নিজা বাহন সিংহ! নিজা বাহন থকা স্বত্বেও কিয় প্ৰত্যেক বছৰেই দোলা, হাতী, ঘোঁৰা, নৌকাত আহে দেৱী দুৰ্গা?

নিজা বাহন সিংহ! নিজা বাহন থকা স্বত্বেও কিয় প্ৰত্যেক বছৰেই দোলা, হাতী, ঘোঁৰা, নৌকাত আহে দেৱী দুৰ্গা?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- শাস্ত্ৰমতে দেৱী দুৰ্গাৰ বাহন হৈছে সিংহ। কিন্তু কিয় প্ৰত্যেকবাৰেই দুৰ্গা নিজৰ বাহনত অহাৰ সলনি হাতী, ঘোৰা, নৌকা নতুবা দোলাত আহে? নিজা বাহন থাকিও এই চাৰিখন যানেই সাৰথি কিয় দশভূজাৰ? প্ৰত্যেকবাৰেই এই চাৰি বাহনৰ কোনোবা এখনেৰে মৰ্ত্যলৈ আহে দেৱী। এইবাৰো হাতীৰে মৰ্ত্যলৈ আহিছে দেৱী। প্ৰত্যেকবাৰেই কোনখন বাহনত আহিব সেই কথা কেনেকৈ নিৰ্ধাৰণ কৰা হয়?

দেৱীৰ মৰ্ত্যলৈ আগমন ঘৰৰ জীয়াৰী ঘৰলৈ ঘূৰি অহাধৰণৰেই কথা। ঘৰৰ জীয়াৰীক ঘৰলৈ আনিবৰ বাবে যেনেকৈ গাড়ী পঠিওৱা হয় তেনেকৈয়ে দেৱী দুৰ্গাৰ বাবেও ব্যৱস্থা হয়। মৰ্ত্যলৈ আহিবৰ বাবে দেৱীৰ বাবে পঠিওৱা হয় বাহন। সপৰিয়ালে দেৱীক আনিবলৈ এই চাি বাহন পঠিওৱা হয় মৰ্ত্যৰ পৰা। দুৰ্গা ষষ্ঠীত দেৱীবোধন কৰা হয় যদিও প্ৰকৃততে দেৱী সপ্তমী তিথিতহে ধৰালৈ আহে। সপ্তমীৰ পৰাহে প্ৰকৃততে দেৱী আৰাধনা আৰম্ভ হয়। সেয়ে সপ্তমীৰ অৱস্থান চাইহে দেৱী আগমন কেনেকৈ হ’ব সেয়া নিৰ্ধাৰণ কৰা হয়।

শাস্ত্ৰত কোৱা হয়, ‘ৰবি চন্দ্রে গজাৰূঢ়া, ঘোটকে শনি ভৌময়োঃ,
গুৰৌ শুক্রে চ দোলায়াং, নৌকায়াং বুধবাসৰে’

অৰ্থাৎ সপ্তমী দেওবাৰ বা সোমবাৰ হ’লে দেৱীৰ বাহন হয় হাতী। সপ্তমী শনি বা মঙলবাৰে হ’লে দেৱীৰ বাহন হয় ঘোঁৰা। সপ্তমী বৃহস্পতি বা শুকুৰবাৰে হ’লে দেৱীৰ বাহন হয় দোলা বা পাল্কী। আনহাতে দেৱী বুধবাৰে আহিলে দেৱীৰ বাহন হয় নৌকা।

একেদৰে দশমীতো সাপ্তাহিক অৱস্থান চাইহে দেৱী কিহত উভতিব সেয়া ক’ব পাৰি। দশমী শনি বা সোমবাৰে হ’লে দেৱীৰ বাহন হয় হাতী। দশমী শনি বা মঙলবাৰে হ’লে দেৱীয়ে ঘোঁৰাত বিদায় লয়। দশমী বৃহস্পতি বা শুকুৰবাৰে হ’লে দেৱীয়ে দোলাৰে গমন কৰে। দশমী বুধবাৰ হ’লে দেৱীয়ে নৌকাত গমন কৰে। সাধাৰণতে দেৱীৰ অহা-যোৱা এইকেইখন বাহনতে হয়। যদি কোনো বছৰত দেৱীৰ বাহন সাল-সলনি হয় তেন্তে সেই বছৰেই মৰ্ত্যত অপায়-অমঙ্গল হয় বুলি ভক্তসকলে বিভিন্ন সময়ত প্ৰকাশ কৰি আহিছে।

উল্লেখ্য যে এইবাৰ দেৱীৰ আগমন আৰু গমনে মৰ্ত্যলৈ অশুভ ইংগিত কঢ়িয়াইছে নেকি সেই সম্পৰ্কেও চলিছে চৰ্চা। পঞ্জিকামতে হাতী দেৱীৰ শ্ৰেষ্ঠ বাহন। দেৱীৰ আগমন আৰু গমন হাতীত হ’লে মৰ্ত্যত সুখ-শান্তিয়ে বিৰাজ কৰে। পৰিশ্ৰমৰ সুফল পাই মৰ্ত্যবাসীয়ে। অতিবৃষ্টি-অনাবৃষ্টি নহয়। অয়াৰ পৰিবৰ্তে যিমান প্ৰয়োজন সেই পৰিমানেই বৰষুণ হয়। আনহাতে দুৰ্গাই যদি ঘোঁৰাত বিদায় লয় তেন্তে মৰ্ত্যত সামাজিক, ৰাজনৈতিক আৰু সামৰিক অস্থিৰতাই দেখা দিয়ে। ৰাষ্ট্ৰবোৰৰ মাজত যুদ্ধ হোৱাৰ সম্ভাৱনা থাকে। সামাজিক আৰু ৰাজনৈতিক দিশত বিভিন্ন অস্থিৰতাই বিৰাজ কৰে। দেৱীৰ দোলাত আগমন আৰু দোলাতেই গমন ইও মৰ্ত্যবাসীৰ বাবে ভয়াৱহ ইংগিত বহন কৰে। মৰ্ত্যত মহামাৰী, ভুমিকম্প, খৰাং, যুদ্ধ অসংখ্য মানুহৰ মৃত্যু আদি হ’ব পাৰে। ইপিনে নৌকাত গমনে মনোকামনা পূৰ্ণ কৰে। মৰ্ত্য শস্য শ্যামলা হৈ পৰে। কৃষিকাৰ্যও ভাল হয় বুলি শাস্ত্ৰজ্ঞসকলে দাবী কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *