চন্দ্ৰযান-৩য়ে পথ দেখুৱাইছে! আপুনি কেতিয়াবা যদি চন্দ্ৰলৈ যায় তেন্তে জানি থওক দূৰত্ব আৰু সময়ৰ হিচাপ

চন্দ্ৰযান-৩য়ে পথ দেখুৱাইছে! আপুনি কেতিয়াবা যদি চন্দ্ৰলৈ যায় তেন্তে জানি থওক দূৰত্ব আৰু সময়ৰ হিচাপ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জোনবাইৰ দেশলৈ এতিয়া ৰিং এটাৰহে বাট। সৰুৰে পৰাই আইতাৰ মুখত শুনি অহা সাধুকথাৰ জোনবাইৰ বুকুত এতিয়া ভাৰতীয় প্ৰজ্ঞানে অভিযান চলাই আছে। ইছৰোৰ চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত উপস্থিত হৈ অভিযান চলাইছে। ভাৰতৰ এই সফলতাৰ পাছতেই একাংশই আকৌ এতিয়া চন্দ্ৰত মাটি কিনাৰ সপোনো ন’কৈ দেখিবলৈ আৰম্ভ কৰিছে।

চন্দ্ৰত মাটি কিনিব ঠিকেই কিন্তু কেতিয়াবা যদি সঁচাকৈয়ে চন্দ্ৰলৈ যোৱাৰ সুযোগ মিলে তেন্তে কেনেকৈ যাব? চন্দ্ৰলৈ পৃথিৱীৰ পৰা দূৰত্ব কিমান ইত্যাদি বিষয়সমূহ জানিবলৈ আগ্ৰহী হৈ উঠিছে। পৃথিৱী আৰু চন্দ্ৰৰ মাজত দূৰত্ব সম্পৰ্কীয় বিষয়টো নিৰ্ভৰ কৰে ৰকেটৰ গতিৰ ওপৰত। বৰ্তমানলৈকে কেৱল নাছাইহে কম সময়তে চন্দ্ৰত উপস্থিত হোৱাৰ ৰেকৰ্ড গঢ়িছে। নাছাৰ মহাকাশযানখনক চন্দ্ৰ পাবলৈ সময় লাগিছিল ৮ ঘণ্টা ৩৫ মিনিট।

এপল-৮ চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল ৬৯ ঘণ্টা ৮ মিনিটত। অন্য দেশৰ যানতকৈ নাছাৰ যানে সৰ্বাধিক কম সময়ৰ ভিতৰত চন্দ্ৰত উপস্থিত হোৱা বুলি দাবী কৰে নাছাই। উল্লেখ্য যে, পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ গড় দূৰত্ব ২লাখ ৩৮ হাজাৰ ৮৫৫ মাইল বা ৩লাখ ৮৪ হাজাৰ ৪০০ কিঃমিঃ। পৃথিৱীৰ কক্ষপথ যিহেতু সম্পূৰ্ণ গোলাকাৰ নহয় সেয়ে এই দূৰত্ব সঠিককৈ কোৱা সম্ভৱ নহয়।

চন্দ্ৰত উপস্থিত হ’বলৈ কিমান সময় লাগে? এই বিষয়টো সম্পূৰ্ণৰূপে যানখনৰ ওপৰত নিৰ্ভৰশীল। বৰ্তমানলৈকে ১৪০ টা মুন মিছন বিজ্ঞানীয়ে কৰিছে। প্ৰত্যেক মিছনৰেই উদ্দেশ্য বেলেগ বেলেগ। বৰ্তমানলৈকে চলোৱা মিছনৰ ভিতৰত সকলোতকৈ কঠিন মিছন হৈছে এপল-১১। মাত্ৰ ৪দিন ৬ঘণ্টা ৪৫ মিনিটত চন্দ্ৰত উপস্থিত হৈছিল এপল-১১। এপল-১০ সকলোতকৈ দ্ৰুততম মহাকাশযান বুলি বিজ্ঞানীয়ে দাবী কৰি আহিছে। এই যানেই সবাতোকৈ কম সময়ত যাত্ৰীক চন্দ্ৰত উপস্থিত কৰাব পাৰে।

উল্লেখ্য যে বিগত ১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাপ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা মহাকাশলৈ ৰাওনা হৈছিল চন্দ্ৰযান-৩। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল ২৩ আগষ্টত। অৰ্থাৎ অৱতৰণৰ প্ৰায় ৪০ দিন পাছত যানখন চন্দ্ৰপৃষ্ঠত উপস্থিত হয়। ইয়াৰপূৰ্বে ২০১০ চনত চীনৰ ছাঙ ই-২ চন্দ্ৰলৈ ৰাওনা হৈছিল। যানখনে মাত্ৰ ৪ দিনতেই চন্দ্ৰপৃষ্ঠত উপস্থিত হয়। তাৰপিছতেই ছোভিয়েট ইউনিয়নৰ ‘লুনা-১’ ৩৬ ঘণ্টাত চন্দ্ৰত উপস্থিত হয়। যিখন ৰকেটত মহাকাশযানক নিক্ষেপ কৰা হৈছিল সেই ৰকেটৰ শক্তিৰ ওপৰতেই যাত্ৰাৰ সময় নিৰ্ভৰ কৰে। ৰাছিয়াৰ লুনা-২৫ মাত্ৰ ১২-১৩ দিনৰ ভিতৰত চন্দ্ৰত উপস্থিত হ’ব বুলি দাবী কৰিছিল ৰাছিয়ান মহাকাশ সংস্থাটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *