আপোনাৰ শুভ্ৰ কামিজটো শুভ্ৰ হৈয়ে আছেনে? আদৰ্শৰ কথা কৈ বহুত হাতচাপৰি বুটলিলে, সামাজিক মাধ্যমৰ সমালোচনাক আওকাণ কৰি গেৰুৱা বসন পিন্ধিলে দিপাংক নাথে

আপোনাৰ শুভ্ৰ কামিজটো শুভ্ৰ হৈয়ে আছেনে? আদৰ্শৰ কথা কৈ বহুত হাতচাপৰি বুটলিলে, সামাজিক মাধ্যমৰ সমালোচনাক আওকাণ কৰি গেৰুৱা বসন পিন্ধিলে দিপাংক নাথে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- গেৰুৱা বসনৰ টান, আছু ত্যাগৰ পাছতেই দীপাংক নাথ ক’লৈ যাব সেই প্ৰশ্ন বাৰুকৈয়ে উত্থাপিত হৈ আছিল। সকলোবোৰ প্ৰশ্নৰ উত্তৰ অৱশেষত বাজপেয়ী ভৱনৰ পৰা দিলে প্ৰাক্তন আছু নেতা দিপাংক নাথয়ে। বিজেপি দলত যোগদান কৰিয়েই তেওঁ প্ৰথমটো ভাষণত কয়, ‘প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পদক্ষেপ আৰু কাম অধ্যয়ন কৰি মই বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত ললো। ভবেশ কলিতাই যি দায়িত্ব দিয়ে সেয়া পালন কৰিম। সন্থাত থাকোতে বহু দাবী কৰিছিলোঁ, যি দাবীৰ বহুকেইটা দাবী ৰাজ্য চৰকাৰে পূৰণ কৰিছে। সমষ্টি পুন নিৰ্ধাৰণ কৰি, সংবিধানিক ৰক্ষাকৱচৰ দাবীও পূৰণ কৰিলে। মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক মেধাৰ ভিত্তিত নিযুক্তি দিছে এই চৰকাৰে। সেয়ে সকলো পাহৰি মই বিজেপি দলত যোগদান কৰিলো। এয়া নতুন যাত্ৰা। দলৰ কথা বতৰা শিকিব লাগিব। সংগঠন কৰি থকা সময়ত কিছুমান প্ৰতিবাদ কৰিছিলো বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু সমস্যা সমাধান কৰিছে। এইখন চৰকাৰে নিৰ্যাতিতসকলক যথেষ্ট সহায়ো কৰিছে।’

ইফালে দিপাংক নাথে বিজেপিত যোগদান কৰাৰ কথা প্ৰচাৰ হোৱাৰ পাছতেই সামাজিক মাধ্যমত তেওঁৰেই একালৰ সতীৰ্থসকলে চোকা সমালোচনাও কৰিছে। তেওঁৰ সৈতে সংগঠন কৰা এগৰাকী যুৱকে সামাজিক মাধ্যমত লিখিছে, ‘দীপাংক দা, কি ক’ম৷ আমি সৰু মানুহ। আপোনালোকৰ দৰে নেতাৰ কথাত ক’ত যে আন্দোলন কৰিলো। দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিলো। ক’তবাৰ যে পুৱাতে আইৰ হাতৰ ভাত কেইটা খাই আহি ন্যায় বিচাৰি দিনটো ঠিয় হৈ থাকিলো । কিমান যে শতৰু গোটালো । আপোনাৰ কথা শুনিবলৈ বুলি কিমান দুৰলৈকে যে গ’লো। আপুনি খোৱাত সচেতন৷ চিঙৰা, ফিকাচাহ খাই আপুনি বেয়া পাই৷ খৰখেদাকৈ আপোনাৰ পচন্দৰ কাজুকে ধৰি ড্ৰাই ফ্ৰুইট আনিছিলোগৈ৷

নামবোৰ নাজানো৷ হাতত ধন নাছিল। আই’ৰ পেঞ্চনৰ টকাৰে কিনি আনিছিলো। আই’ক অৱশ্যে কাজু খোৱাব মই পৰাই নাই। আজি ভাবিছো কাৰোবাৰ পৰা ধন কেইটামান ধাৰে ল’ম৷ আইলৈ বুলি কাজুও কিনিম৷ আমাক যে উচতাই পথ বন্ধ কৰাইছিল। পথত জ্বলি থকা টায়াৰৰ কলা ধোঁৱাত আমাৰ পোছাকযোৰ কলা হৈ পৰিছিল। অ’, আপোনাৰ শুভ্ৰ কামিজটো শুভ্ৰ হৈয়ে আছেনে? আদৰ্শৰ কথা কৈ যে সৰু সৰু ল’ৰাবোৰৰ পৰা হাত চাপৰি বুটলিছিল৷ ফুলাম গামোছাবোৰ পাৰিলে ঘুৰাই দিব ৷ আপোনালোকৰ কথাত যে চেম্‌, দীপাঞ্জলহঁত একেবাৰে হেৰাই গ’ল। কেনেকৈ আপুনি ইমান ঠগ হব পাৰিলে, হেজাৰ হেজাৰ জনতাৰ আগত কেনেকৈ মিছা মাতিব পাৰে৷ আস্‌ ,ইমান অভিনয়৷ পাৰিলে আকৌ বগা কামিজ আপুনি নিপিন্ধিব।’

Tags:

Tags:

One thought on “আপোনাৰ শুভ্ৰ কামিজটো শুভ্ৰ হৈয়ে আছেনে? আদৰ্শৰ কথা কৈ বহুত হাতচাপৰি বুটলিলে, সামাজিক মাধ্যমৰ সমালোচনাক আওকাণ কৰি গেৰুৱা বসন পিন্ধিলে দিপাংক নাথে

  1. আমি কিছুমান কথাৰ পৰা নিজক মুক্ত কৰিব নোৱাৰাকৈ মন মগজুত বহুৱাই লৈছো । কাৰোবাৰ বিৰুদ্ধে আন্দোলন কৰিছো মানে সমগ্ৰ জীৱন তেওঁলোকক শত্ৰুজ্ঞানেই কৰি যাম বা ইটোৰ পিছত সিটো ইচ্ছু উলিয়াই আন্দোলনেই কৰি যাম সেয়া জানো হ’ব পাৰে ? যি কাৰণত আন্দোলন কৰিছিলো সেই কাৰণবোৰ যদি সমাধান হোৱা দেখো তেন্তে তেওঁলোকক ধন্যবাদ নিদিলে হ’ব জানো ? দীপাংকই আগবঢ়োৱা যুক্তিবোৰ বিশ্বাসযোগ্য । এইখন চৰকাৰে অভাৱনীয় বহু কাম কৰিছে যিবোৰ স্বীকাৰ কৰিবলৈ দীপাংক নাথৰ দৰে সৎ সাহস লাগিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *