কভিছিল্ড লৈ আতংকিত হৈ আছে? এই ৫ টা ঘৰুৱা পদ্ধতিৰে বৃদ্ধি কৰক ৰোগ প্ৰতিৰোধ ক্ষমতা

কভিছিল্ড লৈ আতংকিত হৈ আছে? এই ৫ টা ঘৰুৱা পদ্ধতিৰে বৃদ্ধি কৰক ৰোগ প্ৰতিৰোধ ক্ষমতা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জীৱনশৈলীৰ বাবেই শৰীৰ কেতিয়াবা ৰোগাগ্ৰস্থ হৈ পৰে৷ ইয়াৰ বাবে দায়ী পৰিবেশো৷ আমাৰ শৰীৰত বিভিন্ন বিষাক্ত পদাৰ্থৰ সৃষ্টি হয় যিসমূহ উপযুক্ত সময়ত আঁতৰাই নিদিলেই আমাৰ শৰীৰক বিভিন্ন ৰোগে আক্ৰমণ কৰে৷ ইয়াৰোপৰি মানসিক স্বাস্থ্যও শৰীৰৰ সৈতে বহুধৰণে যুক্ত হৈ থাকে৷ মানসিক অৱস্থাইয়ো শৰীৰত ৰোগ সৃষ্টিকাৰী বাহক হৈ উঠিব পাৰে৷ শৰীৰক সুস্থ কৰি ৰাখিবলৈকে আমি কেইটামান উপায় ঘৰুৱাভাৱেও ল’ব পাৰো৷

ডিটক্সিফিকেশনৰ সহায় লওক

ডিটক্সিফিকেশন হৈছে আপোনাৰ শৰীৰৰ পৰা বৰ্জিত বিষাক্ত পদাৰ্থ আঁতৰোৱা প্ৰক্ৰিয়া। স্বাস্থ্যৰ বাবে বহু দিশত উপকাৰী। ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে ছালখনক সজীৱ কৰি তোলাৰ লগতে মানসিক স্বাস্থ্যৰ উন্নতিতো সহায় কৰে। শৰীৰলৈ ভাৰসাম্য ঘূৰাই আনে আৰু শৰীৰক সঠিকভাৱে কাম কৰাত সহায় কৰে।

ডিটক্সিঙৰ উপকাৰিতা কি কি?

  • শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে
  • ওজন কমোৱাত সহায় কৰে
  • শৰীৰক পৰ্যাপ্ত শক্তি যোগান ধৰে
  • ছালখনক উজ্জ্বল কৰি তোলে
  • মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰে
  • অপ্ৰয়োজনীয় খাদ্যৰ লোভ দূৰ কৰাত সহায় কৰে

ডিটক্টিফিকেছন কেনেকৈ কৰিব?

পৰ্যাপ্ত পানী থাওক

আপোনাৰ স্বাস্থ্যজনিত সমস্যা দূৰ কৰাৰ প্ৰধান উপাদান হৈছে পানী৷ নিয়মিতভাৱে পানী খালে শৰীৰত বিষাক্ত কোনো পদাৰ্থ জমা হ’ব নোৱাৰে৷ পানীয়ে কেৱল পিয়াহ দূৰ কৰাই নহয় আপোনাৰ সামগ্ৰীক স্বাস্থ্যৰো উন্নতি সাধন কৰে৷ আপুনি নিজকে সতেজ কৰি ৰাখিবলৈ হ’লে নিয়মিতভাৱে পানী খোৱাৰ অভ্যাগ গঢ়ি তোলক৷

এণ্টিঅক্সিডেণ্ট সমৃদ্ধ খাদ্য খাওক

এণ্টিঅক্সিডেণ্ট সমৃদ্ধ খাদ্যই অতিৰিক্ত বিষাক্ত পদাৰ্থই শৰীৰৰ কোষক কৰা ক্ষতি ৰোধ কৰে৷ এণ্টিঅক্সিডেণ্ট সমৃদ্ধ খাদ্যৰ ভিতৰত আছে জামু, কল, ফল-মূল, বাদাম, শাক পাচলি, গ্ৰীণ টি আদি৷ শৰীৰক সকলো বিষাক্ত পদাৰ্থৰ পৰা ৰক্ষা কৰাৰ ওপৰিও শৰীৰৰ পৰা এণ্টিঅক্সিডেণ্ট আঁতৰোৱাত সহায় কৰে এইসমূহ খাদ্যই৷

চেনী কমাই খাওক

অত্যধিক পৰিমাণৰ চেনী সেৱনে স্বাস্থ্যৰ বহু ক্ষতি কৰে৷ শৰীৰত ৰোগৰ বীজানুৰ কাৰক চেনী৷ পচনতন্ত্ৰৰ বাবে ই অপকাৰী৷ এই পৰিস্থিতিত আপুনি এনে খাদ্য সামগ্ৰী সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগিব৷ বাহিৰা খাদ্য কমাই খোৱা আৰম্ভ কৰিলে শৰীৰ ঠিকে থাকিব৷

পৰ্যাপ্ত টোপনি জৰুৰী

শৰীৰৰ বিষাক্ত পদাৰ্থ কমাবলৈ উপযুক্ত পৰিমাণৰ টোপনিৰ প্ৰয়োজন৷ পৰ্যাপ্ত পৰিমাণে টোপনি হ’লে মগজু আৰু শৰীৰে পুনৰ কাম কৰাৰ ক্ষমতা লাভ কৰে৷ টোপনিয়ে মগজুৰ ক্ষমতা বঢো়ৱাত সহায় কৰে৷

ব্যায়াম কৰক

নিয়মিতভাৱে ব্যায়াম আৰু ধ্যান কৰি আপুনি  স্বাস্থ্যৰ বহু উপকাৰ লাভ কৰিব পাৰে৷ একে সময়তে ব্যাায়ামে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাতো সহায় কৰে৷ দৈনিক ব্যায়াম কৰিলে মানসিকভাৱে আপুনি শক্তিশালী হৈ উঠিব৷ একে সময়তে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হৈ উঠিব৷ যাৰ ফলত ক্ষতিকাৰক বিষাক্ত পদাৰ্থৰ দ্বাৰা হোৱা বিৰুদ্ধে যুঁজিবলৈ শৰীৰক সম্পূৰ্ণৰূপে সাজু কৰে ব্যায়ামে৷

Disclaimer: এই প্ৰতিবেদন কেৱল ইন্টাৰনেটত উপলব্ধ তথ্যৰ উপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবেহে দিয়া হৈছে, Asomlive24 এ এই তথ্যৰ নিশ্চয়তা আৰু সত্যতা প্ৰদানৰ দায়িত্ব গ্ৰহণ নকৰে। 

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *