প্ৰেমৰ চলনাৰে বিয়া, তাৰপিছত যৌতুক দাবী, অৱশেষত কাঢ়িলে প্ৰা*! স্বামীগৃহত উদ্ধাৰ দেৱলীনাৰ নশ্বৰ দেহ

প্ৰেমৰ চলনাৰে বিয়া, তাৰপিছত যৌতুক দাবী, অৱশেষত কাঢ়িলে প্ৰা*! স্বামীগৃহত উদ্ধাৰ দেৱলীনাৰ নশ্বৰ দেহ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-  পংখী হত্যাৰ কথাবোৰ চৰ্চা হৈ থাকোতেই এইবাৰ আকৌ ঢকুৱাখানাত বোৱাৰী হত্যাৰ ঘটনা৷ এইবাৰৰ কাৰণ অৱশ্যে পৰকীয়া প্ৰেম নহয়৷ এইবাৰ পত্নীৰ পৰিয়ালৰ পৰা ৫ লাখ নিদিয়াৰ বাবেই বোৱাৰীক হত্যা কৰিলে ঢকুৱাখানাৰ এটা পৰিয়ালে৷ ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত নাৰায়নপুৰ চাপৰি গাঁওৰ মৃদুল বৰুৱাৰ পুত্ৰ পৱন বৰুৱাৰ  সৈতে বিবাহ পাশত আবদ্ধ হৈছিল  সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত  কেঁকুৰী কছাৰী  গাঁওৰ প্ৰদীপ সোনোৱালৰ  ১৮ বছৰীয়া কন্যা দেৱলীনা সোণোৱালৰ।

ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ ছাত্ৰী গৰাকীক প্ৰেমৰ জালত বন্দী কৰি চতুৰ যুৱক পৱন বৰুৱাই পলুৱাই প্ৰায় ৩ মাহ মানৰ পূৰ্বে বিয়া কৰাইছিল দেৱলীনাক ।  ১৮ বছৰীয়া দেৱলীনাক বিয়া পাতি নিয়াৰ কিছুদিনৰ পাছৰে পৰাই বোৱাৰীগৰাকীৰ ওপৰত  অবৰ্ণনীয়  শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱা আৰম্ভ কৰে পৱনৰ পৰিয়ালে।  এই কথা দেৱলীনাই পৰিয়ালৰ লোকক অৱগত কৰিছিল । নগদ ধন, যৌতুক আৰু ঘৰত ব্যৱহার্য সামগ্ৰী বিচাৰি অকথ্য নিৰ্যাতন চলোৱাৰ পৰৱৰ্তী সময়ত বহুবাৰ নব বিবাহিতা পত্নীক মাতৃ গৃহলৈ যাবলৈ বাধ্যও কৰাইছিল।

বিয়াৰ তিনি মাহ পূৰ নৌহওতেই এনে শাৰীৰিক নিৰ্যাতনৰ বলি হৈ  স্বামীগৃহত  দুৰ্বিসহ জীৱন কটাইছিল৷ মঙলবাৰে বিয়লি সংঘটিত হয় চূড়ান্ত ঘটনা। ঘৰত কোনো নথকা অৱস্থাত দেৱলীনা সোণোৱালৰ মৃতদেহ উদ্ধাৰ হয় । জানিব পৰা মতে বোৱাৰী গৰাকীয়ে আত্মহনন কৰে স্বামী গৃহত। ঘৰত কোনো নথকা অৱস্থাত বোৱাৰী গৰাকীয়ে ঘৰৰ এখন চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰে বুলি প্ৰত্যক্ষদৰ্শী আত্মীয়ই পিতৃ পৰিয়ালক জানিবলৈ দিয়ে । কিন্তু ৰহস্যজনক ভাবে বোৱাৰী গৰাকীৰ পিতৃ পৰিয়াল ঘটনা স্থলীত উপস্থিত হোৱাৰ সময়ত দেৱলীনাৰ মৃতদেহ ঘৰৰ মজিয়াতহে পৰি থকা দেখা পাই ।

কোনে কিয় কি কৌশলেৰে বোৱাৰী গৰাকীক চিপ লোৱা অৱস্থাৰ পৰা নমাই দিলে সেয়াও সন্দেহৰ আৱৰ্তত। এই সন্দৰ্ভত পিতৃ পৰিয়ালে দেৱলীনাক হত্যা কৰা হৈছে বুলি দাবী কৰিছে৷ দেৱলীনাৰ শৰীৰত অকথ্য নিৰ্যাতনৰ চিন স্পষ্টৰূপত দেখা গৈছে বুলিও জনাইছে দেৱলীনাৰ পিতৃ পৰিয়ালে৷ দেৱলীনাৰ ওপৰত চলোৱা অত্যাচাৰৰ বাবে এখন এজাহাৰ দাখিল কৰিছে দেৱলীনাৰ পিতৃ পৰিয়ালে৷ পিতৃ পৰিয়ালে জনোৱা অনুসৰি হত্যাকাৰী পৱন বৰাই কিছুদিন পূৰ্বে দেৱলীনাৰ মাতৃক ফোন কৰি ৫ লাখ টকা দাবী কৰিছিল৷ এই দাবীকৃত ধন নিদিয়াক বাবেই দেৱলীনাৰ মোবাইল ভাঙি দিয়াৰ ওপৰিও দেৱলীনাক মাৰপিট কৰি নিশা খজুৱা তিনিআলিত এৰি থৈ আহিছিল৷ অৱশেষত দেৱলীনাৰ প্ৰাণো কাঢ়ি ললে পৱনৰ পৰিয়ালে বুলি সংবাদমাধ্যমৰ আগত ব্যক্ত কৰিছে দেৱলীনাৰ পিতৃয়ে৷

পিতৃৰ এজাহাৰৰ পাছতেই ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুলদ্বীপ গগৈয়ে এই সন্দৰ্ভত অভিযান চলাই ঘৰৰ সমীপৰ পৰা হত্যাকাৰী স্বামী পৱন বৰুৱাক আটক কৰিবলৈ সক্ষম হয়। সম্প্ৰতি  পত্নীহন্তা পৱন বৰুৱা আৰু বোৱাৰী গৰাকীৰ নশ্বৰ দেহ ঢকুৱাখনা আৰক্ষীৰ জিম্মাত আছে । চলনা কৰি অবৈধ বিবাহ সম্পন্ন কৰি পাছত আকৌ হত্যা কৰা এই বৰ্বৰ কাণ্ডত জড়িতক দৃষ্টান্তমুলক শাস্তি বিহাৰ দাবী উথাপিত কৰিছে এতিয়া সচেতন মহলে৷

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *