সোমবতী অমাবস্যাত ৰাশি মানি কৰক এই উপায়, দূৰ হ’ব পিতৃদোষ, শিৱৰ কৃপাত বাঢ়িব সুখ-সমৃদ্ধি

সোমবতী অমাবস্যাত ৰাশি মানি কৰক এই উপায়, দূৰ হ’ব পিতৃদোষ, শিৱৰ কৃপাত বাঢ়িব সুখ-সমৃদ্ধি

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-সূৰ্যগ্ৰহণৰ ছায়াত আজি সোমবতী অমাবস্যা। সোমবাৰে অমাবস্যা হোৱাত এই অমাবস্যা সোমবতী অমাবস্যা নামেৰে পৰিচিত। এই তিথিত পবিত্ৰ নদীত স্নান, দান, দীপদান কৰাৰ প্ৰথা অতীজৰে পৰা চলি আহিছে। ইয়াৰোপৰি পূৰ্বপুৰুষত তৃপ্ত কৰা আৰু পিতৃদোষৰ পৰা মুক্তি লাভৰ বাবে এই তিথিত পিতৃ তৰ্পণ আৰু দান কৰাৰো প্ৰথা আছে।

আজিৰ অমাবস্যাত ৰাশি মানি কিছু উপায় কৰিলে একেলগে একাধিক কাৰ্যসিদ্ধি হয়। পিতৃদোষৰ পৰা মুক্তি, সুখ সমৃদ্ধি লাভৰ কামনা কৰি কিছু উপায় কৰিলে মহাদেৱ তুষ্ট হ’ব। এটাকৈ এটাকৈ সমস্ত সমস্যাৰ সমাধান হ’ব। সোমবতী অমাবস্যাত কোন কোন ৰাশিৰ জাতকে কি কি উপায় কৰিব জানি থওক সবিশেষ।

সোমবতী অমাবস্যাত কি কি কৰিব?

  • মেষ ৰাশিৰ জাতকে সোমবতী অমাবস্যাত শিৱলিংগত কেঁচা গাখীৰ আৰু কলা তিল নিবেদন কৰক।
  • বৃষ ৰাশিৰ জাতকে এই দিনটোত শিৱলিংগত জলাভিষেক কৰিলে বেলপাত নিবেদন কৰক।
  • মিথুন ৰাশিৰ জাতকে মৌ দি শিৱলিংগৰ জলাভিষেক কৰক। তাৰ পাছত ভোলানাথাৰ বীজমন্ত্ৰ জপ কৰিব।
  • সোমবতী অমাবস্য়াৰ দিনা কৰ্কট ৰাশিৰ জাতকে শনিৰ পুজা কৰিব লাগে। শনিক সৰ্ষৰ তেল নিবেদন কৰক।
  • সিংহ ৰাশিৰ জাতকে এই তিথিত শিৱলিংগত ঘী নিবেদন কৰক।
  • কন্যা ৰাশিৰ জাতকে আজি অশ্বত্থ গছত পানী, ফুল নিবেদন কৰক।
  • তুলাৰ জাতকে সুখ-সমৃদ্ধিৰ কামনা কৰি শিৱলিংগত অভিষেক কৰক। দৈয়ো নিবেদন কৰিব পাৰে।
  • বৃশ্চিক জাতকে সোমবতী অমাবস্যাত গংগাজল দি শিৱলিংগৰ অভিষেক কৰক।
  • ধনুৰ জাতকে এই দিনটোত পানীত জাফৰান, গুড়, হালধি আৰু কেঁচা গাখীৰ মিহলাই অভিষেক কৰাৰ পৰামৰ্শ দিয়া হৈছে।
  • মকৰ ৰাশিৰ জাতকে বাধা বিপত্তিৰ পৰা মুক্তি পাবলৈ সোমবতী অমাবস্যাত শিৱলিংগত নাৰিকল নিবেদন কৰক।
  • কুম্ভৰ জাতকে শিৱলিংগত মৌ আৰু ঘী নিবেদন কৰক। এই উপায়েৰে সমস্ত মনোকামনা পূৰণ হ’ব।
  • মীন ৰাশিৰ জাতকে এই তিথিত গাখীৰ গংগাজল, জাফৰান মিহলাই অভিষেক কৰিলে সমস্ত দোষ আৰু দুষ্প্ৰভাৱৰ পৰা মুক্তি পাব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *