস্কৰ নিউৰলিংকে। এই অনুমোদন পাছ হ’লেই ব্যৱহাৰিক দিশত কামকাজ আৰম্ভ হ’ব বুলিও জনাইছে সংস্থাটোৱে।

কেনেকৈ এই প্ৰযুক্তিয়ে কাম কৰিব?

এলন মাস্কে জনোৱা অনসৰি, এক সুৰক্ষিত প্ৰডাক্ট তৈয়াৰ কৰা সহজ কথা নহয়। যিহেতু ব্ৰেইনৰ সৈতে এই চিপ সংযোগ কৰা হ’ব। এলনে এক উদাহৰণ দাঙি ধৰি দেখুওৱাই যে কেনেকৈ নিউৰলিংক চিপ মস্তিষ্কত সোমোৱাই দিয়া হ’ব। কম্পিউটাৰৰ কী বৰ্ড স্পৰ্শ নকৰিলেও মস্তিষ্কই ভাবিলেই অট টাইপিং হ’ব। এলনে প্ৰকাশ কৰা মতে এই ডিভাইছৰ আৰু আপগ্ৰেড কৰা হ’ব।

উল্লেখ্য যে মস্কিষ্কৰ চিপ তৈয়াৰ কৰাৰ কামতেই বিজ্ঞানীসকল জড়িত হৈ আছে এনে নহয়। এলনে প্ৰকাশ কৰা মতে মানুহৰ স্নায়ু দুৰ্বল হৈ গৈছে সেয়ে মেৰুদণ্ডটো চিপ লগোৱাব পৰাৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িছে বিজ্ঞানী। এই কাৰ্যত সফল হ’লেই স্নায়ু দুৰ্বল মানুহে এই প্ৰযুক্তিৰ জৰিয়তে উপকৃত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *