ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডত জড়িত আন এজন ছাত্ৰনেতাক গ্ৰেপ্তাৰ…

ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডত জড়িত আন এজন ছাত্ৰনেতাক গ্ৰেপ্তাৰ…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং গোচৰত গ্ৰেপ্তাৰ হ’ল আন এজন ছাত্ৰ নেতা। ৰেগিং কাণ্ডৰ লগত জড়িত থকা ছাত্ৰ নেতা শুভ্ৰজিত বৰুৱাক গ্ৰেপ্তাৰ। ডিব্ৰুগড় জিলাৰ টিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰিছে শুভ্ৰজিত বৰুৱাক।

গোপন সূত্ৰৰ পম খেদি মৰাণৰ সমীপৰ পৰা শুভ্ৰজিতক আটক কৰিছে আৰক্ষীয়ে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাৰ ৰেগিং কাণ্ডত শুভ্ৰজিতৰ নাম জড়িত হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল শুভ্ৰজিৎ। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বহিষ্কাৰ কৰাসকলৰ ভিতৰৰ এজন শুভ্ৰজিৎ বৰুৱা।

উল্লেখ্য যে, ৰেগিঙৰ গোচৰত জড়িত থকাৰ অভিযোগত ইতিমধ্যেই বিশ্ববিদ্যালয়খনৰ মুঠ ২২ গৰাকী শিক্ষাৰ্থীক বহিষ্কাৰ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *